ETV Bharat / bharat

উত্তৰাখণ্ডৰ বিজনাদত ডাৱৰ বিস্ফোৰণ

author img

By

Published : May 20, 2021, 3:20 PM IST

cloud burst near bijnad khadd
উত্তৰাখণ্ডৰ বিজনাদত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ চক্ৰতাৰ বিজনাদ খাদৰ ওচৰত পুৱা ডাৱৰ বিস্ফোৰণ হয় । ডাৱৰ বিস্ফোৰণৰ পিছৰে পৰা তিনিজন লোক সন্ধানহীন হৈ আছে ।

নেশ্যনেল ডেস্ক,২০ মে': দেশত কৰ'ণাই সংহাৰী ৰূপ লোৱাৰ মাজতে প্ৰকৃতিয়েও ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে । উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ চক্ৰতাৰ বিজনাদ খাদৰ ওচৰত পুৱা ডাৱৰ বিস্ফোৰণ হয় । ডাৱৰ বিস্ফোৰণৰ পিছৰে পৰা তিনিজন লোক সন্ধানহীন হৈ আছে । ইফালে বিকাশনগৰ অঞ্চলত বিগত দুদিন ধৰি ধাৰাবাহিক বৰষুণ হৈ আছে ।

cloud burst near bijnad khadd
উত্তৰাখণ্ডৰ বিজনাদত ডাৱৰ বিস্ফোৰণ

ডাৱৰ বিস্ফোৰণৰ ফলত দুটাকৈ গোশালা পাহাৰৰ পৰা খহি পৰে । গোশালাত বান্ধি থোৱা গৰু, ছাগলীও সমাধিস্থ হোৱা বুলি জানিব পৰা গৈছে । ডাৱৰ বিস্ফোৰণৰ ফলত শস্য আৰু কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে । ক্ষতিগ্ৰস্ত গাঁৱৰ ৰাইজে ইতিমধ্যে প্ৰশাসনক খবৰ দিছে । লগতে স্থানীয় লোকসকল উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক:গৃহ-আধাৰিত আৰএটি কিটত আইচিএমআৰৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.