ETV Bharat / bharat

Delhi excise policy case : চিছোদিয়াৰ ন্যায়িক জিম্মা ৩ এপ্ৰিললৈ বৃদ্ধি

author img

By

Published : Mar 20, 2023, 7:50 PM IST

Delhi excise policy case
চিছোদিয়াৰ ন্যায়িক জিম্মা ৩ এপ্ৰিললৈ বৃদ্ধি

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ সময় পুনৰ বৃদ্ধি (Court extends Manish Sisodias judicial custody)। বিশেষ ন্যায়াধীশ এম কে নাগপালৰ আদালতে ৩ এপ্ৰিললৈ জিম্মাৰ সময় বৃদ্ধি কৰে । চিছোদিয়াৰ জামিন সম্পৰ্কে ২১ মাৰ্চত আদালতত চলিব যুক্তি তৰ্ক ।

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : ১৪ দিনৰ বাবে আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে (Judicial custody of Manish Sisodia)। ৰাউজ এভিনিউ আদালতে সোমবাৰে আবকাৰী নীতি কেলেংকাৰীৰ অভিযুক্ত মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ সময় বৃদ্ধি কৰে । সম্প্ৰতি ইডিৰ জিম্মাত আছে চিছোদিয়া আৰু তেওঁক ভাৰ্ছুৱেলী আদালতত হাজিৰ কৰোৱা হৈছিল ।

গোচৰটো জিএনচিটিডিৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত কথিত অনিয়মৰ সৈতে জড়িত । বিশেষ ন্যায়াধীশ এম.কে. নাগপালে সোমবাৰে চিছোদিয়াৰ ন্যায়িক জিম্মা ৩ এপ্ৰিললৈ বৃদ্ধি কৰে । ইফালে চিছোদিয়াৰ জামিন আবেদন সম্পৰ্কে ২১ মাৰ্চত আদালতত যুক্তি তৰ্ক চলিব (Manish Sisodia bail)। ২২ মাৰ্চলৈ ইডিৰ জিম্মাত থকা চিছোদিয়াক সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল (Manish Sisodia in court)।

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াই বিচাৰ আদালতত তেওঁৰ জামিন আবেদনত কৈছিল যে তেওঁক জিম্মাত লৈ কোনো লাভ নহ'ব কিয়নো ইতিমধ্যে সকলো পুনৰুদ্ধাৰ হৈছে ।

চিছোদিয়াই লগতে কয় যে চিবিআইয়ে মাতি পঠিওৱাৰ পাছতে তেওঁ তদন্তত সহযোগিতা কৰিছে । এই গোচৰত গ্ৰেপ্তাৰ হোৱা আন অভিযুক্ত লোকসকলক ইতিমধ্যে জামিন দিয়া হৈছে । চিছোদিয়াই লগত কয় যে তেওঁ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদত অধিষ্ঠিত আৰু সমাজৰ প্ৰতি তেওঁৰ বহু দায়িত্ব আছে । চিছোদিয়াক শেহতীয়াকৈ ইডিয়ে জিএনচিটিডিৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ সৈতে সম্পৰ্কিত এক ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।

ৰাউজ এভিনিউ আদালতে পূৰ্বে চিছোদিয়াক চিবিআই ৰিমাণ্ডলৈ প্ৰেৰণ কৰাৰ সময়ত নিৰ্দেশ দিছিল যে ৰিমাণ্ডৰ সময়ছোৱাত অভিযুক্তক সোধা-পোছা উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰি চিচিটিভি কভাৰেজ থকা কোনো ঠাইত কৰা হ'ব আৰু উক্ত ফুটেজ চিবিআইয়ে সংৰক্ষণ কৰিব লাগিব ।

পূৰ্বে অভিযুক্তজনে দুবাৰকৈ গোচৰটোৰ তদন্তত যোগ দিছিল । কিন্তু সেই সময়ত দেখা গৈছিল যে তেওঁ পৰীক্ষা আৰু জেৰাৰ সময়ত তেওঁক দিয়া বেছিভাগ প্ৰশ্নৰ সন্তোষজনক উত্তৰ দিয়াত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক :Habeas corpus petition for Amritpal Singh : অমৃতপালৰ বাবে আদালতত হাবিয়াছ কৰ্পছ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.