ETV Bharat / bharat

RBIএ দেশত পৰ্যায়ক্ৰমে প্ৰণয়ন কৰিব ডিজিটেল কাৰেঞ্চি

author img

By

Published : Jul 23, 2021, 3:45 PM IST

অতিশীঘ্ৰে ভাৰতত প্ৰণয়ন হ’ব Central Bank Digital Currency ৷ ইয়াক ক্ৰিপ্টোকাৰেঞ্চিৰ দৰে অন্যান্য ডিজিটেল সম্পত্তিৰ বিপৰীতে উপস্থাপন কৰা হ’ব ৷

Digital Currency to Soon Become Reality in India: RBI Working on 'Phased Introduction'
RBIএ দেশত পৰ্যায়ক্ৰমে প্ৰণয়ন কৰিব ডিজিটেল কাৰেঞ্চি

নিউজ ডেস্ক, 23 জুলাই : Central Bank Digital Currency প্ৰণয়নৰ দিশে ভাৰতীয় ৰিজাৰ্ভ বেংক ৷ ৰিজাৰ্ভ বেংকে এই ডিজিটেল মূদ্ৰা ব্যৱস্থাটো পৰ্যায়ক্ৰমে প্ৰণয়ন কৰিব বুলি জানিবলৈ দিছে ৰিজাৰ্ভ বংকৰ ডেপুটি গৱৰ্ণৰ টি ৰবি শংকৰে ৷ CBDCক ক্ৰিপ্টোকাৰেঞ্চিৰ (Cryptocurrency) দৰে অন্যান্য ডিজিটেল সম্পত্তিৰ বিপৰীতে উপস্থাপন কৰা হৈছে ৷ প্ৰকৃতাৰ্থত ই ভাৰ্চুৱেল মূদ্ৰাৰ (Virtual Currency) এক আইনগত আৰু বৈধ ৰূপ ৷

চেন্ট্ৰেল বেংক ডিজিটেল মূদ্ৰা (Central Bank Digital Currency)প্ৰকৃততে কি?

চেন্ট্ৰেল বেংক ডিজিটেল মূদ্ৰা (Central Bank Digital Currency) প্ৰকৃততে হ’ল চেন্ট্ৰেল বেংকৰ দ্বাৰা মুকলি কৰা একপ্ৰকাৰ আইনগত টেণ্ডাৰ ৷ ফিয়েট মূদ্ৰাসমূহৰ (Fiat Currency) সৈতে CBDCৰ বৈশিষ্টৰ যথেষ্ট সামঞ্জস্য আছে আৰু লগতে ইয়াক সালসলনিও কৰিব পৰি ৷ যদিও ই এক ডিজিটেল মূদ্ৰা কিন্তু সাম্প্ৰতিক সময়ত প্ৰচলিত ক্ৰিপ্টোকাৰেঞ্চি (Cryptocurrency) যেনে বিটকইন (Bitcoin), এথেৰিয়াম (Ethereum) আদিৰ সৈতে ইয়াৰ পাৰ্থক্য বিচাৰি উলিওৱাটো জৰুৰী ৷

বিটকইন (Bitcoin), এথেৰিয়ামৰ (Ethereum) দৰে ব্যক্তিগত ক্ৰিপ্টোকাৰেঞ্চি (Cryptocurrency) সমূহৰ কোনো আইনগত প্ৰণয়নকৰ্তা নাথাকে আৰু এই সমূহক ধন তথা মূদ্ৰা হিচাপে গণ্য কৰা নহয় কিন্তু CBDC ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷ CBDC চেন্ট্ৰেল বেংকে মুকলি কৰা অন্যান্য মূদ্ৰাসমূহৰ দৰে একে ৷

CBDC সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ অৱস্থান

ৰিজাৰ্ভ বংকৰ (RBI) ডেপুটি গৱৰ্ণৰ টি ৰবি শংকৰে উল্লেখ কৰিছে যে, ৰিজাৰ্ভ বেংকে এই ডিজিটেল মূদ্ৰা ব্যৱস্থাটো সাধাৰণ উদ্দেশ্যেৰে এক বৃহৎ সংখ্যক লোকৰ বাবে প্ৰণয়ন কৰাৰ কথা চিন্তা চৰ্চা কৰিছে ৷ ইয়াৰ বাবে আইনগত কাঠামো গঠন কৰাটোও জৰুৰী ৷ ইয়াৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ (RBI Act) কেইবাটাও আইনগত ধাৰা যেনে ধাৰা 24, 25 আৰু 26ৰ লগতে Coinage Act of 2011 সংশোধন কৰোটো প্ৰয়োজন ৷

Cryptocurrency সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ধাৰণা

এক বিবৃতিযোগে টি ৰবি শংকৰে কৈছে যে, বিটকইন আদিৰ দৰে ক্ৰিপ্টোকাৰেঞ্চিৰ (Cryptocurrency) প্ৰকৃততে ৰিজাৰ্ভৰ বেংকৰ (RBI) মূদ্ৰাৰ ধৰাণাৰ সৈতে সামাঞ্চস্য নাই ৷ এইটোৱেই প্ৰকৃত কাৰণ যাৰ বাবে ৰিজাৰ্ভ বেংকে বিশ্বৰ বিভিন্ন চেন্ট্ৰেল বেংকৰ সৈতে মিলি CBDC ক মূলধাৰাৰ অৰ্থনীতিত অস্থিৰ ক্ৰিপ্টো এছেটৰ (crypto asset) বিকল্প হিচাপে বিবেচনা কৰিছে ৷ ফলত CBDC অৰ্থনীতিত উদ্ভাৱন হ’ব পৰা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰে, যিহেতু ই বজাৰৰ উত্থান পতনৰ দৰে অস্থিৰতাৰ বিষয় নহয় ৷

তেওঁ লগতে কয় যে, Bank of International Settlements এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বৰ প্ৰায় 86 শতাংশ চেন্ট্ৰল বেংকে CBDC সন্দৰ্ভত অধ্যয়ন কৰি আছে ৷ ইয়াৰে 60 শতাংশ চেন্ট্ৰেল বেংকে ইয়াৰ সৈতে পৰীক্ষা চলাইছে ৷ ইয়াৰ বিপৰীতে 14 বেংকে পাইলট পৰীক্ষা পৰ্যালয় আছে ৷

লগতে পঢ়ক- অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৫ বাংলাদেশী নাগৰিকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.