ETV Bharat / bharat

Manipur Violence : কংগ্ৰেছেই মণিপুৰত জাতিগত সংঘৰ্ষৰ বীজ ৰোপণ কৰিছিল; বিজেপি নেতা অমিত মালৱ্য

author img

By

Published : Jun 22, 2023, 7:51 PM IST

অমিত মালৱ্যই কংগ্ৰেছক অধিক দায়বদ্ধ হ'বলৈ আৰু চলিত সংকট সমাধানত অৰিহণা যোগাবলৈ আহ্বান জনাইছে । বৃহস্পতিবাৰে পুৱাতে ৰাহুল গান্ধীয়ে মণিপুৰৰ হিংসাৰ বাবে বিজেপিক দোষাৰোপ কৰি আঙুলিয়াই দিছিল যে প্ৰধানমন্ত্ৰী মোদী দেশত উপস্থিত নথকাৰ সময়ত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছে ।

Manipur Violence
Manipur Violence

নিউজ ডেস্ক, ২২ জুন : মণিপুৰৰ হিংসাক লৈ এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত বোকা ছটিওৱা খেল আৰম্ভ হৈছে । কংগ্ৰেছে মণিপুৰৰ হিংসাৰ বাবে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ তথ্য-প্ৰযুক্তি কোষৰ মুৰব্বী অমিত মালৱ্যই বৃহস্পতিবাৰে বৰ্তমানৰ পৰিস্থিতিৰ বাবে কংগ্ৰেছকে দোষাৰোপ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে শাসনত থাকোঁতে দলটোৱে মণিপুৰত 'জাতিগত সংঘাতৰ বীজ' ৰোপণ কৰিছিল । মণিপুৰত সংঘটিত হিংসা কংগ্ৰেছৰ এক উত্তৰাধিকাৰী বুলিও মালৱ্যই অভিযোগ কৰে ।

তেওঁ প্ৰশ্ন কৰে যে ওক্ৰাম ইবোবি সিং চৰকাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পিছত ২০১৫-১৭ বৰ্ষৰ ভিতৰত মণিপুৰৰ চুৰাচান্দপুৰ কেনেকৈ জ্বলিছিল কংগ্ৰেছে পাহৰি গৈছে নেকি ? তেওঁ কয় যে মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি 'ন্যায়িক ঘোষণা'ৰ ফল, চৰকাৰে কৰিব পৰা কোনো কামৰ বাবে নহয় । কংগ্ৰেছক 'সংবেদনশীল বিষয়ৰ ৰাজনীতিকৰণত নিপুণ' বুলি অভিহিত কৰি মালৱীয়ই কয় যে দলটোৱে ত্ৰুটিৰেখা সম্প্ৰসাৰণ কৰাৰ বাবে কাম কৰাটো হতাশাজনক ।

তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছে গ'লপোষ্ট স্থানান্তৰিত কৰিছে । তেওঁ কয় যে কংগ্ৰেছে প্ৰথমতে সৰ্বদলীয় বৈঠকৰ দাবী জনাইছিল আৰু যেতিয়া এয়া ঘোষণা কৰা হৈছে তেতিয়া বৈঠকৰ মাত্ৰ দুদিন পূৰ্বে ইয়াক বৰ্জন কৰাৰ কাৰক সৃষ্টি কৰিছে । এইটো স্পষ্ট যে কংগ্ৰেছৰ উদ্দেশ্য সমাধান-সূত্ৰ বিচাৰি উলিওৱাটো নহয় । কিন্তু দায়বদ্ধতা এৰাই চলিবলৈ আৰু বিষয়টো উত্তেজিত কৰি ৰখাটোহে তেওঁলোকৰ উদ্দেশ্য বুলিও তেওঁ কয় ।

উল্লেখ্য, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰাৰ কেইঘণ্টামান পিছতে মালৱ্যৰ এই মন্তব্যটো আহে । ৰাহুলে টুইট কৰিছিল যে মণিপুৰ ৫০ দিন ধৰি জ্বলি থকা সত্ত্বেও প্ৰধানমন্ত্ৰী মোদী নীৰৱে আছে । অৱশেষত যদিও সৰ্বদলীয় বৈঠক আহ্বান কৰা হৈছে, কিন্তু প্ৰধানমন্ত্ৰী দেশত নাই । তেওঁ কয় যে ইয়াৰ অৰ্থ হৈছে যে বৈঠকখন প্ৰধানমন্ত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

আনহাতে, টুইটাৰৰ জৰিয়তে বিজেপি নেতাজনে কংগ্ৰেছৰ আচৰণক 'দায়িত্বহীন, দুৰ্ভাগ্যজনক আৰু নিশ্চিতভাৱে ৰাষ্ট্ৰৰ স্বাৰ্থৰ পৰিপন্থী' বুলি অভিহিত কৰে । কিয়নো ইয়াৰ দ্বাৰা মণিপুৰৰ সংঘৰ্ষক তেওঁলোকৰ জঘন্য ৰাজনৈতিক এজেণ্ডাক আগবঢ়াই নিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ কৰে । আনহাতে, বিশ্বই যেতিয়া নতুন উৎসাহ আৰু আশাৰে ভাৰতলৈ চাই আছে, তেতিয়া কংগ্ৰেছে এটা ঘৰুৱা সমস্যাক আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিব বিচাৰে বুলিও তেওঁ কয় ।

লগতে পঢ়ক :Manipur Situation : ২৪ জুনত নতুন দিল্লীত সৰ্বদলীয় বৈঠক আহ্বান অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.