ETV Bharat / bharat

Civic body election in tripura : বিপ্লৱ দেৱে ক’লে শেহতীয়া নিৰ্বাচন গণতন্ত্ৰৰ উৎকৃষ্ট নিদৰ্শন

author img

By

Published : Nov 26, 2021, 10:25 PM IST

ত্ৰিপুৰাৰ শেহতীয়া পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটদানৰ হাৰে ৰাজ্য চৰকাৰৰ ওপৰত জনসাধাৰণৰ আস্থা থকাৰ কথাকে বুজাই বুলি মন্তব্য মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ (Tripura CM Biplab Deb on civic body election) ৷ জানো আহক কি কি মন্তব্য কৰিলে বিপ্লৱ দেৱে ৷

Civic body election in tripura : বিপ্লৱ দেৱে ক’লে শেহতীয়া নিৰ্বাচন গণতন্ত্ৰৰ উৎকৃষ্ট নিদৰ্শন
Civic body election in tripura : বিপ্লৱ দেৱে ক’লে শেহতীয়া নিৰ্বাচন গণতন্ত্ৰৰ উৎকৃষ্ট নিদৰ্শন

আগৰতলা, ২৬ নৱেম্বৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে শুকুৰবাৰে কয় যে, শেহতীয়াকৈ অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ৰাজ্যখনৰ জনসাধাৰণে উৎসৱৰ দৰে অংশ লৈছে(Biplab Deb says people of Tripura voted in a festive mode) । এই বেলিৰ নিৰ্বাচনত মুঠ ৮১.৫৪ শতাংশ ভোট প্ৰদান কৰে ৰাজ্যখনৰ জন সাধাৰণে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ভোটদানৰ হাৰে প্ৰমাণ কৰে যে ৰাজ্য চৰকাৰৰ ওপৰত জনসাধাৰণৰ সম্পূৰ্ণ আস্থা আছে ।

এই নিৰ্বাচনে ৰাজ্যখনৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰা কামৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাইছে বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে(Biplab Deb Calls recent election great example of democracy) । শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো সংবিধান দিৱস পালন কৰা হয় (constitution day observed in Tripura) ৷ এই অনুষ্ঠানতে উপস্থিত থাকি মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে শেহতীয়া পৌৰ নিগম সন্দৰ্ভত এই মন্তব্য কৰে ৷

তেওঁ কয় যে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ কামত ভীমৰাও আম্বেদকাৰে দেখুওৱা পথ স্পষ্টকৈ পৰিলক্ষিত হয় । আম্বেদকাৰে দেখুওৱা সাংবিধানিক পথ অনুসৰণ কৰিয়েই জনসাধাৰণৰ সৈতে এক শক্তিশালী আৰু স্বাৱলম্বী ত্ৰিপুৰা গঢ়ি তোলাটো তেওঁৰ প্ৰতিজ্ঞা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে বিপ্লৱ দেৱে মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক : Jayanta Malla Barua on Caa : অসমত বন্ধ হ’ল চান্দাৰ দোকান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.