ETV Bharat / bharat

Covid in India: ভাৰতত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত

author img

By

Published : Jul 14, 2022, 2:00 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি 145 দিনৰ ব্যৱধানৰ পিছত ভাৰতত দৈনিক কোভিড-19 ত 20,000 ৰো অধিক আক্ৰান্ত হৈছে (COVID-19 in India)। আনহাতে, সক্ৰিয়ৰ সংখ্য়া 1,36,076 লৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে এই তথ্য়।

j
Covid in India: ভাৰতত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত

নেচনেল ডেস্ক, ১৪ জুলাই: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি 145 দিনৰ ব্যৱধানৰ পিছত ভাৰতত দৈনিক কোভিড-19 ত 20,000 ৰো অধিক আক্ৰান্ত হৈছে (COVID19 in India)। আনহাতে, সক্ৰিয়ৰ সংখ্য়া 1,36,076 লৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত এই বিষয়ে উল্লেখ কৰা হৈছে (Union Health Ministry updated Covid data)।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য় অনুসৰি বিগত 24 ঘণ্টাৰ ব্যৱধানত 20,139 গৰাকী নতুনকৈ কোভিড-19ত আক্ৰান্ত হয় । ইয়াৰ ফলত এই সংখ্যা 4,36,89,989 লৈ বৃদ্ধি পালে । প্ৰকাশ কৰা তথ্য অনুসৰি ৩৮ গৰাকী লোকৰ নতুনকৈ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ৫,২৫,৫৫৭ লৈ বৃদ্ধি পালে । আনহাতে, সক্ৰিয় ৰোগীৰ সংক্ৰমণ 0.31 শতাংশ বুলি উক্ত তথ্য়ত প্ৰকাশ পাইছে । তদুপৰি ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত কোভিড-19ৰ পৰা আৰোগ্য় লাভ কৰাৰ হাৰ 98.49 শতাংশ হোৱা বুলি মন্ত্ৰালয়ৰ তথ্য়ত প্ৰকাশ । বিগত 24 ঘণ্টাত সক্ৰিয় কোভিড-19 ৰোগীৰ সংখ্য়া 3,619 বুলি উল্লেখ কৰা হৈছে । মন্ত্ৰালয়ৰ মতে, দৈনিক আক্ৰান্তৰ হাৰ ৫.১০ শতাংশ হৈছে । ইপিনে, সাপ্তাহিক পজিটিভৰ হাৰ ৪.৩৭ শতাংশ বুলি একেটা সূত্ৰই উল্লেখ কৰিছে।

দেশত ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 4,30,28,356 লৈ বৃদ্ধি হৈছে । আনহাতে, মৃত্যুৰ হাৰ হৈছে 1.20 শতাংশ । মন্ত্ৰালয়ৰ মতে, দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে 199.27 কোটি পালি প্ৰদান কৰা হৈছে । দেশখনে ৪ মে'ত দুই কোটি আৰু যোৱা বছৰৰ ২৩ জুনত তিনি কোটিয়ে কোভিড-19 ত আক্ৰান্তৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল । উল্লেখ্য় যে এই বছৰৰ ২৫ জানুৱাৰীত এই সংখ্য়াই চাৰি কোটিৰ সীমা অতিক্ৰম কৰিছে । 38 গৰাকী নতুনকৈ মৃত্যু হোৱা লোকৰ ভিতৰত আছে কেৰালাৰ 16 গৰাকী, মহাৰাষ্ট্ৰৰ ১০ গৰাকী, পশ্চিম বংগৰ চাৰিগৰাকী, দিল্লীৰ পৰা তিনিগৰাকী আৰু অসম, বিহাৰ, গোৱা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ গৰাকীকৈ । দেশখনত এতিয়ালৈকে ৫,২৫,৫৫৭ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:COVID19 and brain: কোভিড সংক্ৰমণে মগজুৰ কেনে ধৰণৰ ক্ষতি কৰিব পাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.