ETV Bharat / bharat

Suicide in Mangalore lodge:মাংগালোৰৰ লজত আত্মহত্যা কেৰালাৰ দম্পতীৰ

author img

By

Published : Feb 9, 2023, 11:31 AM IST

Hotel New Blue Star Lodge in Falneer
মাংগালোৰ লজত আত্মহত্যা

মাংগালোৰ চহৰত আত্মহত্যাৰ ঘটনা (Suicide in Mangalore)। চহৰখনৰ এটা লজত আত্মহত্যা কৰিলে কেৰালাৰ দম্পতীয়ে । বৰ্তমানলৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ।

নেশ্য়নেল ডেস্ক, ৯ ফেব্ৰুৱাৰী: কেৰালাৰ এক দম্পতীয়ে কৰ্ণাটকৰ মাংগালোৰ চহৰৰ এটা লজত আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে (Couple of Kerala committed suicide in Mangalore)। স্থানীয় আৰক্ষীয়ে আত্মহত্য়া কৰা দম্পতীক কেৰালাৰ কান্নুৰ জিলাৰ ৰবীন্দ্ৰন (৫৫) আৰু সুধা (৫০) বুলি চিনাক্ত কৰিছে । আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোক গাতিপাৰাম্বাৰ বাসিন্দা আৰু যোৱা ৬ ফেব্ৰুৱাৰীত মাংগালোৰলৈ আহিছিল । তেওঁলোকে চহৰখনৰ ফালনিৰ হোটেল নিউ ব্লু ষ্টাৰ লজত আধাৰ কাৰ্ড নথি প্ৰমান হিচাপে জমা দি এটা কোঠা ভাড়া লৈছিল (Hotel New Blue Star Lodge in Falneer)।

দম্পতীটোয়ে মঙলবাৰৰ পৰা তেওঁলোকৰ কোঠাৰ পৰা ওলাই নোযোৱাত হোটেলখনৰ কৰ্মচাৰীসকলৰ সন্দেহ ওপজে । সেয়েহে সন্দেহ উপজাত বুধবাৰে তেওঁলোকৰ কোঠাৰ দুৱাৰত টোকৰ মাৰে যদিও হোটেল কৰ্তৃপক্ষই কোনো উত্তৰ লাভ কৰা নাছিল । উপায়ন্তৰ হৈ হোটেল কৰ্তৃপক্ষই আৰক্ষীক এই বিষয়ে অৱগত কৰাত হোটালত আৰক্ষী উপস্থিত হৈ দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰাত দম্পতীহালক ডিঙিত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত উদ্ধাৰ কৰে । কোঠাটোৰ পৰা অত্যাধিক দুৰ্গন্ধ ওলোৱালৈ চাই ৬ ফেব্ৰুৱাৰীতেই তেওঁলোকে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা নাই । ইপিনে,কোনো ধৰণৰ আত্মহত্য়াৰ টোকাও উদ্ধাৰ হোৱা নাই । মহানগৰ আৰক্ষী আয়ুক্ত শশী কুমাৰ, উপ আৰক্ষী আয়ুক্ত অংশু কুমাৰ, সহকাৰী আৰক্ষী আয়ুক্ত মহেশ কুমাৰৰ লগতে মাংগালোৰ উত্তৰ আৰক্ষী থানাৰ পৰিদৰ্শক ৰাঘৱেন্দ্ৰই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তদন্তকাৰী বিষয়াৰ জড়িয়তে তদন্ত আৰম্ভ কৰিছে (City Police Commissioner)। মাংগালুৰু মহানগৰ আৰক্ষী আয়ুক্ত শশী কুমাৰে এই সন্দৰ্ভত কয় যে, এজন পুৰুষ আৰু এগৰাকী মহিলা পুৱা প্ৰায় ১১ বজাত ফালনিৰ হোটেল নিউ ব্লু ষ্টাৰ লজত উপস্থিত হৈছিল । আধাৰ কাৰ্ড প্ৰমাণ দিচাপে দিয়াৰ পিছত ৰবীন্দ্ৰ আৰু সুধাক হোটেল কতৃপক্ষই কোঠাটো ভাড়ালৈ দিছিল।

হোটেলখনক দিয়া নথিপত্ৰৰ ওপৰত ভিত্তি কৰি কেৰালাৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰা বুলি কয় মাংগালুৰু মহানগৰ আৰক্ষী আয়ুক্ত শশী কুমাৰে । আত্মহত্যা কৰা ৰবীন্দ্ৰন এজন কাপোৰৰ ব্যৱসায়ী আছিল । উল্লেখ্য় যে হোটেলখনৰ কৰ্মীসকলে তেওঁলোকক ৬ ফেব্ৰুৱাৰীৰ নিশা দেখা পাইছিল। তাৰ পিছত হোটেলখনৰ কৰ্মীসকলে তেওঁলোকক দেখা নাছিল বুলি আৰক্ষীয়ে কয় । হোটেলখনৰ কৰ্মীসকলে পুৱা তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও কোনেও সঁহাৰি পোৱা নাছিল । তেওঁলোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয় ।

লগতে পঢ়ক:Tonsil Stones: ডিঙিত কোনো সমস্যা হ’লে নকৰিব আওকাণ, হ'ব পাৰে এয়া টনচিল ষ্টোনৰ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.