ETV Bharat / bharat

বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO

author img

By

Published : Jul 13, 2021, 1:46 PM IST

dangerous trend
এজন ব্যক্তিয়ে দুটা ভিন্ন কোম্পানীৰ ভেকছিন লোৱাটো বিপদজনক হ'ব পাৰে

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ (WHO chief scientist Soumya Swaminathan) মতে ই এক বিপদজনক ট্ৰেণ্ড । ই বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে ৷ কিয়নো এইক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলি আছে আৰু এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুলাই : কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত থকাৰ মাজতে বিভিন্ন দেশত ভেকচিন প্ৰদানৰ কাৰ্যসূচী চলি আছে । ইতিমধ্যে কেইবাটাও প্ৰতিষ্ঠানে ভেকচিন প্ৰস্তুত কৰিছে আৰু সেইবোৰ বিভিন্ন দেশৰ নাগৰিকে গ্ৰহণ কৰিছে । কিন্তু শেহতীয়াকৈ এটা বিশেষ ট্ৰেণ্ড আৰম্ভ হৈছে ।

বহুতে বেলেগ বেলেগ প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মিত ভেকচিন গ্ৰহণ কৰা দেখা গৈছে । অৰ্থাৎ কোনোৱে যদি প্ৰথম পালি ক’ভেক্সিন লৈছে তেন্তে দ্বিতীয় পালি ক'ভিশ্বিল্ড ল'বলৈ চেষ্টা চলাইছে । দেশবোৰত বিভিন্ন ধৰণৰ প্ৰচাৰ চলাৰ পিছত দুটা বেলেগ কোম্পানীৰ ভেকচিন মিহলি কৰি গ্ৰহণ কৰাৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ আহিছে । কিন্তু এয়া জানো স্বাস্থ্যৰ পক্ষে উপযোগী ।

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এইক্ষেত্ৰত সকীয়নি প্ৰদান কৰা দেখা গৈছে । সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ (WHO chief scientist Soumya Swaminathan) মতে ই এক বিপদজনক ট্ৰেণ্ড । সোমবাৰে ক'ভিড মহামাৰী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি বিজ্ঞানী গৰাকীয়ে কয় যে বিভিন্ন নিৰ্মানকাৰী প্ৰতিষ্ঠানৰ ভেকচিন মিহলি কৰা বা গ্ৰহণ কৰাটো বিপদজনক হ'ব পাৰে ।

ই বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে ৷ কিয়নো এই ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলি আছে যদিও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই । যিহেতু বিভিন্ন দেশত একাধিক ভেকচিন উপলব্ধ হৈছে সেয়ে এই ট্ৰেণ্ডটো সেইবোৰ ঠাইত আৰম্ভ হৈছে । ৰাইজক এই ক্ষেত্ৰত সতৰ্ক হ'বলৈ আহ্বান জনাইছে মুখ্য বিজ্ঞানীগৰাকীয়ে । বিজ্ঞানীগৰাকীৰ মতে ভেকচিনৰ মিহলি বা মিল থকাৰ ক্ষেত্ৰত এতিয়াও অনুসন্ধান অব্যাহত আছে কিন্তু কোনো ধৰণৰ প্ৰমাণ বা তথ্য নাই গৱেষকৰ হাতত । সেয়েহে আৰু কিছু সময় অপেক্ষা কৰিবলৈ ৰাইজক আহ্বান জনাইছে সৌম্য স্বামীনাথনে ।

বুষ্টাৰ পালিৰ সন্দৰ্ভত বিজ্ঞানীগৰাকীয়ে কয় যে দ্বিতীয়, তৃতীয় বা চতুৰ্থ পালি কেতিয়া গ্ৰহণ কৰিব লাগিব সেই ক্ষেত্ৰত মানুহে যদি নিজে সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰে তেনেহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব । বিজ্ঞানীগৰাকীৰ মতে বিশ্বৰ ৪ খন দেশ ইতিমধ্যে বুষ্টাৰ পালি (Booster dose) কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে আৰু কেইবাখনো দেশে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰি আছে । প্ৰায় ১১ খন উন্নত আৰু উন্নয়নশীল দেশে তেওঁলোকৰ নাগৰিকৰ বাবে যদিহে এই কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লয় তেনেহ'লে তাৰ ভিতৰত কেইবাখনো বিশাল জনসংখ্যাৰ দেশো থাকিব ।

যাৰ বাবে অতিৰিক্ত ৮০০ নিযুত ভেকচিনৰ প্ৰয়োজন হ'ব । ভেকছিনৰ গুৰুত্বৰ ওপৰত মন্তব্য কৰি স্বামীনাথনে কয় যে আনকি এতিয়াও বহু দেশৰ ফ্ৰণ্টলাইন আৰু স্বাস্থ্যসেৱা কৰ্মীসকল বা বৃদ্ধ আৰু ৰোগীয়া লোকে পোৱা নাই ভেকছিনৰ প্ৰথম পালি । ইফালে জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ (Johns Hopkins University) এক তথ্য অনুসৰি বিশ্বত এতিয়ালৈকে ভাইৰাছত ১৮৬ নিযুতৰো অধিক লোক আক্ৰান্ত হৈছে আৰু চাৰি নিযুতৰো অধিক লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : মঙলবাৰে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.