ETV Bharat / bharat

Bomb threat on flight: চলন্ত বিমানত ব’ম ! বিমানবন্দৰলৈ ভাবুকিপূৰ্ণ ইমেইল

author img

By

Published : Oct 14, 2022, 12:41 PM IST

মস্কোৰ পৰা দিল্লী অভিমুখে আহি থকা চলন্ত বিমানত ব’ম থকাৰ ভাবুকিপূৰ্ণ ইমেইল অহাৰ পিছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় (Bomb threat on flight from Moscow)৷ লগে লগে বিমানবন্দৰটোত ( Indira Gandhi International Airport ) হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে নিৰাপত্তাৰক্ষী সংস্থাবোৰক সতৰ্ক কৰি দিয়া হয় ৷

Delhi IGI airport on alert after bomb threat on flight from Moscow
Bomb threat on flight: চলন্ত বিমানত ব’ম! বিমানবন্দৰলৈ ভাবুকিপূৰ্ণ ইমেইল

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ: দিল্লী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হঠাৎ লাগিল হুৱা-দুৱা (Delhi IGI airport on alert after bomb threat)৷ বৃহস্পতিবাৰে নিশা মস্কোৰ পৰা দিল্লী অভিমুখে আহি থকা এখন চলন্ত বিমানত ব’ম থকাৰ ভাবুকিপূৰ্ণ ইমেইল অহাৰ পিছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় (Bomb threat on flight from Moscow)৷

লগে লগে বিমানবন্দৰটোত ( Indira Gandhi International Airport ) হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে নিৰাপত্তাৰক্ষী সংস্থাবোৰক সতৰ্কবাণী প্ৰেৰণ কৰা হয় ৷ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ বিমানবন্দৰটোত নিৰাপত্তা বৃদ্ধি কৰি দিয়াৰ লগতে সকলোকে সচেতন হৈ থাকিবলৈ নিৰ্দেশনা দিয়া হৈছিল (Airport security was beefed up)৷

আৰক্ষীয়ে জনোৱা অনুসৰি মস্কোৰ পৰা আহি থকা এছ ইউ 232 নম্বৰৰ বিমানখন পুৱা 3.20 বজাত দিল্লী বিমানবন্দৰত উপস্থিত হ’ব লাগিছিল ৷ কিন্তু নিশা 11.15 বজাত টাৰ্মিনেল 3 ত অৱতৰণ কৰিবলগীয়া বিমানখনত বোমা থকা বুলি এক ভাবুকিপূৰ্ণ মেইলৰ লগতে বিমান বন্দৰলৈ এটা ফোন আহিছিল ৷

ইয়াৰ পিছতে বিমানখন ৰাণৱেত অৱতৰণ কৰোৱা হৈছিল ৷ জানিব পৰ অনুসৰি বিমানখনত মুঠ 386 গৰাকী যাত্ৰীসহ 16 গৰাকী কৰ্মচাৰী আছিল ৷ বিমানখন অৱতৰণ কৰাৰ লগে লগে যাত্ৰীসকলক নমাই নিৰাপত্তাৰক্ষীয়ে তন্ন তন্নকৈ বিমানখন পৰীক্ষা কৰে ৷ অৱশ্যে সৌভাগ্যৱশতঃ বিমানখনত কোনো ব’ম জাতীয় সামগ্ৰী পোৱা নগ’ল ৷

উল্লেখ্য যে এইয়া প্ৰথমবাৰৰ কাৰণে নহয়, এনেধৰণৰ ঘটনা পূৰ্বে কেইবাবাৰো ঘটি আহিছে ৷ যোৱা 10 ছেপ্টেম্বৰত লণ্ডন অভিমুখী এখন এয়াৰ ইণ্ডিয়া বিমানত বোমা থকাৰ ভাবুকিপূৰ্ণ ফোন আৰু মেছেজ লাভ কৰিছিল বিমানবন্দৰ কৰ্তৃপক্ষই ৷ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই এই বিষয়ে বিভাগক অৱগত কৰাত ততালিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

নিশা 10.30 বজাত কোনো দুৰ্বৃত্তই বিমানবন্দৰ কৰ্তৃপক্ষলৈ ফোন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯.১১ ৰ ঘটনাৰ দৰে এয়াৰ ইণ্ডিয়াৰ বিমানখন বোমাৰে উৰুৱাই দিম বুলি ভাবুকি প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: Congress Presidential Poll : প্ৰচাৰৰ বাবে শনিবাৰে গুৱাহাটীলৈ আহিব শশী থাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.