ETV Bharat / bharat

২০২৩ৰ নিৰ্বাচনৰ পৰাজয়ৰ আঁৰত আছে ই ভি এম: কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:06 PM IST

Updated : Dec 8, 2023, 5:22 PM IST

শেহতীয়া নিৰ্বাচনত মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছে মুখথেকেচা খাবলগীয়া হৈছে । অৱশ্যে পৰাজয়ৰ বাবে ই ভি এমক দোষাৰোপ কৰিছে কংগ্ৰেছে । ইফালে মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ ভিতৰচ'ৰাত এই বিষয়ে আলোচনা হোৱাৰ পোষকতা কৰিছে কংগ্ৰেছ নেতাসকলে ।

Congress debates role of EVMs behind 2023 poll losses
২০২৩ৰ নিৰ্বাচনৰ পৰাজয়ৰ আঁৰত আছে ই ভি এম

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছ দলটো শোচনীয়ভাৱে পৰাজিত হৈছে । তাৰ পাছতে কংগ্ৰেছে ইয়াৰ আঁৰত ই ভি এমৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এক সুষম দৃষ্টিভংগী গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে মিত্ৰজোঁট 'ইণ্ডিয়া'ই ।

মধ্যপ্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক চি পি মিট্টালে সংবাদ মাধ্যমক কয় যে মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বৃহৎ আসনৰ পাৰ্থক্যৰ লগতে দুয়োটা দলৰ মাজত ভোটৰ অংশৰ পাৰ্থক্য দেখা গৈছে । জনসাধাৰণৰ মনোভাৱ বিজেপি বিৰোধী আছিল যাৰ বাবে এই ফলাফলে সকলোকে আচৰিত কৰি তুলিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ মতে কৰবাত কিবা ভুল আছে আৰু ই ভি এমৰ ভূমিকা সন্দেহজনক বুলি দাবী কৰিছে । যদি বিৰোধী মিত্ৰজোঁটৰ ভিতৰত ই ভি এমৰ বিষয়টো আলোচনা কৰা হয় আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক সামূহিক দৃষ্টিভংগী লোৱা হয় তেন্তে ভাল হ'ব বুলিও চি পি মিট্টালে উল্লেখ কৰে ।

তেওঁ লগতে কয় যে কংগ্ৰেছ দলৰ হাইকমাণ্ডে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো উচিত । দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এআইচিচি আৰু ৰাজ্যিক কৰ্মকৰ্তাসকলৰ সৈতে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত হোৱা নিৰ্বাচনী ক্ষতিৰ পৰ্যালোচনা কৰাৰ পাছতে চি পি মিট্টালে এই মন্তব্য কৰিছে ।

নিৰ্বাচনৰ ফলাফলৰ পাছতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে ই ভি এমৰ টেম্পাৰিঙক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছে । ইফালে দলটোৰ ভিতৰচ'ৰাত ই ভি এম বিৰোধী কণ্ঠস্বৰো শক্তিশালী হোৱা দেখা গৈছে ।

বাঘেলে দাবী কৰিছিল যে ই ভি এমৰ যিকোনো প্ৰসংগই বিজেপিক অস্বস্তিত পেলাইছে । ইফালে দলৰ বিধায়কসকলে তেওঁলোকৰ দুৰ্গৰ বুথবোৰত মাত্ৰ ৫০ টা ভোট লাভ কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল কমল নাথে ।

কংগ্ৰেছ নেতা কমলেশ্বৰ পেটেলে এই সন্দৰ্ভত কয় যে ই ভি এমৰ জৰিয়তে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন সম্ভৱ নহয় । তেওঁ অভিযোগ কৰা মতে শেহতীয়া বিধানসভা নিৰ্বাচনত জনাদেশ চুৰি হৈছে । তেওঁৰ মতে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন কেৱল বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত কৰিব পাৰি । তেওঁৰ মতে পৃথিৱীৰ বহুতো দেশে ই ভি এম নিষিদ্ধ কৰিছে । এইটো ভাৰততো কৰা উচিত বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে ইটালী, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড আৰু আয়াৰলেণ্ডে ইভিএম ব্যৱহাৰ নকৰে ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙেও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চিপ থকা যিকোনো যন্ত্ৰ হেক কৰিব পাৰি । তেওঁ ২০০৩ চনৰ পৰাই ই ভি এমৰ দ্বাৰা ভোটদানৰ বিৰোধিতা কৰি আহিছে । ইচিআই আৰু উচ্চতম ন্যায়ালয়ক তেওঁ দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ অনুৰোধ জনায় ।

সিঙৰ মতে, বিজেপিয়ে ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচনত হোৱা লোকচানৰ বাবে ই ভি এম আৰু কংগ্ৰেছক দোষাৰোপ কৰিছিল আৰু তাৰ পূৰ্বে বিজেপি নেতা এল কে আদৱানীয়ে ২০০৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে ক্ষমতা হেৰুওৱাৰ সময়ত ই ভি এমৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ।

লগতে পঢ়ক :মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ শক্তি হ'ব; প্ৰধানমন্ত্ৰী মোদী

Last Updated : Dec 8, 2023, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.