Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

author img

By

Published : Jan 8, 2022, 2:03 PM IST

Bulli Bai case
অভিযুক্ত নীৰজ বিষ্ণৈৰ জেৰাত বহু তথ্য প্ৰকাশ ()

বুল্লী বাই এপ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে (Delhi Police investigates Bulli Bai case) । অভিযুক্ত নীৰজ বিষ্ণৈক গ্ৰেপ্তাৰৰ পাছতে বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে । বিষ্ণৈয়ে সুকীয়া পৰিচয় আৰু জনপ্ৰিয় হোৱাৰ স্বাৰ্থত এপটো ব্যৱহাৰ কৰিছিল ।

নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী : দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে । বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈক যোৰহাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ যোৱা হয় । নীৰজ বিষ্ণৈক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে (Delhi Police continues to interrogate Neeraj Bishnoi)। জেৰাৰ সময়ত বহু তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে, নীৰজ বিষ্ণৈৰ উদ্দেশ্য আছিল এক সুকীয় পৰিচয় গঢ়ি তুলি প্ৰচাৰ লাভ কৰা । কাৰ নিৰ্দেশত তেওঁ এই কাৰ্য কৰিছিল, সেই কথা এতিয়ালৈ প্ৰকাশ হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (Delhi Police investigates Bulli Bai case) । লক্ষণীয়ভাৱে পূৰ্বৰ চুল্লী ডিলছৰ গোচৰত বিষ্ণৈ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Bishnoi suspected of involvement in Suli Deals case) । ইতিমধ্যে তেওঁৰ পৰা উদ্ধাৰ কৰা সামগ্ৰীবোৰ স্কেন কৰি আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

আৰক্ষীয়ে দাবী কৰা মতে, বিষ্ণৈৰ জৰিয়তে চুল্লী ডিলছ গোচৰৰ অপৰাধীসকলৰ কাষ চাপিব পাৰিব । ইয়াৰ মাজতে আন এক ৰহস্য ফাদিল হৈছে । দিল্লীৰ দক্ষিণ-পশ্চিম জিলাত এগৰাকী ভুক্তভোগী মহিলা সাংবাদিকে গোচৰ ৰুজু কৰিছিল । সেই সময়ত সাংবাদিকৰ পৰিচয় দি বিষ্ণৈয়ে তদন্তকাৰী চাইবাৰ চেলক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল ।

আনকি নিজকে সাংবাদিক বুলি দাবী কৰি হোৱাটছ এপত ফোন কৰি তদন্তকাৰী দলটোক বিপথে পৰিচালিত কৰিছিল অভিযুক্ত বিষ্ণৈয়ে । চুল্লী ডিলছৰ তদন্তৰ সময়ত পোহৰলৈ আহিছে যে এগৰাকী অভিযোগকাৰীৰ ছবিত অশ্লীল মন্তব্য কৰিছিল । বিষ্ণৈক গ্ৰেপ্তাৰৰ পাছতে দিল্লী আৰক্ষীয়ে উল্লেখ কৰিছে যে গিথুব প্লেটফৰ্মত বুল্লী বাই এপৰ জৰিয়তে শতাধিক মুছলমান মহিলাৰ সন্মান হানি কৰা গোচৰটো সমাধান হৈছে ।

জেৰাৰ সময়ত, দেখা গৈছে যে বিষ্ণৈই পূৰ্বে গিয়ুৰ নামেৰে কেইবাটাও টুইটাৰ একাউণ্ট খুলিছিল । এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে একাউণ্টবোৰ @giyu2002, @giyu007, @giyuu84, @giyu94 আৰু @giyu44 বুলি চিনাক্ত কৰা হৈছে । বিষ্ণৈয়ে নিজকে নেপালৰ বাসিন্দা বুলিও পৰিচয় দিয়াৰ চেষ্টা কৰিছিল ।

আৰক্ষীৰ শীৰ্ষ বিষয়াই জনোৱা মতে বিষ্ণৈয়ে এগৰাকী যুৱতীৰ প্ৰফাইলেৰে ভুৱা একাউণ্ট খুলি বাতৰি প্ৰতিবেদক হিচাপে তদন্তকাৰী সংস্থাক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল । তদুপৰি, তেওঁ বিভিন্ন সাংবাদিকৰ সংস্পৰ্শলৈ আহি ভুল তথ্য যোগান ধৰিছিল । জানিব পৰা মতে, নীৰজৰ পিতৃৰ এখন অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণী থকাৰ লগতে দুগৰাকী ভগ্নী আছে ।

ভূপালত কম্পিউটাৰ বিজ্ঞানৰ অভিযান্ত্ৰিক শিক্ষা লাভ কৰা যোৰহাটৰ বাসিন্দা বিষ্ণৈই হৈছে গোচৰটোত গ্ৰেপ্তাৰ হোৱা চতুৰ্থগৰাকী ব্যক্তি । মুম্বাই আৰক্ষীয়ে আটক কৰা আন তিনিজনৰ ভিতৰত আছে উত্তৰাখণ্ডৰ এগৰাকী ১৯ বছৰীয়া মহিলা, যাক গোচৰটোৰ মূল অভিযুক্ত বুলি কোৱা হৈছে । বুল্লী বাই এপটো যোৱা বছৰৰ নৱেম্বৰত প্ৰস্তুত কৰি ডিচেম্বৰত আপডেট কৰা হৈছিল ।

বিষ্ণৈয়ে জেৰাৰ সময়ত স্বীকাৰ কৰিছে যে তেওঁ গিথুবত বুল্লী বাই এপটো প্ৰস্তুত কৰাৰ লগতে @bullibai_Twitter একাউণ্ট খুলিছিল । টুইটাৰ একাউণ্টটো বিগত ৩১ ডিচেম্বৰত খোলা হৈছিল ।

লগতে পঢ়ক : Bulli Bai App controversy : অসমত গ্ৰেপ্তাৰ মূল খলনায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.