ETV Bharat / bharat

Fake CBI officer Robbery: চিবিআইৰ ভুৱা পৰিচয়েৰে ফ্লেটত লুটপাত, এগৰাকী মহিলাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:43 PM IST

Fake CBI officer Robbery
চিবিআইৰ ভুৱা পৰিচয়েৰে ফ্লেটত লুটপাত

চিবিআইৰ লোক বুলি পৰিচয় তিনি দুৰ্বৃত্তই লুটপাত কৰা, মহিলাৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰ লগতে তিনিজনকৈ লোকক অপহৰণ কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷

নেশ্যনেল ডেস্ক, 31 আগষ্ট : উত্তৰাখণ্ডৰ ডেৰাডুনত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ নিজকে চিবিআইৰ লোক বুলি পৰিচয় তিনি দুৰ্বৃত্তই লুটপাত কৰা, মহিলাৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰ লগতে তিনিজনকৈ লোকক অপহৰণ কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷

ভুক্তভোগী অমিত কুমাৰে অভিযোগ কৰা অনুসৰি যোৱা 29 আগষ্টত তেওঁ তেওঁৰ সহযোগী মুকুল ত্যাগী আৰু তেওঁৰ এগৰাকী মহিলা বন্ধুৰ সৈতে সহস্ৰধাৰা ৰোডৰ তেওঁলোকৰ ফ্লেটত আছিল ৷ পুৱা তিনিজন অচিনাক্ত ব্যক্তি ফ্লেটলৈ আহিছিল ৷ তিনিওজনে নিজকে চিবিআই দিল্লীৰ বিষয়া বুলি পৰিচয় দিছিল ৷ তাৰ পিচতে দলটোৱে তিনিগৰাকীৰ ওপৰত আক্ৰমণ কৰে ৷ দজলটোৱে মুকুল ত্যাগী আৰু তেওঁৰ মহিলা বন্ধুৰ এটা অশ্লীল ভিডিঅ'ও ফোনত ৰেকৰ্ড কৰিছিল ৷

তাৰ পিচতে দলটোৱে তেওঁলোকৰ মূৰত পিষ্টল টোৱাঁই কোঠাটোত ৰখা 4 লাখ টকা, লেপটপ আৰু মোবাইল কাঢ়ি লৈ যায় ৷ পৰৱৰ্তী সময়ত দলটোৱে তিনিওকে লৈ পেৰেড গ্ৰাউণ্ডৰ ওচৰত থকা ভুক্তভোগীৰ কাৰ্যালয়লৈ লৈ যায় ৷ তাত, তিনিজন দুৰ্বৃত্তই কাৰ্যালয়টো ভাঙি চূৰমাৰ কৰে ৷ ইয়াৰ পিচত তিনিওজন অভিযুক্তই অমিত কুমাৰ আৰু মুকুল ত্যাগীক এখন গাড়ীত ইফালে সিফালে ঘূৰাই ফুৰিছিল ৷ দলটোৱে তিনিওজনৰ পৰা বাৰে বাৰে 30 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল ৷

ইয়াৰ মাজতে অমিত কুমাৰ কোনোমতে অভিযুক্তৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় ৷ তিনিও অভিযুক্তই গাড়ীখন চহৰৰ ইফালে সিফালে চলাই থকাৰ সময়তে দলটোৱে তেওঁলোকৰ বাহনখনৰ সৈতে বান্ধৱীগৰাকী আৰু মুকুল ত্যাগীক ৰাস্তাতে এৰি থৈ পলাই যায় ৷

এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী কেইজনে ৰায়পুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ ৰায়পুৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰামে কয় যে অমিত কুমাৰৰ অভিযোগৰ ভিত্তিত তিনিজন অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে ৷

লগতে পঢ়ক: Hojai murder case: পত্নীহন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.