ETV Bharat / bharat

কংগ্ৰেছৰ পৰা পদত্যাগ বৰ্ষীয়ান নেতা গুলাম নবী আজাদৰ

author img

By

Published : Aug 26, 2022, 12:50 PM IST

কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰবীন কংগ্ৰেছী নেতা গুলাম নবী আজাদৰ (Ghulam Nabi Azad resigns from Congress)৷ বৰ্ষীয়ান নেতা গৰাকীয়ে দলৰ প্ৰাথমিক সদস্য পদকে ধৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে (resignation letter to Sonia Gandhi) ।

কংগ্ৰেছৰ পৰা পদত্যাগ বৰ্ষীয়ান নেতা গুলাম নবী আজাদৰ
কংগ্ৰেছৰ পৰা পদত্যাগ বৰ্ষীয়ান নেতা গুলাম নবী আজাদৰ

নেশ্যনেল ডেস্ক, 26 আগষ্ট: কংগ্ৰেছত খহনীয়া ৷ কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰবীন কংগ্ৰেছী নেতা গুলাম নবী আজাদৰ (Ghulam Nabi Azad resigns from Congress) ৷ বৰ্ষীয়ান নেতা গৰাকীয়ে দলৰ প্ৰাথমিক সদস্য পদকে ধৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে (resignation letter to Sonia Gandhi) ।

নেতাগৰাকীয়ে দলৰ মুৰব্বী ছোনিয়া গান্ধীক এখন 5 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ প্ৰদান কৰে ৷ এই পত্ৰখনত তেওঁৰ কংগ্ৰেছৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু ইন্দিৰা গান্ধীৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰে । পত্ৰখনত তেও উল্লেখ কৰিলে, কংগ্ৰেছ দলৰ পৰিস্থিতি পতনৰ শেষৰ বিন্দুত উপনীত হৈছে ৷

লগতে আজাদে নিজৰ স্বাস্থ্যজনিত সমস্যাৰ কথা উল্লেখ কৰি জম্মু-কাশ্মীৰৰ সাংগঠনিক পদৰ পৰা পদত্যাগ কৰাৰ কথাও উল্লেখ কৰে ৷ লগতে কংগ্ৰেছৰ পতনৰ বাবে ৰাহুল গান্ধীক দোষাৰোপ কৰি আজাদে কয় যে "দুৰ্ভাগ্যবশতঃ ৰাজনীতিত ৰাহুল গান্ধীৰ প্ৰৱেশৰ পিছত আৰু বিশেষকৈ জানুৱাৰী ২০১৩ ৰ পিছত যেতিয়া তেওঁক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল, তেতিয়াৰ পৰাই দলটোৰ পতন নিশ্চিত হৈছিল ৷"

লগতে পঢ়ক: বিজেপি বিধায়ক ৰাজা সিঙক আকৌ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.