ETV Bharat / bharat

Cloudburst hits JK: জন্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ

author img

By

Published : Jul 9, 2022, 6:27 PM IST

jk
Cloudburst hits JK জন্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ

জন্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ। ৰাজ্য়খনত যোৱা ২৪ ঘন্টাত সংঘটিত হ'ল দ্বিতীয়টো ডাৱৰ বিস্ফোৰণৰ ঘটনা । জন্মু-কাশ্মীৰৰ ডোডা জিলাৰ থাথ্ৰীৰ ওপৰৰ অংশৰ গুণ্টিত শনিবাৰে পুৱা এই ঘটনা সংঘটিত হয় (cloudburst occurred at Doda in Janmu-Kashmir)।

নেচনেল ডেস্ক, ৯জুলাই: জন্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ । যোৱা ২৪ ঘন্টাৰ ভিতৰত দ্বিতীয়টো ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল ৰাজ্যখনত। জন্মু-কাশ্মীৰৰ ডোডা জিলাৰ থাথ্ৰীৰ ওপৰৰ অংশৰ গুণ্টিত শনিবাৰে পুৱা ডাৱৰ বিস্ফোৰণ সংঘটিত হয় (cloudburst occurred at Gunti in Janmu-Kashmir)। হঠাতে সংঘটিত হোৱা এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । অৱশ্য়ে এই ঘটনাত কিছু সংখ্যক বাহনকে ধৰি পাহাৰীয়া অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা ঘাইপথৰ এটা অংশ ক্ষতিগ্ৰস্ত হোৱা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে । স্থানীয় সূত্ৰ অনুসৰি পুৱা প্ৰায় ৪ বজাত ডাৱৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় ।

জিলাখনৰ জ্য়েষ্ঠ আৰক্ষী অধীক্ষক ডোডা আব্দুল কাইয়ুমে এই সন্দৰ্ভত কয় যে ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত কিছুসংখ্য়ক বাহন আৱদ্ধ হৈ পৰে (SSP Doda Abdul Qayoom speaks about the incident) । যাৰ ফলত কিছু সময়ৰ বাবে ঘাইপথটো বন্ধ হৈ পৰে । অৱশ্য়ে পৰৱৰ্তী সময়ত উক্ত পথচোৱা মুকলি কৰি যান-বাহনৰ যাতায়তৰ বাবে সুচল কৰি তোলা বুলি জ্য়েষ্ঠ আৰক্ষী অধীক্ষক কাইয়ুমে উল্লেখ কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া গান্দেৰবালত চলি থকা অমৰনাথ যাত্ৰাৰ মাজতে বালতাল আধাৰ শিবিৰ অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১৫গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে আন কেইবাগৰাকী লোক আহত হৈছিল(cloudburst struck Baltal base camp of Amarnath Yatra in Ganderbal )।

Amarnath Cloud Burst Update: অমৰনাথৰ ডাৱৰ বিস্ফোৰণত বৰ্তমানলৈ 15 গৰাকী তীৰ্থ যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.