ETV Bharat / bharat

Thief arrested after 33 years: 33 বছৰ পিছত আৰক্ষীয়ে ধৰিলে এটা চোৰ

author img

By

Published : Jul 24, 2023, 1:22 PM IST

বিহাৰ আৰক্ষীৰ বিভিন্ন কাণ্ড-কাৰখানাই প্ৰায়েই বাতৰিৰ শিৰোনাম হৈ থাকে । কিন্তু এইবাৰ বিহাৰৰ বাক্সাৰ আৰক্ষীয়ে যি কাণ্ড কৰিলে সেয়া সঁচাকৈয়ে আচৰিত । জিলা আৰক্ষীয়ে তিনি দশকৰ পিছত এজন চোৰক গ্ৰেপ্তাৰ কৰে । তেওঁ ১৯৯০ চনৰ পৰা পলাতক হৈ আছিল ।

Thief arrested after 33 years
Thief arrested after 33 years

নিউজ ডেস্ক, ২৪ জুলাই : বিহাৰৰ বাক্সাৰত এখন অপৰাধ সম্পৰ্কীয় বৈঠকত আৰক্ষী অধীক্ষকৰ দ্বাৰা ভৰ্ৎসনাৰ সন্মুখীন হোৱাত অৱশেষত তিনি দশকৰ পিছত এজন চোৰক গ্ৰেপ্তাৰ কৰা হয় । ১৯৯০ চনত কেইবাটাও চুৰিৰ ঘটনা সংঘটিত কৰাৰ পিছত তেওঁ পলাই আছিল । তেওঁৰ বিৰুদ্ধে বহু বছৰ ধৰি এক ৰেড ৱাৰেণ্ট জাৰি কৰা হৈছিল । ঘটনাটো জিলাখনৰ দুমৰাও মহকুমাৰ অন্তৰ্গত কৃষ্ণব্ৰহ্ম আৰক্ষী থানাত সংঘটিত হৈছিল । আৰক্ষীয়ে ৩৩ বছৰৰ পিছত নিজৰ ঘৰৰ পৰায়ে ১৯৯০ চনৰ পৰা পলাতক হৈ থকা চোৰজনক গ্ৰেপ্তাৰ কৰে ।

তথ্য অনুসৰি, কৃষ্ণব্ৰহ্ম আৰক্ষী থানা অঞ্চলৰ ওড়িয়ানগঞ্জৰ বাসিন্দা ঝঞ্জটু ভৰ হৈছে এজন প্ৰখ্যাত চোৰ । তেওঁ অঞ্চলটোত বহুতো চুৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । তেওঁ ১৯৯০ চনৰ পৰা পলাতক হৈ আছিল । আদালতে তেওঁৰ বিৰুদ্ধে ৰেড ৱাৰেণ্ট জাৰি কৰিছিল । তাৰ পিছৰ পৰায়ে আৰক্ষীয়ে তেওঁক বিচাৰি আছিল । কিন্তু তেওঁ সদায় আৰক্ষীৰ চকুত ধূলি মাৰি পলাই গৈছিল ।

আনহাতে, শেহতীয়াকৈ অনুষ্ঠিত এক অপৰাধ সম্পৰ্কীয় সভাত আৰক্ষী অধীক্ষক মনীষ কুমাৰে তেওঁৰ অধীনস্থ বিষয়াসকলক অমীমাংসিত হৈ থকা দীঘলীয়া ৱাৰেণ্টৰ তালিকাৰ পৰিপ্ৰেক্ষিতত অপৰাধীসকলক সোনকালে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ নিৰ্দেশ দিয়ে । যাৰ ফলশ্ৰুতিত সংশ্লিষ্ট থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ কুমাৰে পলাতক ঝঞ্জটুক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আছিল । তাৰ মাজতে অভিযুক্ত ঘৰত লুকাই থকা বুলি এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে । এই তথ্যৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে ঘৰত তালাচী চলাই তেওঁক গ্ৰেপ্তাৰ কৰে ।

তেওঁৰ লগতে আৰক্ষীয়ে একেখন আৰক্ষী থানা অঞ্চলৰ জিতেন্দ্ৰ ৰাম নামৰ আন এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে । তেওঁৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল । তেৱোঁ দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল । এই ক্ষেত্ৰত কৃষ্ণব্ৰহ্ম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ কুমাৰে কয় যে, তেওঁক দীৰ্ঘদিন ধৰি চুৰিৰ গোচৰত বিচাৰি থকা হৈছিল । এই চোৰটো আৰক্ষীৰ বাবে এক প্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছিল ।

"১৯৯০ চনত তেওঁ কেইবাটাও চুৰি কৰাৰ পিছত পলাই গৈছিল । ৩৩ বছৰৰ পিছত তেওঁক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । আদালতত হাজিৰ হোৱাৰ পিছত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।" কৃষ্ণব্ৰহ্ম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ কুমাৰে কয় ।

লগতে পঢ়ক :extramarital affairs: বেংগালুৰুত প্ৰেমিকক ছুৰীকাঘাত অসমৰ বিবাহিত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.