ETV Bharat / bharat

CJI Chandrachud on former CJI Gogoi : প্ৰাক্তন মুখ্য ন্যায়াধীশৰ প্ৰসংগত অধিবক্তা কপিল ছিবালক কটাক্ষ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ

author img

By

Published : Aug 8, 2023, 3:23 PM IST

সংবিধানৰ মৌলিক গাঁথনি বিতৰ্কিত বুলি প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কোৱাৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, "আমি এবাৰ ন্যায়াধীশ পদৰ পৰা অব্যাহতি ল’লে, সেইবোৰ মতামতলৈ পৰিৱৰ্তিত হয় বাধ্যতামূলক তথ্য নহয় ।"

CJI Chandrachud on former CJI Gogoi
অধিবক্তা কপিল ছিবালক কটাক্ষ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ

নেশ্যনেল ডেস্ক, 8 আগষ্ট : ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সংবিধানৰ মৌলিক গাঁথনিত “বিতৰ্কিত ন্যায়িক ভিত্তি” আছে বুলি কোৱাৰ এদিন পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত থকা পাঁচজনীয়া ন্যায়াধীশৰ সংবিধান বিচাৰপীঠত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় চন্দ্ৰচুড়ে যে “আপোনাৰ এজন সন্মানীয় সহকৰ্মীয়ে কৈছে যে আচলতে মৌলিক গাঁথনি তত্ত্বও সন্দেহজনক”।

ছিবালে প্ৰতিনিধিত্ব কৰিছে 370 নং অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীসকলৰ ভিতৰত অন্যতম এজন মহম্মদ আকবৰ ল’নক ।ছিবালে আদালতত দাখিল কৰিছিল যে আপোনাৰ এজন সন্মানীয় সহকৰ্মীয়ে কৈছে যে আচলতে মৌলিক গাঁথনি তত্ত্বও সন্দেহজনক । মৌলিক গাঁথনি হৈছে সংবিধানৰ অপৰিহাৰ্য বৈশিষ্ট্য যিটো সংসদে সলনি কৰিব নোৱাৰে ।

ছিবালক উত্তৰ দি শীৰ্ষ ন্যায়াধীশ চন্দ্ৰচুড়ে কয়, মিষ্টাৰ ছিবাল, যেতিয়া আপুনি কোনো সহকৰ্মীৰ কথা উল্লেখ কৰে, তেতিয়া আপুনি বহি থকা সহকৰ্মীক উল্লেখ কৰিব লাগে । মুখ্য ন্যায়াধীশে কয়, “আমি এবাৰ ন্যায়াধীশ পদ এৰাৰ পিচত, সেইবোৰ মতামতলৈ পৰিৱৰ্তিত হয় বাধ্যতামূলক তথ্য নহয় ”। এই সন্দৰ্ভত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে আদালতৰ কাৰ্যবিধিৰ সময়ত কি চলি থাকে সেই বিষয়ে সংসদে আলোচনা নকৰে । এই প্ৰসংগত মেহতাই বাক স্বাধীনতালৈ আঙুলিয়াই দিয়ে । ছিবালে মেহতাৰ বক্তব্যৰ প্ৰতি সমৰ্থন আগবঢ়ায় ।

ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড চৰকাৰৰ দিল্লী (সংশোধনী) বিধেয়ক, 2023 ৰ সন্দৰ্ভত বিৰোধীয়ে প্ৰদৰ্শন কৰা বিৰোধ সন্দৰ্ভত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সোমবাৰে বিলখনৰ সমৰ্থন জনাই কয় যে এই মতবাদ ন্যায়িক ভিত্তিত অতি বিতৰ্কিত । গগৈয়ে উচ্চতম ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ উদ্দেশ্যে অধ্যাদেশৰ সলনি বিজেপি চৰকাৰে অনা বিলৰ সপক্ষত বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : Delhi Services Bill : বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব আপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.