ETV Bharat / bharat

দিল্লী আৰক্ষীয়ে চিনাক্ত কৰিলে ভুৱা প্ৰচাৰ চলোৱা 46 টা টুইটাৰ একাউণ্ট

author img

By

Published : Jan 9, 2022, 6:54 PM IST

Pakistan tries to spread unrest in India
দিল্লী আৰক্ষীয়ে চিনাক্ত কৰিলে ভুৱা প্ৰচাৰ চলোৱা 46 টা টুইটাৰ একাউণ্ট

ভুৱা ভিডিঅ' প্ৰচাৰ কৰি ভাৰতত ধৰ্মৰ ভিত্তিত বিভেদ অনাৰ চেষ্টা চলাইছে এটা দুষ্টচক্ৰই (Fake anti-Sikh video viral in twitter)। শিখ ধৰ্মৰ বিৰোধী ভিডিঅ' শ্বেয়াৰ কৰা ৪৬ টাকৈ টুইটাৰ একাউণ্ট চিনাক্ত কৰিছে দিল্লী আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : ভাৰতত অশান্তি বিয়পোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত একাংশ দুষ্টচক্ৰই অসৎ পন্থা লোৱা দেখা যায় । এইবাৰ টুইটাৰৰ জৰিয়তে ভাৰতত সাম্প্ৰদায়িক হিংসা সৃষ্টিৰ চেষ্টা (Communal riots in India) কৰিছে তেনে চক্ৰই । শিখ সম্প্ৰদায়ক এইবাৰ লক্ষ্য কৰি লৈছে এই টুইটাৰ ব্যৱহাৰকাৰীয়ে । শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে ৪৬ টাকৈ টুইটাৰ একাউণ্ট চিনাক্ত কৰিছে য'ত এক ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হৈছে ।

শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে এক আলোচনা দেখুওৱা হৈছে ভিডিঅ'টোত (Fake anti-Sikh video viral in twitter)। দিল্লী আৰক্ষীয়ে জনোৱা মতে বাস্তৱত সেই ভিডিঅ'টো চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছত ৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ আছিল । কিন্তু সাম্প্ৰদায়িক হিংসা, শত্ৰুতা বৃদ্ধিৰ দৰে অসৎ চিন্তাৰে সেই ভিডিঅ'টো সলনি কৰা হৈছে ।

নতুনকৈ ভইচ অভাৰ সংযোজন কৰা হৈছে ভিডিঅ'টোত । ইয়াৰ জৰিয়তে দুষ্টচক্ৰই দেখুৱাবলৈ চেষ্টা কৰিছে যে সেই কেবিনেট বৈঠকত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে আলোচনা কৰা হৈছিল ।

প্ৰাৰম্ভিক অনুসন্ধানত সেই ভিডিঅ'টো প্ৰচাৰ কৰা দুটা টুইটাৰ একাউণ্ট চিনাক্ত কৰা হৈছিল । কিন্তু পাছত দেখা গ'ল যে একেটা ভিডিঅ' প্ৰায় ৪৬ টা টুইটাৰ একাউণ্টত একেটা হেচটেগৰ সৈতে শ্বেয়াৰ কৰা হৈছে । আটাইকেইটা একাউণ্ট ২০২১ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত খোলা হৈছিল । লক্ষণীয়ভাৱে অনুসন্ধানত পোহৰলৈ আহিছে যে একাউণ্টবোৰ পাকিস্তানৰ পৰা ব্যৱহৃত এটা ব্ৰাউজাৰৰ পৰা পৰিচালনা কৰা হৈছিল (Pak-operated Twitter handles share fake video)।

ধৰ্মৰ ভিত্তিত বিভিন্ন গোটৰ মাজত বিভেদ বা শত্ৰুতা বৃদ্ধি কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ ধাৰাৰ অধীনত দিল্লী আৰক্ষীৰ বিশেষ কোষে এটা গোচৰ পঞ্জীয়ন কৰিছে । সম্প্ৰতি দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.