ETV Bharat / bharat

Cyclone Biparjoy : বিপৰ্যয়ৰ মাজতে ভুজত ৫৪ হাজাৰ লোকক স্থানান্তৰ

author img

By

Published : Jun 16, 2023, 7:47 PM IST

গুজৰাটৰ মন্ত্ৰী ঋষিকেশ পেটেলে শুকুৰবাৰে কয় যে গুজৰাটত ঘূৰ্ণীবতাহ বিপৰ্যয়ে স্থলভাগত আঘাত কৰাৰ পিছত ভুজ চহৰত প্ৰায় ৫৪,০০০ লোকক স্থানান্তৰিত কৰা হৈছে । আনহাতে, ৮০,০০০ বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হৈছে আৰু আঠজন লোক আহত হৈছে ।

Cyclone Biparjoy
Cyclone Biparjoy

নিউজ ডেস্ক, ১৬ জুন : এতিয়ালৈকে নথিভুক্ত আটাইতকৈ দীৰ্ঘসময়ৰ ঘূৰ্ণীবতাহ হিচাপে পৰিগণিত হৈছে বিপৰ্যয় । ৯ দিন ধৰি আৰব সাগৰত প্ৰবল ঘূৰ্ণীৰ সৃষ্টি কৰাৰ পিছত ঘূৰ্ণীবতাহ বিপৰ্যয়ে গুজৰাটৰ কেইবাখনো জিলাত ধ্বংসলীলাৰ সৃষ্টি কৰে ।

গুজৰাটৰ মন্ত্ৰী ঋষিকেশ পেটেলে শুকুৰবাৰে কয় যে গুজৰাটত ঘূৰ্ণীবতাহ বিপৰ্যয়ে স্থলভাগত আঘাত কৰাৰ পিছত ভুজ চহৰত প্ৰায় ৫৪,০০০ লোকক স্থানান্তৰিত কৰা হৈছে । আনহাতে, ৮০,০০০ বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে আঠজন লোক আহত হৈছে ।

ঘূৰ্ণীবতাহ বিপৰ্যয় মোকাবিলাৰ বাবে কচ্ছত দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব দিয়া পেটেলে কয়, "আমি সকলোৰে জীৱন সফলতাৰে ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ । প্ৰায় ৫৪,০০০ লোকক স্থানান্তৰিত কৰা হৈছে । যাৰ ফলত জীৱন ৰক্ষা কৰাত সহায় কৰিছে ।"

উল্লেখ্য, ১৫ জুনত গুজৰাটৰ উপকূলত ঘূৰ্ণীবতাহ বিপৰ্যয়ে স্থলভাগত আঘাত কৰাৰ পিছত অগ্নিনিৰ্বাপক বিভাগৰ এটা দলে কচ্ছ জিলাৰ মাণ্ডৱীৰ দ অঞ্চলৰ পৰা ১৫ জন আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰে । বৃহস্পতিবাৰে বিপৰ্যয়ে স্থলভাগত আঘাত কৰাৰ পূৰ্বে হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় । এই ধুমুহা বৰ্তমান পাকিস্তান-কচ্ছ সীমান্তৰ ওচৰত আছে । আইএমডিৰ পূৰ্বানুমান অনুসৰি এই ধুমুহাই শুকুৰবাৰে দক্ষিণ ৰাজস্থানত প্ৰৱেশ কৰে ।

তীব্ৰ ধুমুহাৰ ফলত কচ্ছৰ নালিয়াত বহু গছ উভালি পৰে আৰু সম্পত্তিও ক্ষতিগ্ৰস্ত হয় । প্ৰতিঘণ্টাত ১১৫-১২০ কিলোমিটাৰতকৈও অধিক বেগত বলা ধুমুহা আৰু ধাৰাসাৰ বৰষুণে গুজৰাটৰ মৰবিত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰে । ইয়াৰ উপৰি গুজৰাটত ২৩ টা পশুধনৰ মৃত্যু হয় । ইফালে হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে কেইবাটাও সাহায্য আৰু উদ্ধাৰকাৰী দল সতৰ্ক হৈ আছে । এই ধুমুহাৰ গতি বৰ্তমান পাকিস্তান-কচ্ছ সীমান্তৰ ওচৰত আছে । আইএমডিৰ পূৰ্বানুমান অনুসৰি এই ধুমুহাই গৈ দক্ষিণ ৰাজস্থানত প্ৰৱেশ কৰিব ।

আনহাতে, ধুমুহাৰ ফলত খহি পৰা অট্টালিকাত আবদ্ধ হৈ থকা এটা পৰিয়ালক অতি কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰা হয় আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় । বিপৰ্যয় ঘূৰ্ণীৰ বাবে শুকুৰবাৰে পুৱা জামনগৰত তীব্ৰ বোগত ধুমুহা বলা আৰম্ভ হয় । চহৰখনৰ ছেটৱাড অঞ্চলত এটা ঘৰৰ এটা অংশ খহি পৰে । খহি পৰা অংশটো ওচৰৰ এটা অট্টালিকাৰ ফালে পৰে । যাৰ ফলত ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পথ বন্ধ হোৱাৰ বাবে তাত থকা লোকসকল তেওঁলোকৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে ।

লগতে পঢ়ক :Cyclone Biparjoy Enters Rajasthan : এইবাৰ ৰাজস্থানত বিপৰ্যয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.