ETV Bharat / bharat

Tripura Congress Allegation : ত্ৰিপুৰাত কংগ্ৰেছকৰ্মীক আক্ৰমণ, কাৰ্যালয় লণ্ড-ভণ্ড

author img

By

Published : Nov 1, 2022, 1:08 PM IST

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থকসকলে সোমবাৰে কমেও পাঁচটা স্থানত বিজেপি সমৰ্থকৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ অভিযোগ (Tripura Congress alleged attack by BJP supporters) ।

Tripura
Tripura

আগৰতলা, ১ নৱেম্বৰ : ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থকসকলে সোমবাৰে কমেও পাঁচটা স্থানত বিজেপি সমৰ্থকৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ অভিযোগ (Tripura Congress alleged attack by BJP supporters) । লগতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী (death anniversary of Indira Gandhi) পালন কৰি থকাৰ সময়ত আগৰতলা চহৰৰ ইন্দ্ৰনগৰ অঞ্চলত কংগ্ৰেছ দলৰ এটা কাৰ্যালয় বিজেপি কৰ্মীয়ে ভাঙি চূড়মাৰ কৰাৰ অভিযোগো উত্থাপন কৰিছে ।

সাংবাদিকৰ সৈতে বাৰ্তালাপত বিজেপিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আশিস কুমাৰ সাহাই কয়, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী উদযাপনৰ সময়ত আগৰতলাৰ ইন্দ্ৰনগৰৰ দলীয় কাৰ্যালয়ত বিজেপিৰ গুণ্ডাই গুণ্ডামি কৰি কাৰ্যালয়টো ভাঙি চূড়মাৰ কৰে । লগতে দলৰ পতাকা, ফেষ্টুন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দুৰ্বৃত্তই লণ্ডভণ্ড কৰে ।

"যিসময়ত মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই (Tripura CM Manik Saha) সুশাসনৰ বিষয়ে প্ৰচাৰ চলাই আছে, তেওঁৰ কৰ্মীসকল, সমৰ্থকসকলে তেওঁক ভুল প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাই । তেওঁৰ কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ বিপৰীত দিশত কাম কৰি আছে ।" তেওঁ কয় । সাহাৰ মতে, কংগ্ৰেছ কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কেইবাঠাইতো দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰাৰ সময়ত ভাবুকি আৰু শাৰীৰিক আক্ৰমণৰ সন্মুখীন হয় ।

তেওঁ লগতে কয় যে কাৰ্যসূচীৰ অংশ হিচাপে বহু ঠাইত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰা হয় । "প্ৰথমে তেওঁলোকে খাদ্যবোৰ দলিয়াই দিয়ে আৰু সিদ্ধি আশ্ৰম অঞ্চলত সকলোবোৰ নষ্ট কৰি পেলায় । বিজেপি সমৰ্থিত দুৰ্বৃত্তই সকলো ধ্বংস কৰিছে । গোমতী জিলাৰ অন্তৰ্গত শালগাৰাহৰ উদয়পুৰতো একেই ঘটনা ঘটে ।" তেওঁ অভিযোগ কৰে ।

সাহাই আৰু অভিযোগ কৰে যে বিজেপিৰ গুণ্ডাসকলে তিনিগৰাকী মহিলা কংগ্ৰেছ কৰ্মীকো উৎপীড়ন চলায় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাৰ্থ সাহা নামৰ যুৱ কংগ্ৰেছ নেতা এগৰাকীক প্ৰহাৰ কৰে । "ভগ্নীসকলক বিজেপিৰ গুণ্ডাৰ হাতৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকে ত্ৰিপুৰা কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া সমন্বয়ক সুনিৰ্মল চক্ৰৱৰ্তীকো আক্ৰমণ কৰে । সাহাই লগতে অভিযোগ কৰে । তেওঁ জনোৱা মতে, ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে আশ্বাস দিছে যে অভিযুক্ত ব্যক্তিসকলক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব ।

লগতে পঢ়ক :Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.