ETV Bharat / bharat

Meghalaya Assembly Election : মেঘালয়ৰ নিৰ্বাচনৰ দলীয় প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

author img

By

Published : Jan 26, 2023, 5:21 PM IST

মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ । ৫৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ (Meghalaya Assembly election 2023) । অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।

Meghalaya
Meghalaya

গুৱাহাটী, ২৬ জানুৱাৰী : অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে (Meghalaya Assembly election 2023) । বুধবাৰে মেঘালয়ত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৫৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে (Meghalaya congress candidate list for election 2023) । বুধবাৰে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ অন্তত প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হয় (AICC President Mallikarjun Kharge) ।

মুঠ ৬০ টা সমষ্টিৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ বাবে ২৭ ফেব্ৰুৱাৰীত এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ২ মাৰ্চত ভোট গণনা অনুষ্ঠিত হ’ব । এআইচিচিয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বুধবাৰে নিশা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে ৫৫ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে দলটোৱে ছুটংগা চাইপুং সমষ্টিৰ পৰা শ্বিলং লোকসভাৰ সাংসদ ভিনচেণ্ট পালাক প্ৰক্ষেপ কৰিছে ।

যোৱা সপ্তাহত এন চি পিৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি ২৩ জানুৱাৰীত কংগ্ৰেছত যোগদান কৰা ছালেং এ চাংমাক গাম্বেগ্ৰে (এছ টি) বিধানসভা সমষ্টিৰ পৰা প্ৰক্ষেপ কৰা হৈছে । এই ৫৫ জনীয়া প্ৰাৰ্থী তালিকাত কংগ্ৰেছে উত্থাপন কৰা প্ৰাৰ্থীৰ অধিকাংশই নতুন মুখৰ । ৰাজ্যখনত কংগ্ৰেছে যোৱা দুটা বছৰ ধৰি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । কংগ্ৰেছৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ১১ জন বিধায়কক লগত লৈ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনত কংগ্ৰেছ সাংগঠনিকভাৱে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ যাৰ ফলত নতুনকৈ সংগঠন গঢ়িবলগা হৈছে দলটোৱে ৷

উল্লেখ্য, বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে মেঘালয়ৰ শাসকীয় দল NPP-কে ধৰি বিজেপি, তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ আদি সকলো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে ৷ সম্প্ৰতি মেঘালয়ত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে তৃণমূল কংগ্ৰেছে (Trinamool Congress) ৷ ইতিমধ্যে তৃণমূল

কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে TMC-ৰ সাংসদ অভিষেক বেনাৰ্জীৰ সৈতে মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মেঘালয় দখলৰ বাবে একপ্ৰকাৰ উঠি-পৰি লাগিছে তৃণমূল কংগ্ৰেছ ৷ আনহাতে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha election 2024) পূৰ্বে তৃণমূল কংগ্ৰেছে নিজকে বিজেপিৰ একমাত্ৰ বিকল্প হিচাপে গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :PM’s message on Republic Day: দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.