ETV Bharat / bharat

দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা 4,423; বিগত 24 ঘণ্টাত দুজনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:56 PM IST

COVID rise in India
760 জন নতুনকৈ ক’ভিড-19ত আক্ৰান্ত

COVID rise in India : বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ লগে লগে নতুনকৈ ৭৬০ জন ক’ভিডত আক্ৰান্ত হৈছে ৷ কেৰালা আৰু কৰ্ণাটকত এজনকৈ লোকৰ মৃত্যু।

নিউজ ডেস্ক, 4 জানুৱাৰী : বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত এদিনতে 760 জন নতুনকৈ ক’ভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে বিগত 24 ঘন্টাত দুজন লোকে এই ভাইৰাছজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক’ভিড সংক্ৰমণৰ সক্ৰিয় ৰোগীৰ সংখ্যা 4,423 জন ৷ বিগত 24 ঘন্টাত নতুনকৈ মৃত্যু হোৱা লোক দুজন কেৰালা আৰু কৰ্ণাটকৰ ৷

কেৰালাত 39 বছৰীয়া ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজত (COPD) আক্ৰান্ত এজন ৰোগী আৰু কৰ্ণাটকত হেপাটোচেলুলাৰ কাৰ্চিনোমা, ডিকম্পেন্সেটেড লিভাৰ চিৰ’ছিছ, পৰ্টেল ভেইন থ্ৰম্ব’ছিছ, ডায়েবেটিছ আৰু ক্ৰনিক কিডনী ডিজিজ (CKD) ৰোগত আক্ৰান্ত 65 বছৰীয়া এজন পুৰুষৰ ক’ভিডত মৃত্যু হয় ৷

ইয়াৰ লগে লগে জানুৱাৰী 2020-ত ইয়াৰ প্ৰাদুৰ্ভাৱৰ পিছত ভাৰতত কৰণা ভাইৰাছ ৰোগীৰ মুঠ সংখ্যা 4,50,15,896 হৈছেগৈ ৷ ইফালে ভাৰতত ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 533373 লৈ বৃদ্ধি পাইছে ৷

আনহাতে বৃহস্পতিবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি ওড়িশাত ক’ভিড-19ৰ চাব-ভেৰিয়েণ্ট জেএন.1ৰ দুজন ৰোগী ধৰা পৰিছে ৷ স্বাস্থ্য সেৱাৰ সঞ্চালক বিজয় কুমাৰ মহাপাত্ৰই জানিবলৈ দিয়া মতে, সুন্দৰগড় আৰু ভুৱনেশ্বৰত ক’ভিড-19ত আক্ৰান্ত লোক দুজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷

5 ডিচেম্বৰলৈকে দৈনিক ঘটনাৰ সংখ্যা দুটা অংকলৈ হ্ৰাস পাইছিল, কিন্তু এক নতুন প্ৰকাৰ আৰু ঠাণ্ডা বতৰৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছত ঘটনাবোৰ পুনৰ বৃদ্ধি পাইছে ৷ 2020 চনৰ আৰম্ভণিতে আৰম্ভ হোৱা মহামাৰীৰ শীৰ্ষত দৈনিক সংখ্যা লাখত আছিল আৰু সমগ্ৰ দেশতে প্ৰায় চাৰি বছৰত 4.5 কোটিৰো অধিক লোক সংক্ৰমিত আৰু 5.3 লাখৰো অধিক লোকৰ মৃত্যু হোৱা দেখা গৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ জেএন.1ক এটা প্ৰকাৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে, যিটো ইয়াৰ পিতৃ বংশ বিএ.2.86ৰ পৰা পৃথক ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাটোৱে জোৰ দি কয় যে বৰ্তমানৰ প্ৰমাণৰ ভিত্তিত জে এন.1ৰ দ্বাৰা সৃষ্টি হোৱা সামগ্ৰিক বিপদ কম হৈয়েই আছে ৷

লগতে পঢ়ক : শুই উঠাৰ লগে লগে মূৰৰ বিষ হয় নেকি ? তেন্তে হ’ব পাৰে এই সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.