ETV Bharat / bharat

Amarnath Cloud Burst Update: অমৰনাথৰ ডাৱৰ বিস্ফোৰণত বৰ্তমানলৈ 15 গৰাকী তীৰ্থ যাত্ৰীৰ মৃত্যু

author img

By

Published : Jul 8, 2022, 10:59 PM IST

অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা (Amarnath Cloud Burst) ৷ এতিয়ালৈ 15 গৰাকী লোক মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে অৰ্ধশতাধিক লোক সন্ধাহীন (Many people died and missing)৷

Amarnath Clouc Burst Update
Amarnath Clouc Burst Update

নেশ্যনেল ডেস্ক, 8 জুলাই : অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Amarnath Cloud Burst) ৷ শুকুৰবাৰে সন্ধিয়া প্ৰায় 5.30 বজাত গান্দেৰবাল জিলাত অমৰনাথ তীৰ্থযাত্ৰাৰ বাবে আধাৰ শিবিৰ থকা বালতাল অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ ডাৱৰ বিস্ফোৰণৰ পিছতে অঞ্চলটোত প্ৰবল বানৰ সৃষ্টি হয় ৷

লগে লগে ঘটনাস্থলীত নিৰাপত্তা বাহিনীৰ উপৰিও আৰক্ষী, এনডিআৰএফ আৰু এছডিআৰএফৰ দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখে ৷ এই ডাৱৰ বিস্ফোৰণ ঘটনাত এতিয়ালৈ 15 গৰাকী লোক মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে অৰ্ধশতাধিক লোক সন্ধাহীন হৈ আছে (Missing people in Amarmnath)৷ আঘাতপ্ৰাপ্তসকলক চিকিৎসাৰ বাবে বিমানেৰে লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে টুইটযোগে উল্লেখ কৰে (Police on Twitter) ৷

15 যাত্ৰীৰ মৃত্যু, অৰ্ধশতাধিক লোক সন্ধানহীন

এই বিস্ফোৰণত 25 টাকৈ যাত্ৰীৰ শিবিৰ ধ্বংস হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি ডাৱৰ বিস্ফোৰণৰ সময়ত গুহাৰ ওচৰত কেইবাজনো লোক ধুবলৈ গৈছিল ৷ অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে (Rescue operation in Amarnath) ৷ আগন্তুক সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে ৷

যোৱা 30 জুনৰ পৰা 43 দিনীয়া যাত্ৰাৰে অমৰনাথৰ তীৰ্থ যাত্ৰা আৰম্ভ হৈছিল ৷ তীৰ্থযাত্ৰীসকলে দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ নুনৱান পহেলগামৰ পৰা আৰু মধ্য কাশ্মীৰৰ 14 কিলোমিটাৰ দূৰত্বৰ বালতালৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । যাত্ৰা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে 1 লাখ তীৰ্থযাত্ৰীয়ে অমৰনাথ ভ্ৰমণৰ বাবে আহে ৷

লগতে পঢ়ক : ভূমিস্খলনৰ ফলত সাময়িকভাৱে বন্ধ জম্মু-শ্ৰীনগৰ ঘাইপথ, অমৰনাথ যাত্ৰীক অন্য পথেৰে প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.