ETV Bharat / bharat

Life Insurance Claim: জীৱন বীমা আঁচনি গ্ৰহণৰ পূৰ্বে পৰীক্ষা কৰক দাবী নিষ্পত্তি অনুপাত

author img

By

Published : Feb 7, 2023, 3:05 PM IST

LIC
LIC

জীৱন বীমা আঁচনি এখন গ্ৰহণৰ সময়ত সংশ্লিষ্ট কোম্পানীটোৰ দাবী নিষ্পত্তিৰেখা এবাৰ চাওক । বীমাকৰ্তাসকলে তেওঁলোকৰ দাবী নিষ্পত্তিৰ বিৱৰণ ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণক জনাব লাগে । পৰিয়ালৰ সদস্যসকলক হতাশ নকৰা সঠিক কোম্পানী এটা কেনেদৰে বাছনি কৰিব লাগে এবাৰ চাওঁ আহক (claim settlement record of insurance company) ।

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : বৰ্তমান প্ৰতিটো খণ্ডতে প্ৰতিযোগিতা বৃদ্ধি পাইছে । বীমা কোম্পানীবোৰে অধিকতকৈ অধিক টাৰ্ম পলিচি লৈ আহিছে (term policies of Insurance companies) । জীৱন বীমা অপ্ৰত্যাশিত পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ বাবে এক নিৰ্ভৰযোগ্য বিত্তীয় সমৰ্থন হিচাপে থিয় হয় । টাৰ্ম পলিচীবোৰে কম প্ৰিমিয়ামৰৰ সৈতে অধিক সুৰক্ষা প্ৰদান কৰে (Term policies offer) । সঠিক বীমা কোম্পানী বাছনি কৰাটো যিমান গুৰুত্বপূৰ্ণ, আমাৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা আঁচনি এখন লোৱাটোও সিমানেই গুৰুত্বপূৰ্ণ (Life insurance policies) ।

আমি সংশ্লিষ্ট কোম্পানীৰ দাবী প্ৰক্ৰিয়াকৰণ ৰেকৰ্ডৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব (claim processing record of insurance company) । আঁচনিধাৰকৰ (policyholder) কিবা এটা হ'লে ক্ষতিপূৰণ দিয়াত অসুবিধা সৃষ্টি কৰা বীমাকৰ্তাসকলক এৰাই চলাটো ভাল । টাৰ্ম পলিচিৰ (term policy) চৰ্তাৱলী, প্ৰযোজ্যতা আৰু বৰ্জন বিভিন্ন কোম্পানীৰ ক্ষেত্ৰত পৃথক হয় । আঁচনি এখন ক্ৰয় কৰোঁতে এই সকলোবোৰ কথা লক্ষ্য কৰাৰ উপৰি আপুনি কোম্পানীৰ পূৰ্বৰ পৰিশোধ ৰেকৰ্ডো চাব লাগিব ।

দাবী নিষ্পত্তি অনুপাত (Claim settlement ratio)

দাবী নিষ্পত্তি (claims for insurance) অনুপাত হৈছে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট বিষয়ত কিমান দাবীৰ ভিতৰত কিমান নিষ্পত্তি কৰিছে তাৰ এক জোখ । আঁচনিধাৰকৰ মৃত্যুৰ ক্ষেত্ৰত মনোনীত ব্যক্তিয়ে বীমা কোম্পানীৰ ওচৰলৈ যায় আৰু আঁচনিখনৰ ওপৰত নিজৰ দাবী কৰে । বীমা কোম্পানীয়ে নিয়ম অনুসৰি দাবীটো গ্ৰহণ বা অস্বীকাৰ কৰে । যদি আপুনি ভাল নিষ্পত্তি অনুপাত থকা কোম্পানী এটাৰ পৰা আঁচনি এখন লয় তেন্তে প্ৰত্যাখ্যান হোৱাৰ সম্ভাৱনা কম ।

নিম্ন অনুপাত (Low ratio)

কম অনুপাত থকা কোম্পানী এটাই ক্ষতিপূৰণ দিয়াত অসুবিধাৰ সৃষ্টি কৰিব পাৰে । উদাহৰণ স্বৰূপে, কোম্পানী এটাই এবছৰত 100 টা দাবী লাভ কৰে । যদি কোনো সমস্যা নোহোৱাকৈ 90 টা আঁচনিক ক্ষতিপূৰণ দিয়া হয়, পৰিশোধৰ অনুপাত 90 শতাংশ বুলি গণনা কৰা হয় । আঁচনিধাৰকসকলক আকৰ্ষিত কৰাৰ বাবে বীমা কোম্পানীবোৰে এই আঁচনিবোৰ কম প্ৰিমিয়ামত অনলাইনত উপলব্ধ কৰি আছে । কেৱল প্ৰিমিয়াম কম হোৱাৰ বাবে আঁচনি লোৱাটো কেতিয়াও উচিত নহয় । এটা টাৰ্ম পলিচি জীৱনৰ আটাইতকৈ ডাঙৰ বিত্তীয় সিদ্ধান্তবোৰৰ ভিতৰত এটা । সেয়েহে পুংখানুপুংখ গৱেষণাৰ পিছতহে আঁচনি এখন বাছনি কৰক ।

আইআৰডিএআই (IRDAI)

ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ (Insurance Regulatory and Development Authority of India, IRDAI) নিয়ম অনুসৰি, প্ৰতিটো বীমা কোম্পানীয়ে সময়ে সময়ে তেওঁলোকৰ দাবী নিষ্পত্তিৰ বিৱৰণ প্ৰকাশ কৰে । এই প্ৰতিবেদনবোৰ চালে এই অনুপাতটো প্ৰকাশ পাব । যিমান প্ৰয়োজন সিমান তথ্য লওক আৰু সঠিক বুজাবুজিৰে আঁচনিখন ল'বলৈ চেষ্টা কৰক । বীমা কোম্পানীয়ে দিয়া বিজ্ঞাপনবোৰতো আমি কিছু তথ্য বুজি পাওঁ । ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰিব আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব । সম্পূৰ্ণ বিৱৰণৰ বাবে বীমা কোম্পানীৰ সেৱা কেন্দ্ৰ বা শাখাবোৰৰ সৈতে যোগাযোগ কৰক ।

আঁচনিৰ লাভালাভসমূহ (Policy benefits)

endowment, money back, ULIP (unit linked insurance plan) আদিৰ সৈতে সম্পৰ্কিত আঁচনিৰ বাবে দাবী পৰিশোধৰ অনুপাত পৰীক্ষা কৰিব লাগে। তেতিয়াহে আমি বীমাকৰ্তাৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত এটা পূৰ্বানুমান কৰিবলৈ সক্ষম হ'ম । সঠিক কোম্পানী বাছনি কৰিবলৈ এই সকলোবোৰ প্ৰয়োজনীয় । সদায়ে মনত ৰাখিব যে আঁচনিখনে প্ৰদান কৰা বাৰ্ষিক, দায়বদ্ধতা, প্ৰিমিয়াম পৰিশোধ কৰাৰ সামৰ্থ্য আৰু লাভালাভবোৰ টাৰ্ম পলিচি বাছনি কৰাৰ গুৰুত্বপূৰ্ণ কাৰক ।

শূন্য গোপনীয়তা (Zero secrecy)

আঁচনিখন লোৱাৰ সময়ত, কোনো গোপনীয়তা অবিহনে বীমা কোম্পানীক আপোনাৰ স্বাস্থ্য আৰু বিত্তীয় বিৱৰণৰ বিষয়ে অৱগত কৰিব । বিদ্যমান আঁচনিসমূহৰ বিৱৰণো উল্লেখ কৰিব লাগে । তেতিয়া আঁচনিৰ দাবীত (policy claim) কোনো সমস্যা নহ'ব ।

লগতে পঢ়ক :Tax burden: আপোনাৰ কৰৰ বোজা হ্ৰাস কৰাৰ লাভ লোকচানসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.