ETV Bharat / bharat

Tripura municipal election result : আৰম্ভ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা

author img

By

Published : Nov 28, 2021, 10:59 AM IST

তীব্ৰ উত্তেজনাৰ মাজতে দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ত্ৰিপুৰা পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া (Tripura municipal election result)। সম্প্ৰতি বহুকেইখন আসনত বিজেপি আগবাঢ়ি আছে ৷ একাংশ ছিটত চিপিআই(এম) আৰু তৃণমূলৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে ।

Tripura election
আৰম্ভ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা

আগৰতলা, ২৮ নৱেম্বৰ : কঠোৰ নিৰাপত্তাৰ মাজেৰে দেওবাৰে ত্ৰিপুৰাৰ আঠখন জিলাত আৰম্ভ হৈছে পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া (Tripura municipal election result)। ৰাজ্যিক নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যখনৰ ২০ খন পৌৰ নিগমৰ ভিতৰত ১৪ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ কিয়নো শাসকীয় দল বিজেপিয়ে বাকী আসনসমূহ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ।

সূত্ৰৰ পৰা জানিব পৰা মতে, কিছুমান আসনত বিজেপি আৰু মুখ্য বিৰোধী চিপিআই(এম)ৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে । বহুতো আসনত বিজেপি আগবাঢ়ি আছে । অৱশ্যে আগৰতলা পৌৰ নিগমৰ অন্তৰ্গত কেইবাখনো আসনত বিজেপিৰ পাছতে আছে তৃণমূল কংগ্ৰেছ ।

২৫ নৱেম্বৰত মুঠ ৩৩৪ খন আসনৰ ভিতৰত ২২২ খন আসনত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । বাকী ১১২ খন আসন বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল । সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) সুব্ৰত চক্ৰৱৰ্তীয়ে কোৱা মতে, সমগ্ৰ ৰাজ্যৰ ১৩ টা গণনা কেন্দ্ৰত ভোট গণনা কৰা হ'ব । এইক্ষেত্ৰত প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ বাবে পৰ্যাপ্ত আৰক্ষী নিয়োগ কৰা হৈছে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে প্ৰতিটো ভোট গণনা কেন্দ্ৰতে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ত্ৰিপুৰা আৰক্ষী, চিএপিএফৰ লগতে ত্ৰিপুৰা ৰাইফলছ বাহিনীকো মোতায়েন কৰা হৈছে । ইয়াৰ উপৰিও গণনা কেন্দ্ৰসমূহৰ কাষৰীয়া এলেকাসমূহত আইন-শৃংখলা বজাই ৰখাৰ বাবে পৰ্যাপ্ত টিএছআৰ আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে ।

ৰাইজক কোনো ধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে । আনহাতে ভোট গণনা চলি থকাৰ সময়ত আৰু পাছত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে ত্ৰিপুৰা আৰক্ষীয়ে ।

লগতে পঢ়ক : Civic body election in tripura : বিপ্লৱ দেৱে ক’লে শেহতীয়া নিৰ্বাচন গণতন্ত্ৰৰ উৎকৃষ্ট নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.