ETV Bharat / bharat

SC on Manipur violence : মণিপুৰ হিংসা সন্দৰ্ভত ছুপ্ৰিম কোৰ্টৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

author img

By

Published : Jul 10, 2023, 5:07 PM IST

SC on Manipur violence
SC on Manipur violence

উচ্চতম ন্যায়ালয়ে সোমবাৰে পৰ্যবেক্ষণ কৰে যে ন্যায়ালয়ে সুৰক্ষা ব্যৱস্থা বা আইন-শৃংখলা চলাব নোৱাৰে । লগতে উল্লেখ কৰে যে আদালতৰ কাৰ্যবিৱৰণী মণিপুৰত হিংসা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব নালাগে ।

নিউজ ডেস্ক, ১০ জুলাই : উচ্চতম ন্যায়ালয়ে সোমবাৰে উল্লেখ কৰিছে যে মণিপুৰত হিংসা অধিক বৃদ্ধিৰ বাবে আদালতৰ প্ৰক্ৰিয়াক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নালাগে । লগতে স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ে নিৰাপত্তা ব্যৱস্থা বা আইন-শৃংখলা কোনো এটাকে নচলায় । দেশৰ শীৰ্ষ ন্যায়ালয়ে মণিপুৰত চলি থকা হিংসাৰ সন্দৰ্ভত আবেদনৰ শুনানি গ্ৰহণ কৰি এই কথা কয় ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত এখন বিচাৰপীঠে মন্তব্য কৰে যে ন্যায়ালয়ে কেৱল ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ নিৰীক্ষণ কৰিব পাৰে আৰু অতিৰিক্ত ব্যৱস্থা গ্ৰহণৰ বাবে কিছুমান নিৰ্দেশনা প্ৰদান কৰিব পাৰে । "কিন্তু আমি সুৰক্ষা সঁজুলি বা আইন-শৃংখলা চলাব নোৱাৰোঁ ।" মুখ্য ন্যায়াধীশে কয় ।

ৰাজ্যখনত হিংসাৰ অধিক বৃদ্ধিৰ বাবে আদালতৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব নালাগে বুলি জোৰ দি ন্যায়ালয়ে চৰকাৰে দাখিল কৰা শেহতীয়া স্থিতি প্ৰতিবেদনৰ পিছত মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন পক্ষক তেওঁলোকৰ মতামত দাখিল কৰিবলৈ কয় । গোচৰটোৰ পৰৱৰ্তী শুনানি মঙলবাৰৰ বাবে তালিকাভুক্ত কৰা হৈছে ।

মণিপুৰ ট্ৰাইবেল ফ'ৰাম দিল্লীক প্ৰতিনিধিত্ব কৰা অধিবক্তা সত্য মিত্ৰৰ সহায়ত জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছে কুকিসকলৰ বিৰুদ্ধে 'ৰাজ্যৰ পৃষ্ঠপোষকতাত হোৱা হিংসা'ৰ বাবে বাৰে বাৰে অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে ইউএপিএৰ অধীনত জাননী দিয়া সশস্ত্ৰ গোটবোৰৰ দ্বাৰা হিংসা তীব্ৰতৰ কৰা হৈছে আৰু সেইবোৰ ৰাজ্যখনে জনজাতীয়সকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে । মুখ্য ন্যায়াধীশে কয়, "এইখন সেইখন মঞ্চ নহয় য'ত আমি এইটো কৰোঁ... আমি আইন-শৃংখলা চলাব নোৱাৰোঁ, নিৰ্বাচিত চৰকাৰে এইটো কৰে...।"

গনচালভেছে লগতে কয় যে মে' মাহৰ মাজভাগত মৃত্যুৰ সংখ্যা আছিল ১০ জন আৰু এতিয়ালৈকে ১১০ জন লোক নিহত হৈছে । "গতিকে মই সন্দীহান...।" তেওঁ কয় । ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশে কয়, "আপোনাৰ সন্দেহবাদে আমাক আইন-শৃংখলা হস্তগত কৰিবলৈ অনুপ্ৰেৰিত কৰিব নোৱাৰে ।"

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক আৰক্ষী থানাৰ পৰা লুট কৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰৰ সন্দৰ্ভত লোৱা পদক্ষেপৰ বিষয়েও সোধে ।

লগতে পঢ়ক :Sachin Slams BJP Govt : মণিপুৰক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা শচীন পাইলটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.