ETV Bharat / bharat

15 ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হ'ব পাৰে CUET-UG ৰ ফলাফল

author img

By

Published : Sep 9, 2022, 12:13 PM IST

Common University Entrance Test
15 ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হ'ব পাৰে CUET-UG ফলাফল

কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ (Common University Entrance Test) ফলাফল ১৫ ছেপ্টেম্বৰৰ ভিতৰত ঘোষণাৰ সম্ভাৱনা ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে শুকুৰবাৰে প্ৰকাশ কৰে এই কথা ৷ বিশ্ববিদ্যালয়সমূহক কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ-ইউজি স্কোৰৰ ওপৰত আধাৰিত ইউ জি নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ পৰামৰ্শ অধ্যক্ষগৰাকীৰ ৷

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ (Common University Entrance Test) ফলাফল ১৫ ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা কৰা হ'ব । বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে শুকুৰবাৰে প্ৰকাশ কৰে এই কথা(University Grants Commission Chairman)৷

উল্লেখ্য যে, কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ প্ৰথম সংস্কৰণৰ স্নাতক নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা জুলাইত আৰম্ভ হৈ 30 আগষ্টত সমাপ্ত হৈছিল । বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষগৰাকীয়ে সদৰী কৰা অনুসৰি, নেশ্যনেল টেষ্টিং এজেন্সিয়ে (National Testing Agency) ১৫ ছেপ্টেম্বৰ অথবা ইয়াৰ পূৰ্বে কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ ফলাফল ঘোষণা কৰাৰ বাবে চেষ্টা কৰিছে ।

তেওঁ বিশ্ববিদ্যালয়সমূহক তেওঁলোকৰ ৱেব পৰ্টেলসমূহত কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ-ইউজি স্কোৰৰ ওপৰত আধাৰিত কৰি ইউ জি নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰস্তুত থাকিবলৈ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক: ধ্বংসাৱশেষৰ মাজত আৱদ্ধ শ্ৰমিকৰ লগত শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.