ETV Bharat / bharat

Sharad Pawar reacts: অজিত পাৱাৰৰ কৃতিত্বৰ মূলতে প্ৰধানমন্ত্ৰী মোদী; শাৰদ পাৱাৰৰ কটাক্ষ

author img

By

Published : Jul 2, 2023, 9:38 PM IST

সিন্দে চৰকাৰত ‘পাৱাৰ গেম’ ৷ ভতিজা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচতেই এক সংবাদমেলযোগে কটাক্ষ শাৰদ পাৱাৰৰ ৷

'Credit goes to PM Modi': Sharad Pawar reacts to nephew Ajit's rebellion
অজিত পাৱাৰৰ কৃতিত্বৰ মূলতে প্ৰধানমন্ত্ৰী মোদী- শাৰদ পাৱাৰ

নিউজ ডেস্ক, 2 জুলাই: মহাৰাষ্ট্ৰৰ ৰাজনীতিত সলনি হৈছে দৃশ্যপট ৷ দেওবাৰে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচতেই এক সংবাদমেলৰ আয়োজন কৰে ৷ যিসকলে দলীয় নিয়ম উলংঘা কৰিছে আৰু একনাথ সিন্দেৰ চৰকাৰত যোগদান কৰিছে তেওঁলোকৰ বিৰুদ্ধে সিদ্ধান্ত ল'ব লাগিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অজিত পাৱাৰে ৷ অজিত পাৱাৰৰ লগতে শাসন ব্যৱস্থাৰ অংশ হোৱা আন নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইংগিত দিয়ে শাৰদ পাৱাৰে ৷

উল্লেখ্য যে দেওবাৰে পুৱা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নেতা অজিত পাৱাৰে 9 সতীৰ্থসহ উপ-মুখ্যমন্ত্ৰী হিচাবে শিৱসেনা আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ নেতৃত্বত চৰকাৰৰ মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে ৷

শাৰদ পাৱাৰে সংবাদমেলখনত উল্লেখ কৰে, "মোক কোনোবাই এৰি গৈছে বুলি মই চিন্তিত নহয়, কিন্তু মই তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত আছিলো ৷ মই কেতিয়াও নকওঁ যে মোৰ ঘৰ বিভাজিত হৈছে, এই বিষয়টো মোৰ ঘৰৰ নহয়, এয়া মানুহৰ সমস্যা ৷ মই ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব বিচাৰো ৷"

"দুদিনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এনচিপিৰ বিষয়ে কৈছিল ৷ তেওঁ বিবৃতিত দুটা কথা কৈছিল যে, এনচিপি এটা সমাপ্ত দল ৷ লগতে তেওঁ জলসিঞ্চনৰ অভিযোগ আৰু দুৰ্নীতিৰ অভিযোগৰ কথা উল্লেখ কৰিছিল ৷ মই সুখী যে মোৰ কিছু সহকৰ্মীয়ে শপত গ্ৰহণ কৰিছে ৷ এই শপত গ্ৰহণৰ পৰা স্পষ্ট হৈ পৰিছে ৷ মই প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞ ৷" বিষমবাদী নেতাসকলক সমালোচনা কৰি শাৰদ পাৱাৰে এই কথা সদৰী কৰে ৷

"মই বহু লোকৰ পৰা কেইবাটাও ফোন পাইছো, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অন্যান্য নেতাসকলে মোক ফোন কৰিছে ৷ 3 জুলাইত মই (মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) যশৱন্তৰাও চৱনৰ আশীৰ্বাদ ল’ম আৰু এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিম ৷ মোৰ প্ৰয়াস হ'ব ৰাজ্য আৰু দেশৰ লোকসকলৰ সৈতে মত বিনিময় কৰা আৰু জনসাধাৰণৰ সৈতে আমাৰ সম্পৰ্ক গাঢ় কৰি তোলা ৷ দেওবাৰৰ এই ঘটনাই বিৰোধী ঐক্যক কোনো ধৰণে প্ৰভাৱান্বিত নকৰে ৷" শাৰদ পাৱাৰে লগতে এই কথা সংবাদমেলত উল্লেখ কৰে ৷

লগতে পঢ়ক: Maharashtra potboiler: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ অজিত পাৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.