ETV Bharat / bharat

ইডিৰ পিএমএলএ গোচৰৰ অভিযোগনামাত প্ৰিয়ংকা গান্ধীৰ নাম

author img

By ANI

Published : Dec 28, 2023, 12:51 PM IST

ED PMLA case
ইডিৰ পিএমএলএ গোচৰৰ অভিযোগনামাত প্ৰিয়ংকা গান্ধীৰ নাম

PMLA Case : ইডিৰ মতে, মাটিখিনি মাটিৰ এজেণ্ট পাহৱাৰ পৰা ফৰিদাবাদৰ অমিপুৰ গাঁৱত ক্ৰয় কৰা হৈছিল । একেজন এজেণ্টৰ জৰিয়তে প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভদ্ৰায়ো 2005-2006 চনৰ পৰা অমিপুৰ গাঁৱত 40.08 একৰ জোখৰ তিনিটুকুৰা মাটি ক্ৰয় কৰিছিল আৰু 2010 চনৰ ডিচেম্বৰত তেওঁক একেখিনি মাটি বিক্ৰী কৰিছিল ।

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম ইয়াৰ কৃষিভূমি ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় কেলেংকাৰীৰ গোচৰৰ অভিযোগনামাত উল্লেখ কৰিছে । উল্লেখ্য যে ইডিৰ অভিযোগনামাত ২০০৬ চনত দিল্লীস্থিত ৰিয়েল ইষ্টেট এজেণ্ট এইচ এল পাহৱাৰ পৰা হাৰিয়ানাৰ ফৰিদাবাদত পাঁচ একৰ কৃষিভূমি ক্ৰয় কৰা আৰু ২০১০ চনৰ ফেব্ৰুৱাৰীত তেওঁক একেখিনি ভূমি বিক্ৰী কৰাত তেওঁৰ ভূমিকাৰ কথা উল্লেখ কৰিছে ।

ইডিৰ মতে, মাটিখিনি মাটিৰ এজেণ্ট পাহৱাৰ পৰা ফৰিদাবাদৰ অমিপুৰ গাঁৱত ক্ৰয় কৰা হৈছিল । একেজন এজেণ্টৰ জৰিয়তে প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভদ্ৰায়ো 2005-2006 চনৰ পৰা অমিপুৰ গাঁৱত 40.08 একৰ জোখৰ তিনিটুকুৰা মাটি ক্ৰয় কৰিছিল আৰু 2010 চনৰ ডিচেম্বৰত তেওঁক একেখিনি মাটি বিক্ৰী কৰিছিল ।

আনহাতে, এই এজেণ্টজনে প্ৰৱাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পিকো মাটি বিক্ৰী কৰিছিল । এই বৃহত্তৰ গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীও জড়িত আছে । এই সঞ্জয় ভাণ্ডাৰী একাধিক সংস্থাৰ দ্বাৰা ধন আত্মসাৎ, বৈদেশিক মুদ্ৰা উলংঘন, ক'লা ধন আইন উলংঘন আৰু অফিচিয়েল চিক্ৰেটছ এক্টৰ বাবে তদন্তৰ অধীনত আছে । তেওঁ ২০১৬ চনত ভাৰতৰ পৰা ব্ৰিটেইনলৈ পলাই গৈছিল । থাম্পিৰ লগতে এজন ব্ৰিটিছ নাগৰিক সুমিত চাদাৰ বিৰুদ্ধে ভাণ্ডাৰীক অপৰাধ লুকুৱাবলৈ সুবিধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ইডিয়ে গোচৰটোৰ সৈতে সম্পৰ্কিত ইয়াৰ পূৰ্বৰ অভিযোগনামাত ৰবাৰ্ট ভদ্ৰাক থাম্পিৰ এজন ঘনিষ্ঠ সহায়ক হিচাপে অভিযোগ কৰিছে । নতুন অভিযোগনামাখনত উল্লেখ কৰা হৈছে যে পাহৱাই ভূমি অধিগ্ৰহণৰ উদ্দেশ্যে নগদ ধন লাভ কৰিছিল । এইটোও উল্লেখ কৰা হৈছে যে ৰবাৰ্ট ভদ্ৰাই পাহৱাক বিক্ৰীৰ সম্পূৰ্ণ নথিপত্ৰ প্ৰদান কৰা নাছিল ।

এই সন্দৰ্ভত ইডিৰ তদন্ত এতিয়াও চলি আছে । অৱশ্যে উপৰিউক্ত লেনদেনবোৰ প্ৰতিফলিত কৰা পাহৱাৰ হিচাপ বহীত থকা লেজাৰ একাউণ্টবোৰৰ প্ৰতিলিপি ১৭ নৱেম্বৰ, 2023 তাৰিখৰ ৰেকৰ্ড পত্ৰত লোৱা হৈছিল ।

"এইটো দাখিল কৰা হৈছে যে ৰবাৰ্ট ভদ্ৰাই ক্ৰমান্বয়ে 1 নৱেম্বৰ, 2007 আৰু 16 নৱেম্বৰ, 2007 তাৰিখে ভাৰতত স্কাই লাইট হস্পিটালিটি প্ৰাইভেট লিমিটেড আৰু স্কাই লাইট ৰিয়েলিটি প্ৰাইভেট লিমিটেডৰ নামৰ প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰিছিল । কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটৰ পৰা এই তথ্য ডাউনলোড কৰা হৈছে । আনহাতে ইউএইত স্কাই লাইট ইনভেষ্টমেণ্ট এফজেই নামৰ এটা প্ৰতিষ্ঠান 1 এপ্ৰিল, 2009 তাৰিখে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু চি চি থাম্পিক ইয়াৰ একমাত্ৰ অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ।" অভিযোগনামাখনত উল্লেখ কৰা হৈছে ।

"থাম্পি আৰু তেওঁৰ ভাৰতীয় অংশীদাৰসকলৰ ওপৰত তদন্তৰ সময়ত টি-3/219/এইচকিউ/2015 নং গোচৰত বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন, 1999 (ফেমা)ৰ অধীনত চলি থকা তদন্তত দেখা গৈছে যে থাম্পীয়ে 2005 চনৰ পৰা 2008 চনলৈ হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ অমিপুৰ গাঁৱত এইচএল পাহৱা নামৰ দিল্লী এনচিআৰ ভিত্তিক এজন ৰিয়েল ইষ্টেট এজেণ্টৰ জৰিয়তে 486 একৰ (প্ৰায়) ভূমি ক্ৰয় কৰিছিল ।" অভিযোগনামাত উল্লেখ কৰা হৈছে ।

অভিযোগনামাখনত এইটোও উল্লেখ কৰা হৈছে যে ৰবাৰ্ট ভাদ্ৰাই 1 নৱেম্বৰ, 2007 তাৰিখে ব্লভে ব্ৰীজ ট্ৰেডিং প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থা ভাৰতত অন্তৰ্ভুক্ত কৰিছিল, যাক পিছত এলএলপিলৈ ৰূপান্তৰ কৰা হৈছিল । "উক্ত সংস্থাটোৰ ইমেইল আইডি হৈছে bivebreezetrading@zmall.com । সেই সময়ত ই এটা ব্যক্তিগত সীমিত সংস্থা আছিল আৰু পিছত ইয়াক এলএলপিলৈ ৰূপান্তৰিত কৰা হৈছিল । উক্ত প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তিৰ নথিপত্ৰসমূহ কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা হৈছিল । এইটো সেই একেটা ইমেইল আইডি, য'ত ডুবাইৰ চি চি থাম্পিৰ নিযুক্তিপ্ৰাপ্ত বীণা নামৰ এজ ব্যক্তিয়ে লণ্ডনৰ 12 ব্ৰাইনষ্টন স্কোৱেৰৰ সম্পত্তিৰ সন্দৰ্ভত যোগাযোগ কৰিছিল ।" অভিযোগনামাখনত উল্লেখ কৰা হৈছে ।

আনহাতে, এক বিবৃতিত ইডিয়ে মঙলবাৰে লণ্ডনত এটা সম্পত্তি ক্ৰয় কৰাৰ সন্দৰ্ভত ৰবাৰ্ট ভদ্ৰাৰ কথাও উল্লেখ কৰিছিল, যিটো তদন্তৰ এক অংশ । ভাদ্ৰা আৰু থাম্পিৰ মাজৰ সম্পৰ্কৰ বিৱৰণ দি অভিযোগনামাখনত কোৱা হৈছে, "এই ক্ষেত্ৰত তদন্ত চলি থকা সময়ত দেখা গৈছে যে চি চি থাম্পি আৰু ৰবাৰ্ট ভদ্ৰাৰ মাজত এক দীঘলীয়া আৰু ঘনিষ্ঠ সম্পৰ্ক আছে । কেৱল ব্যক্তিগত/সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কয়ে নহয়, তেওঁলোকৰ মাজত উমৈহতীয়া আৰু একে ধৰণৰ ব্যৱসায়িক স্বাৰ্থও দেখা পোৱা যায় ।"

উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰীত গ্ৰেপ্তাৰ হোৱা থাম্পিয়ে ইডিক স্পষ্টকৈ কৈছিল যে তেওঁ ৰবাৰ্ট ভদ্ৰাক ১০ বছৰতকৈও অধিক সময় ধৰি চিনি পায় আৰু ভদ্ৰাৰ ইউএই ভ্ৰমণৰ সময়ত আৰু দিল্লীত তেওঁলোকে কেইবাবাৰো লগ পাইছিল ।

লগতে পঢ়ক :শনিবাৰে অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী মোদী, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ সতৰ্কতা জাৰি চোৰাংচোৱা সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.