ETV Bharat / bharat

Congress BJP clash in Kerala: বন্দে ভাৰত এক্সপ্ৰেছত কোনে আঁৰিলে কংগ্ৰেছী সাংসদৰ পোষ্টাৰ !

author img

By

Published : Apr 26, 2023, 4:50 PM IST

Cong MP supporters allegedly paste posters
মঙলবাৰে শুভাৰম্ভ কৰা বন্দে ভাৰত এক্সপ্ৰেছ

কেৰেলাত নতুনকৈ শুভাৰম্ভ কৰা বন্দে ভাৰত এক্সপ্ৰেছত কংগ্ৰেছ সাংসদৰ সমৰ্থকে সাংসদ গৰাকীৰ পোষ্টাৰ লগোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ উক্ত ঘটনাকলৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত এতিয়া চলিছে বাক-বিতণ্ডা (Congress BJP clash in Kerala) ৷

নিউজ ডেস্ক, 26 এপ্ৰিল : মঙলবাৰে কেৰেলাত সংঘটিত হ’ল এক অদ্ভূত ঘটনা ৷ কংগ্ৰেছৰ সাংসদ ভি কে শ্ৰীকন্দনক প্ৰশংসা কৰা কিছু পোষ্টাৰ সাংসদ,গৰাকীৰ সমৰ্থকে মঙলবাৰে শুভাৰম্ভ কৰা বন্দে ভাৰত এক্সপ্ৰেছত লগায় ৷ বন্দে ভাৰত এক্সপ্ৰেছ শোৰানুৰ জংচনত উপস্থিত হোৱাৰ পিছতেই এই ঘটনা ঘটে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে তিৰুৱন্তপুৰম-কাচাৰাগোড পথত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল (Vande Bharat Train In Kerala) ।

বন্দে ভাৰত এক্সপ্ৰেছত পোষ্টাৰ লগোৱা ঘটনাই এতিয়া কেৰালাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মৌখিক বিবাদৰ সূচনা কৰিছে আৰু দুয়োপক্ষই এটাই আনটোক উপহাস কৰিছে । দূৰদৰ্শন চেনেলসমূহৰ দ্বাৰা সম্প্ৰচাৰিত ফুটেজত আৰপিএফ জোৱানসকলে পালাক্কাডৰ কংগ্ৰেছ সাংসদ শ্ৰীকন্দনৰ পোষ্টাৰ আঁতৰোৱা দেখা গৈছিল । বিষয়াসকলে কৈছিল যে, চেমী-হাই স্পীডৰ ৰে'লখনৰ শোৰানুৰ জংচনত ষ্টপেজ থকাটো নিশ্চিত কৰাৰ বাবে সাংসদজনৰ প্ৰশংসাত কিছু লোকে ৰে'লখনত পোষ্টাৰ লগাইছিল (Shoranur station)।

ৰে’লখন শোৰানুৰ ষ্টেচনত উপস্থিত হোৱাৰ পিছত ঘটনাটো সংঘটিত হৈছিল । বন্দে ভাৰত এক্সপ্ৰেছৰ আগমনক আদৰণি জনোৱাৰ বাবে সাংসদ গৰাকী আৰু তেওঁৰ সমৰ্থকসকল ষ্টেচনত উপস্থিত আছিল । ঘটনাটোক লৈ কংগ্ৰেছৰ সাংসদক তীব্ৰ সমালোচনা কৰি বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনে অভিযোগ কৰিছিল যে এই কাৰ্যৰ আঁৰত সাংসদ ভি কে শ্ৰীকন্দনৰ সমৰ্থকসকল আছিল । ঘটনাটোক লৈ কংগ্ৰেছৰ সাংসদ আৰু তেওঁৰ সমৰ্থকসকলক সমালোচনা কৰি সুৰেন্দ্ৰনে এটা ফেচবুক পোষ্ট কৰি কয় যে, সাংসদ আৰু তেওঁৰ সমৰ্থকসকলে এনে "লেতেৰা মন" লৈ কেনেদৰে কাম কৰিব পাৰে !

কংগ্ৰেছৰ সাংসদগৰাকীয়ে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে । এই ঘটনাক লৈ বিজেপিয়ে ইচ্ছাকৃতভাৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি ৰে’লত তেওঁৰ পোষ্টাৰ আঁকিবলৈ কাকো কৰ্তৃত্ব দিয়া নাছিল বুলি উল্লেখ কৰে তেওঁ । এই ঘটনাই কেৰালাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মৌখিক বিবাদৰ সৃষ্টি কৰিছে (Congress BJP clash in Kerala) ।

  • #WATCH | Congress workers pasted posters of Palakkad MP VK Sreekandan on the windows of a wagon of Vande Bharat Express when the train reached Shoranur in Kerala's Palakkad yesterday. Railway Protection Force has registered a case, investigation underway pic.twitter.com/rgqocYIqid

    — ANI (@ANI) April 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেৰালাৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছে তিৰুৱন্তপুৰমক ৰাজ্যখনৰ উত্তৰতম জিলা কাচাৰাগোডৰ সৈতে সংযোগ কৰে । ইয়াত কোল্লাম, কোট্টায়াম, এৰ্নাকুলাম টাউন, ত্ৰিচুৰ, শোৰানুৰ জংচন, কোজিকোড, কান্নুৰ আৰু কাচাৰাগোডত ষ্টপেজ থাকিব ।

লগতে পঢ়ক : Death sentence in Singapore: 1 কেজি গাঞ্জাৰ বাবেই ছিংগাপুৰত দিয়া হ’ল মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.