ETV Bharat / bharat

YS Vivekananda Reddy murder case : সাংসদ অবিনাশ ৰেড্ডীৰ পিতৃক গ্ৰেপ্তাৰ চিবিআইৰ

author img

By

Published : Apr 16, 2023, 1:04 PM IST

Updated : Apr 16, 2023, 1:18 PM IST

অন্ধ্ৰপ্ৰদেশৰ সাংসদ অবিনাশ ৰেড্ডীৰ পিতৃক গ্ৰেপ্তাৰ (MP Avinash Reddys father arrests)। প্ৰাক্তন মন্ত্ৰী ৱাই এছ বিবেকানন্দ ৰেড্ডীৰ হত্যাৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ ৰেড্ডীক । চিবিআইৰ বিৰুদ্ধে ৱাইএছআৰচিপিৰ কৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদ ।

YS Vivekananda Reddy murder case
সাংসদ অবিনাশ ৰেড্ডীৰ পিতৃক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : প্ৰাক্তন মন্ত্ৰী ৱাই এছ বিবেকানন্দ ৰেড্ডীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ ৱাই এছ ভাস্কৰ ৰেড্ডী (Viveka murder case)। ৱাইএছআৰচিপিৰ সাংসদ অবিনাশ ৰেড্ডীৰ পিতৃ ৱাই এছ ভাস্কৰ ৰেড্ডী । দেওবাৰে পুৱা চিবিআইয়ে গ্ৰেপ্তাৰ কৰে সাংসদগৰাকীৰ পিতৃক । চিবিআইৰ এটা দল দেওবাৰে পুৱাই পুলিভেণ্ডুলাত থকা ভাস্কৰ ৰেড্ডীৰ বাসগৃহত উপস্থিত হয় । তাৰ পাচতে চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰে (Bhaskar Reddy arrested)।

ইফালে চিবিআইৰ দল অহাৰ কথা গম পোৱাৰ পাচতে সাংসদ অবিনাশ ৰেড্ডীৰ অনুৰাগী তথা ৱাইএছআৰচিপিৰ কৰ্মীসকল ভাস্কৰ ৰেড্ডীৰ বাসগৃহৰ সন্মুখত উপস্থিত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে ।

চিবিআইয়ে গ্ৰেপ্তাৰ কৰি ভাস্কৰ ৰেড্ডীক পুলিভেণ্ডুলাৰ পৰা হায়দৰাবাদলৈ লৈ যায় । বিষয়াসকলে দেওবাৰে সন্ধিয়াৰ ভিতৰত তেওঁক চিবিআইৰ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰিব বুলি জানিব পৰা গৈছে । ভাস্কৰ ৰেড্ডীক পুলিভেণ্ডুলাৰ পৰা স্থানান্তৰৰ সময়ত সাংসদ অবিনাশৰ অনুৰাগী তথা দলীয় কৰ্মীসকলে চিবিআই বিষয়াসকলৰ বাহন অৱৰোধৰ চেষ্টা কৰে ।

কিছুদিন পূৰ্বে চিবিআইয়ে বিবেকানন্দ হত্যাকাণ্ডৰ গোচৰত সাংসদ অবিনাশ ৰেড্ডীৰ ঘনিষ্ঠ গজলা উদয়কুমাৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছিল । তদন্তৰ মাজত গুগল টেকআউটৰ জৰিয়তে চিবিআইয়ে তথ্য লাভ কৰিছিল যে বিবেকানন্দৰ হত্যাৰ পূৰ্বে উদয়কুমাৰ ভাস্কৰ ৰেড্ডীৰ বাসগৃহত আছিল । যাৰ বাবে চিবিআইয়ে গোচৰটোত ভাস্কৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰে (CBI arrests Bhaskar Reddy)। প্ৰথমে চিবিআইৰ দলটো হায়দৰাবাদত সাংসদ অবিনাশ ৰেড্ডীৰ ঘৰলৈ গৈছিল বুলি বাতৰি পোৱা গৈছিল । কিন্তু সাংসদৰ সুৰক্ষা কৰ্মীয়ে নিশ্চিত কৰিছিল যে তালৈ চিবিআই যোৱা নাই ।

উল্লেখ্য যে ভাস্কৰ ৰেড্ডী মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ খুৰাক । যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে ৩০ এপ্ৰিলৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচত চিবিআইৰ বিশেষ অনুসন্ধানকাৰী দলে তদন্ত তীব্ৰতৰ কৰি তুলিছে ।

ভাস্কৰ ৰেড্ডীৰ লগতে তেওঁৰ পুত্ৰ সাংসদ অবিনাশ ৰেড্ডীকো ইয়াৰ পূৰ্বে চিবিআইয়ে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুলিভেণ্ডুলাত ৱাইএছ বিবেকানন্দ ৰেড্ডীৰ হত্যাৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল । ২০১৯ চনত কাডাপা লোকসভা সমষ্টিৰ বাবে তেওঁৰ পুত্ৰ অবিনাশ ৰেড্ডীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰাৰ বাবে বিবেকানন্দ ৰেড্ডীৰ সৈতে ভাস্কৰ ৰেড্ডীৰ মতভেদ আছিল ।

লগতে পঢ়ক :History of Atiq Ahmed: ৰাজনীতিবিদৰ পৰা গেংষ্টাৰলৈকে আতিক আহমেদৰ জীৱন পৰিক্ৰমা

Last Updated : Apr 16, 2023, 1:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.