ETV Bharat / bharat

Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়কত আছে দুটা প্ৰধান বিসংগতি; কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:15 PM IST

AICCৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে ৩৩ শতাংশ সংৰক্ষণৰ বাবে পূৰ্ব-চৰ্ত হিচাপে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ বিৰোধিতা কৰে আৰু সামাজিক ন্যায় নিশ্চিত কৰাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ভিতৰত অনুসূচীত জাতি, জনজাতি আৰু অ'বিচি মহিলাসকলক সংৰক্ষণৰ দাবী উত্থাপন কৰিছে ৷

Women's Reservation Bil
Women's Reservation Bil

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: কংগ্ৰেছে শনিবাৰে মহিলা সংৰক্ষণ বিধেয়কৰ কেইবাটাও বিসংগতি উলিয়াই আৰু কয় যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত 33 শতাংশ আসন সংৰক্ষণৰ বাবে মহিলাসকলক বেছি সময় অপেক্ষা কৰাব নালাগে ৷ কংগ্ৰেছ নেতাসকলৰ মতে, মঙলবাৰে লোকসভাত চৰকাৰে উত্থাপন কৰা বিধেয়কখনত মুখ্যত দুটা বিসংগতি আছে ৷

কংগ্ৰেছে চৰকাৰক বিসংগতি আঙুলিয়াই দি কয় যে আসনসমূহ (quota) লোকপিয়ল আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সৈতে সংযুক্ত কৰা হৈছিল যাৰ বাবে কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাছিল । দলৰ নেতাসকলে আঙুলিয়াই দিয়ে যে চৰকাৰে 2021 চনৰ লোকপিয়লৰ তথ্য লোৱা নাই ৷ 2011 চনত অন্তিম লোকপিয়ল অনুষ্ঠিত হোৱাৰ পিছত নিৰ্ধাৰিত সময়সূচী অনুসৰি 2021 চনৰ পিয়ল হ’ব লাগিছিল ৷

লগতে, সমগ্ৰ দেশত এক নতুন লোকপিয়ল অনুষ্ঠিত কৰা, ইয়াৰ তথ্য সঠিকভাৱে বিশ্লেষণ কৰা আৰু তাৰ পিছত প্ৰতিবেদন প্ৰকাশ কৰা আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ প্ৰায় দুবছৰ সময় লাগিব ৷ লগতে, সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে চৰকাৰে প্ৰথমে এক বিশেষজ্ঞ সমিতি ঘোষণা কৰিব লাগিব যিয়ে লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰি প্ৰতিবেদন দাখিল কৰিব । ইয়াৰ বাবেও বহুবছৰৰ প্ৰয়োজন হ’ব ৷ এনে প্ৰেক্ষাপটত 2029 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া কাৰ্যকৰী কৰিব পৰা নাযাব বুলি কংগ্ৰেছে আশংকা প্ৰকাশ কৰিছে ৷

বিধেয়কখনক লৈ ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি AICCৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে চৰকাৰে দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীয়ে উত্থাপন কৰা দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান কৰিব লাগিব ।

তেওঁ কয়, ‘‘প্ৰথমটো হ'ল লোকপিয়ল আৰু সীমা নিৰ্ধাৰণক 33 শতাংশ কোটাৰ বাবে পূৰ্ব-চৰ্ত হিচাপে গঢ়ি তোলা নহয় আৰু দ্বিতীয়টো হ'ল সামাজিক ন্যায় নিশ্চিত কৰাৰ বাবে 33 শতাংশ কোটাৰ ভিতৰত অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ’বিচি মহিলাসকলক সংৰক্ষণ প্ৰদান কৰা ।’’

AICCৰ কৰ্মকৰ্তা গুৰদীপ চাপ্পালে উল্লেখ কৰে যে মহিলাসকলৰ বাবে 33 শতাংশ আসন সংৰক্ষণ 2024 চনৰ লোকসভা নিৰ্বাচনত বাদ পৰাৰ সম্ভাৱনা আছে ৷ লগতে সন্দেহ প্ৰকাশ কৰে যে এই প্ৰক্ৰিয়া 2039 ৰ লোকসভা নিৰ্বাচনলৈকো বিলম্ব হোৱাৰ সম্ভৱনা আছে ৷

কংগ্ৰেছৰ আশংকা যে সংসদৰ দ্বাৰা মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাছতো, 2024 চনৰ লোকসভা নিৰ্বাচনত মহিলাৰ বাবে প্ৰস্তাৱিত 33 শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰা নহ'ব ।

লগতে পঢ়ক: Women reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক ভাৰতীয় ৰাজনীতিত এক অস্থায়ী সমাধান-বিশ্লেষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.