ETV Bharat / bharat

The Pinnacle School Rape Case : ৩ বছৰীয়া শিশুক ধৰ্ষণৰ ঘটনাৰ নিজাববীয়া গোচৰ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Aug 10, 2023, 8:54 PM IST

The Pinnacle School Rape Case
The Pinnacle School Rape Case

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে দক্ষিণ দিল্লীৰ পিনেকল স্কুলত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দুসপ্তাহৰ ভিতৰত দিল্লী আৰক্ষী আৰু শিক্ষা বিভাগৰ পৰা প্ৰতিবেদন বিচাৰিছে ।

নিউজ ডেস্ক, ১০ আগষ্ট : দিল্লী উচ্চ ন্যায়ালয়ে দক্ষিণ দিল্লীৰ এখন বিদ্যালয়ত এগৰাকী অনাময় কৰ্মীয়ে এগৰাকী তিনি বছৰীয়া শিশুক যৌন নিৰ্যাতন কৰাৰ অভিযোগৰ স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰিছে । উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগৰ লগতে দিল্লী আৰক্ষীক বিষয়টোত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সৌৰভ বেনাৰ্জীৰ এক খণ্ড বিচাৰপীঠে আৰক্ষীক দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ।

ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদে এখন ইংৰাজী বাতৰিকাকতত প্ৰকাশিত বাতৰিৰ প্ৰতিবেদন আদালতৰ সন্মুখত উপস্থাপনৰ পিছতে এই নিৰ্দেশটো আহে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১ ছেপ্টেম্বৰত হ'ব । আদালতে দিল্লী চৰকাৰৰ অধিবক্তা সন্তোষ ত্ৰিপাঠীক স্থিতি প্ৰতিবেদন দাখিল কৰাৰ সময়ত শিশুটিৰ নামৰ সৈতে তেওঁৰ পিতৃ-মাতৃৰ নাম লুকুৱাবলৈ নিৰ্দেশ দিয়ে । আদালতে ভুক্তভোগীৰ পৰিচয় আৰু গোপনীয়তাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিছে ।

আদালতে আদেশটোত লগতে কয় যে তেওঁলোকে এই বিষয়টোত যত্ন ল'ব লাগিব যাতে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (পকছো আইন), ২০১২ৰ ধাৰা ২৩ত সন্নিৱিষ্ট আইনী ব্যৱস্থা অনুসৰি সংবাদ মাধ্যমসমূহে কাম কৰে ।

উল্লেখ্য যে ৩ আগষ্টত হাউজ খাচ আৰক্ষী থানাই ৩৩ বছৰীয়া অভিযুক্ত অৰ্জুন কুমাৰৰ দ্বাৰা ছাত্ৰীগৰাকীৰ যৌন নিৰ্যাতনৰ অভিযোগ লাভ কৰে । অভিযোগ কৰা হৈছিল যে বিদ্যালয়খনত নিযুক্ত অৰ্জুন কুমাৰ নামৰ এজন অনাময় কৰ্মীয়ে প্ৰায় এসপ্তাহ ধৰি শিশুটিক নিৰন্তৰ উৎপীড়ন কৰি আহিছিল । ইয়াৰ পিছত আৰক্ষীয়ে অভিযুক্ত অৰ্জুনক গ্ৰেপ্তাৰ কৰে । তেওঁ শিৱম এনক্লেভ পুৰণি গৌতম বুদ্ধ নগৰৰ বাসিন্দা । আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আইপিচিৰ ৩৭৬ আৰু ৩৭৭ ধাৰাৰ লগতে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ ৬ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে । অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়ক :Article 370 Abrogation Case : অনুচ্ছেদ ৩৭০ কেতিয়াও বাতিল কৰিব নোৱাৰি বুলি কোৱাটো কঠিন; উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.