ETV Bharat / bharat

পথৰ মাজতে কৰ'ণা আক্ৰান্তক চিকিৎসা প্ৰদান চিকিৎসকৰ

author img

By

Published : Apr 29, 2021, 8:05 PM IST

Doctor treats Covid patient on road
বেংগালুৰুত পথৰ মাজতে কৰ'ণা আক্ৰান্তক চিকিৎসা প্ৰদান চিকিৎসকৰ

প্ৰতি দিনে বৃদ্ধি পাইছে ক'ভিড-১৯ মহামাৰীত আক্ৰান্তৰ সংখ্যা । ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে ঠিকেই, কিন্তু চিকিৎসালয়ত বিচনাৰ অভাৱ । বেংগালুৰুৰ ৰাজপথত ক'ভিড ৰোগীৰ হাহাকাৰ । ৰাজপথৰ মাজতে ৰোগীক চিকিৎসা সেৱা আগবঢ়ালে চিকিৎসকে ।

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেনৰ অভাৱত দেশৰ ভিন্ন প্ৰান্তত কৰ'ণা আক্ৰান্তই হাহাকাৰ কৰিবলগীয়া হৈছে । ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ বহু কৰুণ ঘটনাই সংবাদ শীৰ্ষ দখল কৰিছে । এইবাৰ বেংগালুৰুৰ ৰাজপথত পৰিলক্ষিত হৈছে এক পুতৌলগা দৃশ্য । চিকিৎসালয়ত ঠাই নোপোৱা ৰোগীক ৰাজপথতে চিকিৎসা সেৱা আগবঢ়াৱলগীয়া হৈছে চিকিৎসকে ।

৭৬ বছৰীয়া এজন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ পিচতে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে । কিন্তু সেই সময়ত চিকিৎসালয়ত অতিৰিক্ত বিচনা নাছিল । সেয়ে, চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীজনক চিকিৎসালয়ত ভৰ্তি কৰিব নোৱাৰিলে । ইফালে, ৰোগীজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰি অসহায় হৈ পৰে পৰিয়ালটো ।

উপায়হীন হৈ পৰিয়ালৰ লোকে চিকিৎসক বিচাৰি বেংগালুৰুৰ শ্ৰীৰামপুৰা মেট্ৰ' ষ্টেচনৰ সমীপত পথৰ মাজতে এখন এম্বুলেঞ্চ ৰখাবলগীয়া হয় । পিছত ৰাজপথতে চিকিৎসকে ৰোগীজনক প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়ায় ।

উল্লেখ্য যে, বৰ্তমান মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত বিচনাৰ অভাৱ হৈছে । ফলত ৰোগীয়ে চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:পঞ্জাৱত ভয়ংকৰ অগ্নিকাণ্ড: জ্বলি ছাৰখাৰ ১০০ খন বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.