ETV Bharat / bharat

Coromandel Express Services to Start : বুধবাৰৰ পৰা পুনৰ আৰম্ভ ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ সেৱা

author img

By

Published : Jun 7, 2023, 10:59 AM IST

Coromandel Express Services to Start
Coromandel Express Services to Start

ওড়িশাৰ বালাছোৰত দুখন যাত্ৰীবাহী ৰে'ল আৰু এখন মালৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল, তাৰ ৫১ ঘণ্টা পিছত ৰে'লপথটো পুনৰ মেৰামতি কৰা হৈছে । বৰ্তমান উক্ত ৰে'লপথ ৰে'ল চলাচলৰ বাবে সাজু হৈ উঠিছে (Coromandel Express set to resume services) ।

নিউজ ডেস্ক, ৭ জুন : ২৭৫ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু ১০০০-ৰো অধিক লোক আহত হোৱা ওড়িশাৰ মৰ্মান্তিক ৰে'ল দুৰ্ঘটনাৰ পিছত (Odisha triple train accident), ক'ৰ'মণ্ডল এক্সপ্ৰেছে বুধবাৰৰ পৰা পুনৰ সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছে । "ক'ৰ'মণ্ডল এক্সপ্ৰেছে বুধবাৰৰ পৰা সেৱা পুনৰ আৰম্ভ কৰিবলৈ সাজু (Coromandel Express set to resume services) ।" ৰে'লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে এই কথা কয় ।

উল্লেখ্য, ২ জুনত বালাছোৰৰ বাহানাগা ৰে'ল ষ্টেচনৰ ওচৰত শালিমাৰ-চেন্নাই ক'ৰ'মণ্ডেল এক্সপ্ৰেছৰ এখন ৰখি থকা মালবাহী ৰে'লৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত কেইবাটাও ডবা লাইনচ্যুত হয় (Coromandel Express accident in balasore Odisha) । যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । বাহানাগা ৰে'ল ষ্টেচনৰ ওচৰত ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ প্ৰায় ১০-১২ টা ডবা লাইনচ্যুত হৈ অন্য এটা ট্ৰেকত পৰি যায় ।

পৰৱৰ্তী সময়ত উক্ত ট্ৰেকটোৰে যশৱন্তপুৰৰ পৰা হাওৰালৈ যাত্ৰা কৰা তীব্ৰ বেগী হাওৰা এক্সপ্ৰেছখনৰ এই ডবাবোৰৰ সৈতে সংঘৰ্ষ হয় । যাৰ ফলত এই ৰে'লখনো পুনৰ লাইনচ্যুত হয় । ইফালে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে কয় যে "ইলেক্ট্ৰ'নিক ইণ্টাৰলকিংঙৰ পৰিৱৰ্তন"ৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য যে ইলেক্ট্ৰ'নিক ইণ্টাৰলকিং হৈছে সংকেত সঁজুলিৰ এক ব্যৱস্থা, যিয়ে ট্ৰেকত চলাচলৰ সময়ত দুখন ৰে'লৰ মাজত হ'ব পৰা সংঘৰ্ষ প্ৰতিহত কৰে । এইটো মূলত অনুপযুক্ত ক্ৰমত সংকেত সলনি হোৱা প্ৰতিহত কৰাৰ বাবে এক সুৰক্ষা ব্যৱস্থা । এই প্ৰণালীটোৰ উদ্দেশ্য হ'ল পথটো সুৰক্ষিত প্ৰমাণিত নোহোৱালৈকে কোনো ৰে'ল আগবাঢ়িবলৈ সংকেত নাপায় ।

আনহাতে, সোমবাৰে জিলাখনত যাত্ৰীবাহী ৰে'ল সেৱা পুনৰ আৰম্ভ হোৱাৰ কেইঘণ্টামান পিছত হাওৰা-পুৰী বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লখনে ওড়িশাৰ বালাছোৰত পুনৰ মেৰামতি কৰা ৰে'লপথটো অতিক্ৰম কৰে । ওড়িশাৰ তিনিখন ৰে'লৰ দুৰ্ঘটনাৰ পিছত বালাছোৰত ৰে'ল সেৱা প্ৰভাৱিত হৈছিল । ইফালে দেওবাৰে সন্ধিয়া অশ্বিনী বৈষ্ণৱে (Railway Minister Ashwini Vaishnaw) এখন মালবাহী ৰে'লৰ কৰ্মচাৰীলৈ হাত জোকাৰি সুৰক্ষিত যাত্ৰাৰ বাবে প্ৰাৰ্থনা কৰে । যাৰ দ্বাৰা বালাছোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ ৫১ ঘণ্টাৰ পিছত ৰে'ল সেৱা পুনৰ আৰম্ভ হয় ।

"দুয়োটা ট্ৰেকতে ৰে'ল সেৱা পুনৰ কাৰ্যক্ষম কৰা হৈছে । দুৰ্ঘটনাটোৰ ৫১ ঘণ্টা পিছত এতিয়া দুয়োটা লাইনতে স্বাভাৱিক ৰে'ল সেৱা আৰম্ভ কৰা হৈছে ।" অশ্বিনী বৈষ্ণৱে কয় ।

লগতে পঢ়ক :Wrestlers Protest : মল্লযোদ্ধাসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ চৰকাৰৰ: অনুৰাগ ঠাকুৰৰে হ‘ব বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.