ETV Bharat / bharat

আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ লগতে বুষ্টাৰ ড’জ প্ৰদানৰ কাৰ্যসূচী

author img

By

Published : Mar 16, 2022, 11:31 AM IST

Covid vaccination drive in India
কিশোৰ-কিশোৰীক প্ৰদান ক'ভিড প্ৰতিষেধক

দেশৰ ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান (Corbevax for teenagers) । কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হৈছে কৰ্বেভেক্স প্ৰতিষেধক । ৬০ বছৰ উৰ্ধৰ সকলো লোকে এতিয়াৰে পৰা ল'ব পাৰিব বুষ্টাৰ পালি ।

নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ : দেশত ক'ভিড সংক্ৰমণ অব্যাহত থকাৰ মাজতে ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়াও দ্ৰুতগতিত চলাই থকা হৈছে (Covid vaccination drive in India)। বুধবাৰৰ পৰা দেশজুৰি ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলকো প্ৰদান কৰা হৈছে ক'ভিডৰ প্ৰতিষেধক (Covid vaccination for teenagers)। লগতে ৬০ বছৰ উৰ্ধৰ সকলো লোকে এতিয়াৰে পৰা ল'ব পাৰিব বুষ্টাৰ পালি (Precaution dose for 60 years plus begins)।

উল্লেখ্য যে, ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হৈছে কৰ্বেভেক্স (Corbevax) নামৰ ভাৰতত নিৰ্মিত প্ৰতিষেধক (Corbevax for teenagers)। হায়দৰাবাদৰ বায়'লজিকেল ইয়ে (Biological E) নিৰ্মাণ কৰিছে এই প্ৰতিষেধক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইটযোগে এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত 'Sabko Vaccine Muft Vaccine' অভিযানৰ অধীনত ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ'ব প্ৰতিষেধক ।

ইয়াৰ পূৰ্বে ৬০ বছৰ উৰ্ধৰ কোনো ৰোগত আক্ৰান্ত লোকসকল, ফ্ৰণ্টলাইন কৰ্মী আৰু স্বাস্থ্যসেৱা কৰ্মী আদিক তৃতীয় পালি বা বুষ্টাৰ ড'জ লোৱাৰ বাবে কোৱা হৈছিল । কিন্তু এতিয়াৰে পৰা ৬০ বছৰ উৰ্ধৰ সকলো লোকে বুষ্টাৰ ড'জ ল'ব পাৰিব বুলি তেওঁ উল্লেখ কৰে । টুইটযোগে সকলোকে প্ৰতিষেধক ল'বলৈও আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে ২০২১ চনৰ ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হৈছিল ক'ভিড টীকাকৰণ অভিযান । চলিত বছৰৰ ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছিল । ইফালে ভাৰতৰ সামগ্ৰিক টীকাকৰণ কভাৰেজ ১৮০.৫৮ কোটি অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ক’ভিড টীকাকৰণ : ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব Corbevax

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.