ETV Bharat / bharat

LPG cylinder price hike : প্ৰতিটো গেছ চিলিণ্ডাৰত 250 টকাকৈ বৃদ্ধি

author img

By

Published : Apr 1, 2022, 1:00 PM IST

LPG cylinder price hike
পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

১ এপ্ৰিলৰ পৰা ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি পালে (Commercial LPG cylinder price hike)। এতিয়াৰে পৰা একোটা চিলিণ্ডাৰৰ মূল্য হ'ব ২,২৫৩ টকা অৱশ্যে, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই ।

নেশ্যনেল ডেস্ক,১ এপ্ৰিল : পুনৰ ৰন্ধন গেছৰ দাম বাঢ়িল (Cooking gas prices rise again)। আজিৰে পৰা ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি পালে (19 kg commercial LPG cylinder price hike)। এতিয়াৰে পৰা একোটা চিলিণ্ডাৰৰ বিনিময়ত আপুনি দিব লাগিব ২,২৫৩ টকা । অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই (Domestic LPG cylinder prices have not gone up)।

চৰকাৰে বিশ্বব্যাপী শক্তিৰ হাৰ বৃদ্ধিৰ বাবে ১ এপ্ৰিলৰ পৰা ছয় মাহৰ বাবে ঘৰুৱাভাৱে উৎপাদিত প্ৰাকৃতিক গেছৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি কৰিছে । পেট্ৰ'লিয়াম মন্ত্ৰালয়ৰ পেট্ৰ'লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষে (PPAC) জাৰী কৰা এক জাননী অনুসৰি ৰাজ্যিক মালিকানাধীন অ'এনজিচি আৰু অইল ইণ্ডিয়া লিমিটেডৰ নিয়ন্ত্ৰিত ক্ষেত্ৰৰ পৰা গেছৰ মূল্য বৰ্তমানৰ ২.৯০ আমেৰিকান ডলাৰৰ পৰা প্ৰতি নিযুত ব্ৰিটিছ থাৰ্মেল ইউনিটত ৬.১০ আমেৰিকান ডলাৰলৈ বৃদ্ধি হ'ব । ইয়াৰ ফলত চিএনজি আৰু পাইপযুক্ত ৰন্ধন গেছৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ইফালে যোৱা ১০ দিনত একেৰাহে বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol and Diesel price hike in India)। প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মুঠ ৬.৪০ টকাকৈ বৃদ্ধি হৈছে । আনহাতে শেহতীয়াকৈ ৰন্ধন গেছৰো প্ৰতি চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পাইছিল ।

উল্লেখ্য যে চৰকাৰে প্ৰতি ছয় মাহত গেছৰ মূল্য নিৰ্ধাৰণ কৰে । প্ৰতি বছৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ৰাছিয়াৰ দৰে গেছ উৎপাদনকাৰী ৰাষ্ট্ৰবোৰত প্ৰচলিত হাৰৰ ওপৰত ভিত্তি কৰি ১ এপ্ৰিল আৰু ১ অক্টোবৰত নতুন মূল্য নিৰ্ধাৰণ কৰা হয় । ইফালে গেছৰ মূল্য বৃদ্ধিৰ ফলত দিল্লী আৰু মুম্বাইৰ দৰে চহৰত চিএনজি (CNG) আৰু পাইপেৰে যোগান ধৰা ৰন্ধন গেছৰ মূল্য ১০-১৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এই চহৰসমূহত চিএনজি আৰু পাইপযুক্ত ৰন্ধন গেছৰ যোগান অ'এনজিচিৰ (ONGC) দ্বাৰা উৎপাদিত গেছৰ পৰা আহে ।

গেছৰ মূল্য বৃদ্ধিৰ ফলত বিদ্যুৎ উৎপাদনৰ ব্যয়ো বৃদ্ধি হ'ব কিন্তু গ্ৰাহকসকলে ইয়াৰ দ্বাৰা প্ৰভাৱিত নহ'ব । একেদৰে, সাৰ উৎপাদনৰ ব্যয়ো বৃদ্ধি হ'ব কিন্তু যিহেতু চৰকাৰে এই ক্ষেত্ৰত ৰাজসাহায্য দিয়ে সেয়ে সাৰৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই ।

লগতে পঢ়ক :বৃহস্পতিবাৰে ৮০ পইচাকৈ বাঢ়িল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.