ETV Bharat / bharat

Chhattisgarh election 2023 : নিৰ্বাচনৰ পূৰ্বে CRPFৰ বাহন তালাচী কৰিবলৈ আহ্বান ভূপেশ বাঘেলৰ

author img

By ANI

Published : Nov 2, 2023, 2:27 PM IST

বিজেপিয়ে ভোটাৰক আকৰ্ষণৰ বাবে ধনৰ প্ৰয়োগ কৰাৰ সন্দেহ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ । যাৰ বাবে ৰাজ্যখনত অতিৰিক্তকৈ মোতায়েন কৰা চিআৰপিএফৰ বাহনো তালাচী কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনালে বাঘেলে ।

Chhattisgarh election 2023
নিৰ্বাচনৰ পূৰ্বে CRPFৰ বাহন তালাচী কৰিবলৈ আহ্বান ভূপেশ বাঘেলৰ

নেশ্যনেল ডেস্ক,২ নৱেম্বৰ : সমাগত ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিশেষ আহ্বান । নিৰ্বাচন আয়োগক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) বাহনসমূহো তালাচী কৰিবলৈ অনুৰোধ জনাইছে । বাঘেলে দাবী কৰা মতে বিজেপিয়ে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে আৰু ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ ধনৰ প্ৰয়োগ কৰিবলৈ সাজু হৈছে । ই এক গুৰুতৰ বিষয় বুলি উল্লেখ কৰি কংগ্ৰেছে অভিযোগ দাখিল কৰিব বুলিও তেওঁ উল্লেখ কৰে । এই ক্ষেত্ৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে ৰাজ্যখনত পৰ্যাপ্ত চিআৰপিএফ থকাৰ পাছতো অতিৰিক্ত বাহিনী অনাৰ প্ৰয়োজনীয়তা কি ?

ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত মুখ্যমন্ত্ৰী বাঘেলে ছত্তীশগড়ৰ পাটন বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিল কৰাৰ পাছত মুখ্যমন্ত্ৰী বাঘেলে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে জানে যে ছত্তীশগড়ৰ ৰাইজে তেওঁলোকৰ গ্যেৰাণ্টিৰ ওপৰত বিশ্বাস নকৰে ৷

উল্লেখ্য যে ছত্তীশগড়ত নৱেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । ছত্তীশগড়ৰ ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব । ৰাজ্যখনৰ বাকী ৭০ খন আসনত ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ভোটগণনা ৩ ডিচেম্বৰত কৰা হ'ব । ৯০ খন আসনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে শাসকীয় কংগ্ৰেছ আৰু বিৰোধী বিজেপিয়ে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল সংখ্যক ভোটত জয়লাভ কৰিছিল আৰু বিজেপিয়ে মাত্ৰ ১৫ খন আসন লাভ কৰিছিল ।

ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপি মুখ্য প্ৰতিদ্বন্দী দল হিচাপে বিবেচিত হৈ আহিছে । বিজেপিয়ে কংগ্ৰেছ শাসিত ৰাজ্যখনত ক্ষমতা দখলৰ পৰিকল্পনা কৰিছে । একেদৰে কংগ্ৰেছেও ৰাজ্যখন তেওঁলোকৰ হাতৰ পৰা যিকোনো পৰিস্থিতিত যাব দিব নোৱাৰে । এই নিৰ্বাচনে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবেও দুয়োটা দলৰ গতি নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Nitish Kumar on INDIA block : 'বিৰোধী মিত্ৰজোঁটক লৈ আগ্ৰহী নহয় কংগ্ৰেছ'-নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.