ETV Bharat / bharat

গুজৰাটত বিজেপিৰ জয়ৰ আঁৰৰ ৰহস্য় কি ?

author img

By

Published : Jun 30, 2021, 11:20 AM IST

CR Patil's controversial comment
১৯৯৮ চনৰ পৰা একেৰাহে গুজৰাটত চলিছে গেৰুৱা দলৰ শাসন

১৯৯৮ চনৰ পৰা একেৰাহে গুজৰাটত চলিছে গেৰুৱা দলৰ শাসন । কেনেকৈ বাৰে বাৰে নিৰ্বাচনত বিজয়ৰ ৰণডংকা বজোৱাত সফল হয় ভাৰতীয় জনতা পাৰ্টী (BJP) ? কিয় বাৰে বাৰে একেটা দলকে শাসনৰ গাদীত অধিষ্ঠিত হোৱাতো বিচাৰে গুজৰাটৰ জনতাই । ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰিলে গুজৰাট বিজেপিৰ সভাপতি চি আৰ পেটেলে (CR Patil) ।

নেশ্যনেল ডেস্ক, ৩০ জুন: ২০২২ চনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন (Gujarat Assembly election) । পুনৰ ৰাজ্যখনৰ শাসনৰ বাঘজৰী নিজৰ হাততে ৰাখিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) । এইবাৰো ৰাইজৰ সমৰ্থন লাভ কৰিব বুলি দৃঢ় বিশ্বাসী গেৰুৱা দলটোৰ নেতৃত্ব । কিন্তু ১৯৯৮ চনৰ পৰা বাৰে বাৰে ৰাজ্যখনৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ আঁৰত আছে বিশেষ কাৰণ ।

দলটোৰ গুজৰাটৰ সভাপতি চি আৰ পেটেলে (CR Patil) বৰ্ণনা কৰিলে বিজেপিৰ সফলতাৰ আঁৰৰ ৰহস্য । তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ বাবেহে এয়া সম্ভৱ হৈছে । তেওঁ দেওবাৰে পাটনৰ বিভিন্ন পৌৰসভা, জিলা আৰু ব্লক পঞ্চায়তৰ প্ৰতিনিধিসকলক উদ্দেশ্যি কয় যে, তেওঁলোকে পাহৰিব নালাগে যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ বাবেহে জয়যুক্ত হৈছিল । পেটেলে লগতে কয় যে, তেওঁলোকে নিজৰ জনপ্ৰিয়তাৰ বাবে জয়ী হৈছে বুলি ভাবিব নালাগে । দলীয় কৰ্মীসকলৰ সৈতে ভাল ব্যৱহাৰ নকৰা প্ৰতিনিধিসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সকিয়নী দি এইদৰে মন্তব্য কৰে দলৰ সভাপতিগৰাকীয়ে ।

চি আৰ পেটেলে কয় যে, গুজৰাট বিজেপিৰ নেতাসকল কেৱল নৰেন্দ্ৰ মোডীৰ (Narendra Modi) নামতহে নিৰ্বাচিত হয় । প্ৰধানমন্ত্ৰী মোডী একেৰাহে চাৰিবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল ।

বিজেপি (BJP) য়েও ১৯৯৮ চনৰ পৰাই ৰাজ্যখনত শাসন কৰি আহিছে । কাৰ্যতঃ মুখ্যমন্ত্ৰী যিয়েই নহওক লাগে গুজৰাটবাসীৰ মনত গুজৰাটৰ একমাত্ৰ মুখ্যমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোডী । গুজৰাটৰ মানুহে কেৱল মোডীৰ বাবে আৰু মোডীৰ নামত বিজেপিক ভোট দিছে । নৰেন্দ্ৰ মোডীয়ে দিল্লীত নিজৰ স্থিতিত স্পষ্ট কৰাৰ পিছত ২০১৭ চনত গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯ খন আসন লাভ কৰিছিল বুলিও চি আৰ পেটেল মন্তব্য কৰে ।

দলৰ মুখপাত্ৰ যামাল ব্যাসে ই টিভি ভাৰতক জনোৱা মতে, দলৰ সভাপতিয়ে ক'ব বিচাৰিছিল যে নিৰ্বাচিত হোৱাৰ পিছত এতিয়া জনপ্ৰতিনিধিসকলৰ কাম কৰাৰ সময় হৈছে আৰু তেওঁলোকে কি কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰিহে সকলো নিৰ্বাচিত হৈছে । কিয়নো, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পৰা বহুতো উন্নয়নমূলক কাম কৰিছে আৰু সেয়ে, সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰিছে । উদ্দেশ্য যিয়েই নহওক, চি আৰ পেটেলৰ মন্তব্যই এতিয়াই বিতৰ্কৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:নাৰদা গোচৰ: কি হ’ব মমতা আৰু ঘটকৰ শপতনামা গ্ৰহণৰ বাবে কৰা আবেদনৰ শুনানি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.