ETV Bharat / bharat

Rahul to Visit Rajasthan : ৰাজস্থানত প্ৰচাৰ নচলোৱাৰ গুজৱ প্ৰত্যাখ্যান কংগ্ৰেছৰ; ৰাহুল গান্ধীয়ে শীঘ্ৰে ৰাজস্থান ভ্ৰমণ কৰিব

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:14 PM IST

"এইটো বিজেপিয়ে আমাৰ বিৰুদ্ধে কৰা এক অপপ্ৰচাৰ । দলটোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজি আছে । মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি আমাৰ শীৰ্ষ নেতৃত্বই আন নিৰ্বাচনমুখী ৰাজ্যসমূহ ব্যস্ত আছে । তেওঁলোক শীঘ্ৰেই ৰাজস্থানলৈ আহিব ।" ৰাজস্থানৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক এছ এছ ৰন্ধাৱাই কয় । ইটিভি ভাৰতৰ অমিত অগ্নিহোত্ৰীৰ প্ৰতিবেদন ।

ৰাজস্থানত প্ৰচাৰ নচলোৱাৰ গুজৱ প্ৰত্যাখ্যান কংগ্ৰেছৰ; ৰাহুল গান্ধীয়ে শীঘ্ৰে ৰাজস্থান ভ্ৰমণ কৰিব
Rahul to Visit Rajasthan

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে থকা মতভেদৰ বাবে তাৰিখ ঘোষণাৰ পিছতো ৰাহুল গান্ধীয়ে ৰাজস্থানলৈ প্ৰচাৰ চলাবলৈ নোযোৱাৰ অভিযোগ উঠিছে । কিন্তু নিৰ্বাচনমুখী ৰাজ্যখনত ৰাহুল গান্ধীয়ে প্ৰচাৰ নকৰাৰ যি গুজৱ প্ৰচাৰ হৈছে সেয়া মঙলবাৰে কংগ্ৰেছে প্ৰত্যাখ্যান কৰিছে । উল্লেখ্য যে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু জ্যেষ্ঠ নেতা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বিগত সপ্তাহবোৰত ৰাজস্থান ভ্ৰমণ কৰিছে ।

কিন্তু ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাত যথেষ্ট সময় অতিবাহিত কৰি থকা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ সময়সূচী ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজ্যখনত উপস্থিত হোৱা নাই । এইটোৱে গেহলটৰ সৈতে তেওঁৰ মতানৈক্য হোৱা বুলি সৃষ্টি হোৱা গুজৱক মাত্ৰা প্ৰদান কৰিছে ।

"এইটো হৈছে বিজেপিয়ে আমাৰ বিৰুদ্ধে চলোৱা এক অপপ্ৰচাৰ । দলটোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজি আছে । মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি আমাৰ শীৰ্ষ নেতৃত্বই আন নিৰ্বাচনমুখী ৰাজ্যসমূহত ব্যস্ত আছে । তেওঁলোক শীঘ্ৰেই ৰাজস্থানলৈও আহিব ।" ৰাজস্থানৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক এছ এছ ৰন্ধাৱাই ইটিভি ভাৰতৰ আগত কয় ।

আনহাতে, দলৰ ভিতৰুৱা তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে ১৬ নৱেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব । ৰাজস্থানৰ চুৰাটগড়, তাৰানগৰ আৰু নোহাৰত তিনিখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰচাৰ চলাব বুলি আশা কৰা হৈছে । উল্লেখ্য যে ২০০ জনীয়া ৰাজস্থান বিধানসভাৰ ভোটগ্ৰহণ ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব । ফলাফল ৩ ডিচেম্বৰত ঘোষণা হ'ব । এআইচিচিৰ এগৰাকী জ্যেষ্ঠ কৰ্মীয়ে এই সন্দৰ্ভত কয়, "১৬ নৱেম্বৰৰ পৰা খাৰ্গেয়ে তিনিদিন, ৰাহুলে চাৰিদিন আৰু প্ৰিয়ংকাই তিনিদিন ৰাজস্থানত কটাব ।" ৰাজস্থানৰ ভাৰপ্ৰাপ্ত এআইচিচি সচিব কাজী নিজামুদ্দিনৰ মতে, "ৰাহুল গান্ধী ৰাজস্থানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ।"

"ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাজস্থানত ১৮ দিনৰ আটাইতকৈ দীঘলীয়া পথ খোজকাঢ়িছিল । ৰাজস্থানত কাৰ্যকৰী কৰা নীতি বা দলটোৱে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি- এই সকলোবোৰ যাত্ৰাৰ সময়ত ৰাজ্যখনৰ দৰিদ্ৰ আৰু প্রান্তিক শ্ৰেণীৰ লোকসকলৰ সৈতে হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি লোৱা । দলটো খাৰ্গেৰ পৰা বুথ পৰ্যায়ৰ কৰ্মীলৈ একত্ৰিত হৈছে আৰু আমি দ্বিতীয়বাৰৰ বাবে জিকিবলৈ গৈ আছোঁ ।" নিজামুদ্দিনে কয় ।

ইফালে দলৰ ভিতৰুৱা সূত্ৰ মতে, গেহলটক ৰাহুলৰ ৰেলীৰ স্থানত দলটোৰ একতাৰ ছবিখন প্ৰকাশ কৰিবলৈ বিভিন্ন পোষ্টাৰত তেওঁৰ প্ৰতিদ্বন্দ্বী শচীন পাইলটৰ ফটো অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । তাৰ পূৰ্বে গেহলটে খাৰ্গেক ৰাজ্যখনত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলা গুজৱৰ সম্ভাৱ্য নেতিবাচক পৰিণামৰ বিষয়েও অৱগত কৰিছে ।

শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মহিলাসকলৰ সৈতে সম্পৰ্কিত এক নিৰ্বাচনী গেৰাণ্টিৰ বিষয়ত গেহলট আৰু পাইলট দুয়োৰে ছবি থকা এখন হৰ্ডিং পোহৰলৈ আহিছে । ইয়াৰ উপৰি দলৰ ভিতৰুৱা সূত্ৰই লগতে জনাইছে যে শচীন পাইলটক ১৪ আৰু ১৫ নৱেম্বৰত মধ্যপ্ৰদেশত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ কোৱা হৈছে ।

লগতে পঢ়ক :Rajasthan Election 2023: বিজেপিয়ে শত্ৰুৰ দৰে কথা কয়, ই দেশৰ বাবে শুভ লক্ষণ নহয়: অশোক গেহলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.