ETV Bharat / bharat

Brij Bhushan case: ব্ৰীজ ভূষণ শৰণ সিঙৰ ভাষ্য বাণীবদ্ধ দিল্লী আৰক্ষীৰ

author img

By

Published : May 12, 2023, 7:28 PM IST

Brij Bhushan case
Brij Bhushan case

ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ অধ্যক্ষ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে ৷ ইতিমধ্যেই 30 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে দিল্লী আৰক্ষীয়ে (Case against WFI chief) ৷

নিউজ ডেস্ক, 12 মে’: মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ (Wrestling Federation of India) অধ্যক্ষ ব্ৰীজ ভূষণ শৰণ সিঙৰ (Brij Bhushan Sharan Singh) ভাষ্য বাণীবদ্ধ কৰে দিল্লী আৰক্ষীয়ে ৷ ব্ৰীজ ভূষণৰ লগতে ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ সহকাৰী সচিব বিনোদ তোমাৰৰো ভাষ্য শুকুৰবাৰে বাণীবদ্ধ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে বিগত মাহত দুখন এজাহাৰ পঞ্জীয়ন কৰিছিল দিল্লী আৰক্ষীয়ে ৷ ইয়াৰে এখন এজাহাৰ এগৰাকী নাবালিকা মল্লযোদ্ধাৰ অভিযোগৰ ভিত্তিত POCSO আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছিল ৷ আনহাতে আনখন এজাহাৰ মহিলা মল্লযোদ্ধাই উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত পঞ্জীয়ন কৰা হৈছিল ৷

পৰৱৰ্তী পৰ্যায়ত ব্ৰীজ ভূষণক আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত যোগদান কৰিবলৈ এখন জাননী প্ৰেৰণ কৰা হৈছিল আৰু দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা অনুসৰি তেওঁক তিনি ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল (Brij Bhushan case) ৷ ব্ৰীজ ভূষণ ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশৰ এগৰাকী সাংসদ ৷ তেওঁক বিশেষ অনুসন্ধানকাৰী দলে সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে ৷

অৱশ্যে তদন্তৰ সময়ত ব্ৰীজ ভূষণ চৰণ সিঙে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ নস্যাৎ কৰাৰ লগতে গোচৰটোত তেওঁৰ নাম ‘মিছাকৈ জড়িত’ কৰোৱা বুলি উল্লেখ কৰিছিল ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি ব্ৰীজ ভূষণ শৰণক তেওঁৰ দাবীৰ সমৰ্থনত প্ৰয়োজনীয় নথি পত্ৰ প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ পুনৰ ব্ৰীজ ভূষণক জেৰা কৰা হ’ব বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে ৷ গোচৰ সন্দৰ্ভত এতিয়ালৈকে 30 জন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে (Case against WFI chief) ৷

গোচৰটোৰ চলিত তদন্তৰ অংশ হিচাবে, দিল্লী আৰক্ষীৰ কেইবাটাও দলক উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক আৰু হাৰিয়ানালৈ বিবৃতি লিপিবদ্ধ কৰিবলৈ আৰু প্ৰমাণ সংগ্ৰহ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু এতিয়ালৈকে, শৰণ সিঙৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা এগৰাকী নাবালিকাৰ বিবৃতিহে দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হৈছে ৷

শীঘ্ৰেই, বাকী ছয়গৰাকী মহিলা মল্লযোদ্ধাৰ বিবৃতিও দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ অৱশ্যে, আৰক্ষীয়ে চিআৰপিচি ধাৰা 161-ৰ অধীনত নাবালকসহ সাতগৰাকী মহিলা অভিযোগকাৰীৰ ভাষ্য লিপিবদ্ধ কৰিছে ৷ উল্লেখ্য যে, গোচটোৰ তদন্তৰ বাবে এখন বিশেষ আদালতে এখন এছআইটি (SIT) গঠন কৰি দিয়ে ৷

লগতে পঢ়ক: Sarita Toshniwal Murder Case : ১৭ মে’ত হ’ব ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.