ETV Bharat / bharat

National Emblem Controversy : ৰাষ্ট্ৰীয় প্ৰতীকৰ 'নতুন সিংহ' সন্দৰ্ভত স্পষ্টীকৰণ নিৰ্মাণ শিল্পীৰ

author img

By

Published : Jul 14, 2022, 7:29 PM IST

"মই এজন শিল্পী । আৰু শিল্পী হিচাবে এটি শিল্পৰ প্রতি যিমানখিনি নিজকে সমৰ্পণ কৰিব লাগে সিমানখিনিয়েই কৰিছোঁ । মই তেনে সকলো স্থানলৈ গৈছোঁ, য'ত এই মূর্তিটো ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা হৈছে । সেয়ে বিৰোধীয়ে যেতিয়া ইয়াৰ সমালোচনা কৰিছে মোৰো মনত আঘাত লাগিছে । কাৰণ মূর্তিটো নিৰ্মাণৰ সময়ত মই কোনো ধৰণৰ অৱহেলা কৰা নাই ।’’

a
a

নিউজ ডেস্ক, ১৪ জুলাই : সম্প্রতি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন সংসদ ভৱনৰ মুধচত উন্মোচন কৰা ৰাষ্ট্ৰীয় প্রতীকটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক (debate continues on national symbol unveiled by Narendra Modi) । বিভিন্ন মহলৰ দাবী, এই নতুন অশোক স্তম্ভৰ সিংহকেইটা অতি হিংস্র ! অথচ সাৰনাথৰ মন্দিৰৰ যি অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক হিচাবে গ্রহণ কৰা হৈছিল, তাৰ সিংহকেইটা অতি শান্ত স্বভাৱৰ । উল্লেখ্য, এই নতুন ৰাষ্ট্ৰীয় প্রতীকটোৰ নক্সা সৃষ্টিৰ নেপথ্যৰ অন্যতম মস্তিষ্ক হৈছে দীননাথ ভার্গৱ (Dinanath Bhargava behind design of new national symbol) ।

ঔৰঙ্গাবাদৰ শিল্পী সুনীল দেওৰে আৰু জয়পুৰৰ লক্ষ্মণ ব্যাসে ৯৫০০ কেজি ওজনৰ ব্রঞ্জেৰে (National Emblem built by 9500 kg bronze) নিৰ্মাণ কৰিছে মূর্তিটো (New National Emblem built by artist Sunil Deor and Laxman Vyas) । সুনীলক উক্ত মূর্তিটো নিৰ্মাণৰ দায়িত্ব দিয়ে চেণ্ট্ৰেল ভিস্তা নিৰ্মাণৰ আবণ্টন পোৱা টাটা প্রজেক্ট লিমিটেডে (Central Vista by Tata Projects)। এই প্রতীক সন্দৰ্ভত বিতর্কৰ মাজতেই এইবাৰ আত্মপক্ষ সমৰ্থনত নামিছে সুনীল । তেওঁ এটি সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত জনাইছে যে তেওঁ পুৰণি স্থাপত্যটিৰ প্রতি সম্পূর্ণ সন্মান জনায়েই নতুন প্রতীকটো নিৰ্মাণ কৰিছে ।

National Emblem Controversy
ৰাষ্ট্ৰীয় প্ৰতীকৰ 'নতুন সিংহ' সন্দৰ্ভত স্পষ্টীকৰণ নিৰ্মাণ শিল্পীৰ

নতুন প্রতীকটো নিৰ্মাণ পূৰ্বে তাৰ ঐতিহাসিক তাৎপর্য সম্পৰ্কেও গবেষণা কৰিছে । সুনীলে লগতে কয়, "মই এজন শিল্পী । আৰু শিল্পী হিচাবে এটি শিল্পৰ প্রতি যিমানখিনি নিজকে সমৰ্পণ কৰিব লাগে সিমানখিনিয়েই কৰিছোঁ । মই তেনে সকলো স্থানলৈ গৈছোঁ, য'ত এই মূর্তিটো ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা হৈছে । সেয়ে বিৰোধীয়ে যেতিয়া ইয়াৰ সমালোচনা কৰিছে মোৰো মনত আঘাত লাগিছে । কাৰণ মূর্তিটো নিৰ্মাণৰ সময়ত মই কোনো ধৰণৰ অৱহেলা কৰা নাই ।’’

আনহাতে, সুনীলে এইটোও দাবী কৰিছে যে মূর্তিটো অন্য ধৰণৰ দেখা যোৱাৰ কাৰণ হৈছে সেইটোৰ ফটো তোলাৰ কৌণিক অৱস্থানৰ বাবে । উক্ত প্রতীকটোৰ ফটো তোলা হৈছে তলৰ ফালৰ পৰা । যাৰ ফলত স্পষ্টকৈ দেখা গৈছে সিংহৰ দাঁতকেইটা । হয়তো সেই কাৰণেই উগ্র দেখা গৈছে সিংহকেইটাক ।

আনহাতে, নক্সা প্ৰস্তুত কৰা দীননাথৰ পত্নীয়েও বুধবাৰে স্পষ্টীকৰণ আগবঢ়াইছে । তেওঁ প্ৰকাশ কৰা মতে, নক্সা প্ৰস্তুত কৰাৰ পূৰ্বে তিনি মাহ ধৰি প্রতিনিয়ত কলকাতা চিৰিয়াখানালৈ গৈছিল দীননাথ । চিৰিয়াখানাত থকা সিংহবোৰক সন্মুখৰ পৰা নিবিড়ভাবে পর্যবেক্ষণ কৰিবলৈয়েই হেনো তেওঁ চিৰিয়াখানালৈ গৈছিল । বুধবাৰে এনেদেৰ জনায় দীননাথৰ পত্নী তথা পৰিয়ালৰ সদস্যসকলে । উত্তৰ প্রদেশৰ সাৰনাথ মন্দিৰৰ প্রাচীন ভাস্কর্য ‘লায়ন কেপিটেল অব অশোক’ৰ ওপৰত ভিত্তি কৰি অশোক স্তম্ভটো নিৰ্মাণ কৰা হৈছিল ।

ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে (jawaharlal Nehru) সংবিধানৰ মূল পাণ্ডুলিপিৰ নক্সা সৃষ্টিৰ দায়িত্ব দিছিল শান্তি নিকেতনৰ কলাভৱনৰ তদানীন্তন অধ্যক্ষ (Former Chairman of Kalavavan of Shanti Niketan) আৰু প্রখ্যাত চিত্রশিল্পী নন্দলাল বসুক (Nandalal Basu designed original manuscript of Constitution) । নন্দলাল বসুৱে অশোক স্তম্ভৰ নক্সা নিৰ্মাণৰ দায়িত্ব দিয়ে দীননাথক । সংবাদ সংস্থা পিটিআইক এই কথা জনাইছে দীননাথৰ পত্নী প্রভা ভার্গৱে । তেওঁ কয়, ‘‘সেই সময়ত মোৰ স্বামী যুৱক আছিল আৰু শান্তি নিকেতনৰ কলাভৱনত অধ্যয়ন কৰি আছিল । গুৰু নন্দলালৰ নির্দেশৰ পিছত মোৰ স্বামীয়ে একেৰাহে তিনি মাহ ধৰি কলকাতাৰ চিৰিয়াখানা পৰিদর্শন কৰে আৰু সিংহবোৰ আদব-কায়দা অতি ওচৰৰ পৰা পর্যবেক্ষণ কৰে ।’’

উল্লেখ্য, দীননাথ ভার্গৱ মধ্য প্রদেশৰ বেতুল চহৰৰ বাসিন্দা আছিল । ২০১৬ চনত ইন্দোৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ । তেওঁৰ পৰিয়ালৰ সদস্যসকলে লগতে জনাইছে যে পুৰণই অশোক স্তম্ভৰ মূল শিল্পকর্মৰ এটি প্রতিকৃতি এতিয়াও তেওঁলোকৰ ওচৰত আছে ।

লগতে পঢ়ক :UNPARLIAMENTARY WORDS : অসংসদীয় শব্দৰ তালিকাত ‘অযোগ্য’, ‘দুর্নীতিগ্রস্ত’, ‘স্বৈৰাচাৰী’, ‘শকুনি’ৰ দৰে শব্দৰ স্থান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.