ETV Bharat / bharat

DMK আৰু AIADMK ৰ সৈতে আসন বুজাবুজিত জটিলতা অংশীদাৰৰ

author img

By

Published : Mar 3, 2021, 4:22 PM IST

DMK আৰু AIADMK ৰ সৈতে আসন বুজাবুজিত জটিলতা অংশীদাৰৰ
DMK আৰু AIADMK ৰ সৈতে আসন বুজাবুজিত জটিলতা অংশীদাৰৰ

অমীমাংসিত ভাৱে অন্ত পৰিল ডিএমকেৰ সৈতে চিপিআই আৰু চিপিএমৰ প্ৰথম পৰ্যায়ৰ বৈঠক ৷ বাওঁপন্থী দলকেইটাই ডাবল ডিজিটৰ আসন দাবী কৰিছিল যদিও ডিএমকেই প্ৰত্যাখ্যান জনায় ৷

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : অমীমাংসিত ভাৱে অন্ত পৰিল ডিএমকেৰ সৈতে চিপিআই আৰু চিপিএমৰ প্ৰথম পৰ্যায়ৰ বৈঠক ৷ বাওঁপন্থী দলকেইটাই ডাবল ডিজিটৰ আসন দাবী কৰিছিল যদিও ডিএমকেই প্ৰত্যাখ্যান জনায় ৷

এই মিত্ৰজোঁটত দ্বিতীয় বৃহৎ দল হিচাপে থকা কংগ্ৰেছ দলে যোৱাবাৰ 40 খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু এইবাৰ 35 খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ মন মেলিছে ৷ কিন্তু ডিএমকেই কংগ্ৰেছক 25 খনতকৈ অধিক আসন নিদিয়ে বুলি স্পষ্ট কৰি দিছে ৷

আনহাতে, শাসনাধীষ্ঠ AIADMK মিত্ৰজোঁটৰ মাজতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ পাট্টালী মাক্কাল কাটচি (PMK) ৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰাৰ পাচতে বিজেপি আৰু বিজয়কান্তৰ DMKৰ সৈতে আসন ভাগ বটোৱাৰাত অসুবিধাৰ সন্মুখীন হৈছে AIADMK ৷

সূত্ৰৰ মতে, বিজেপি চৰকাৰে 30 খনতকৈ অধিক আসন দাবী কৰিছে যদিও AIADMK দলে 23 খনতকৈ অধিক আসন বিজেপিক প্ৰদান কৰিব বিচৰা নাই ৷ লগতে বিজয়কান্তৰ DMDK য়েও 20 খনতকৈ অধিক আসন দাবী কৰিছে যদিও AIADMK দলে কেৱল 15 খন আসনতে সীমাবদ্ধ ৰাখিব বিচাৰিছে ৷

লগতে পঢ়ক : কৰ্ণাটকৰ মন্ত্ৰী ৰমেশ জাৰাকিহোলীৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.