ETV Bharat / bharat

Double murder: পত্নী আৰু কণমানি কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা

author img

By

Published : Aug 16, 2023, 8:51 PM IST

পাশৱিক ! পত্নী আৰু কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে এজন ব্যক্তিয়ে ৷ অভিযুক্ত ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

Double murder
পত্নী আৰু কণমানি কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা

নেশ্যনেল ডেস্ক, 16 আগষ্ট : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ এইবাৰ উত্তৰ প্ৰদেশৰ দাতাগঞ্জ জিলাৰ কোতাৱলীত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে ভুডেলি গাঁৱত পত্নী আৰু 8 মাহৰ কণমানি জীয়ৰীক নিৰ্মমভাৱে হত্যা কৰে এজন ব্যক্তিয়ে ৷ মাতৃ আৰু কন্যা শুই থকাৰ সুযোগতে কুঠাৰেৰে ঘপিয়াই এই জঘন্য ঘটনা সংঘটিত কৰে লোকজনে ৷

এই ঘটনাটোৰ কথা গম পোৱাৰ পিচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় অভিযুক্তটোক গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান, আৰক্ষীয়ে অভিযুক্তটোক জেৰা অব্যাহত ৰাখিছে ৷ প্ৰাথমিক তদন্তত পাৰিবাৰিক বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ জেৰাত অভিযুক্ত অজয় ওৰফে অখিলেশে কয় যে, দুবছৰ পূৰ্বে তেওঁ দিল্লীত কৰ্মসূত্ৰে বাস কৰিছিল ৷ তাতেই তেওঁ খুচবু অৰ্থাৎ তেওঁৰ বৰ্তমানৰ পত্নীক লগ পাইছিল ৷ খুচবু বিহাৰৰ বাসিন্দা আছিল ৷ সেই সময়ছোৱাত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল, এই সম্পৰ্কক সামাজিক স্বীকৃতি দি ৰীতি নীতিৰে বিবাহপাশত অৱদ্ধ হৈছিল খুচবু আৰু অখিলেশে ৷ বিয়াৰ পিচতে স্বামীৰ কৰ্মসূত্ৰে ভুডেলি গাঁৱতে খুচবুৱে বাস কৰিবলৈ লৈছিল ৷ মঙলবাৰে সন্ধিয়া খুচবুৱে বাৰে বাৰে তেওঁৰ মাতৃগৃহলৈ যাবলৈ স্বামীৰ আগত জোৰ কৰিছিল ৷ এই কথা লৈ দুয়োৰে মাজত বিবাদো হৈছিল ৷ এই বিবাদে চৰম পৰ্যায় পোৱাত ঘৰত থকা এখন কুঠাৰেৰে পত্নী আৰু কণমানি কন্যাক হত্যা কৰে অখিলেশে ৷

ইফালে গাওঁবাসীৰ জনোৱা অনুসৰি, অখিলেশৰ পিতৃ-মাতৃ বৰেলীত পৃথককৈ বাস কৰে ৷ অখিলেশৰ সৈতে তেওঁৰ দুই সৰু ভনীয়েকো বাস কৰিছিল ৷ দুই ভগ্নীৰ সন্মুখতে অখিলেশে নিজ পত্নী আৰু কন্যাক হত্যা কৰে ৷ অখিলেশৰ এগৰাকী ভগ্নীৰ বয়স প্ৰায় 5 বছৰ আৰু আনগৰাকীৰ বয়স প্ৰায় 14 বছৰ ৷

বৰ্তমান, আৰক্ষীয়ে অখিলেশক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৃত বোৱাৰীগৰাকীৰ পৰিয়ালে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে এই গোচৰৰ ভিত্তিতেই আইনী ব্যৱস্থা হাতত লৈছে ৷

লগতে পঢ়ক: Rangia dead body recover case update: তিনিবাৰকৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল প্ৰবীণ আগৰৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.