ETV Bharat / bharat

দপদপকৈ জ্বলিল যাত্ৰীবাহী বাছ, জীৱন্তে অগ্নিদগ্ধ যাত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:29 PM IST

Bus accident in Nalgonda
দপদপকৈ জ্বলিল যাত্ৰীবাহী বাছ, জীৱন্তে অগ্নিদগ্ধ যাত্ৰী

হায়দৰাবাদৰ পৰা চিৰালালৈ গৈ থকা এখন ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছত অগ্নিকাণ্ড ৷ এগৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে অন্য 38 গৰাকী লোকৰ কোনোমতে প্ৰাণৰক্ষা পৰে ৷

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : তেলেংগানাৰ নালগোণ্ডা জিলাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ হায়দৰাবাদৰ পৰা চিৰালালৈ গৈ থকা এখন যাত্ৰীবাহী বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এগৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হয় ৷ লগতে অন্য 38 গৰাকী লোকৰ কোনোমতে প্ৰাণৰক্ষা পৰে ৷ জানিব পৰা মতে বাছখনত 39 গৰাকী যাত্ৰী আছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এখন ব্যক্তিগত খণ্ডৰ বাছখন হায়দৰাবাদৰ পৰা চিৰালালৈ গৈ থকা অৱস্থাত নালগোণ্ডা জিলাৰ মাৰিগুড়া বাইপাছ পাওঁতেই অতৰ্কিতে বাছখন দাও দাওকৈ জ্বলি উঠে ৷ যাত্ৰীসকলে কি হৈছে অনুমান কৰাৰ পূৰ্বেই বাছখনত নিমিষতে জুইয়ে আৱৰি ধৰিছিল ৷ লগে লগে বাছখনৰ পৰা চালক আৰু যাত্ৰীসকল ওলাই আহিবলৈ হেতা ওপৰা লগাইছিল ৷

কিন্তু জুইয়ে ভয়ংকৰ ৰূপ লোৱাত এজন লোক বাছখনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হয় ৷ যাত্ৰাৰ সময়ত বাছখনত 39 জন লোক আছিল। অৱশ্যে, বাকী যাত্ৰীসকলৰ কিমানজন আঘাতপ্ৰাপ্ত হৈছে সেয়া বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই ৷

এই ঘটনা দেখি স্থানীয় লোকে বাছখনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ লগে লগে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে । অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ কিন্তু তেতিয়ালৈকে বহু পলম হোৱাত বাছখন ইতিমধ্যে জ্বলি ভষ্মীভূত হয় ৷ অগ্নিদগ্ধ হোৱা লোকজনৰ সন্দৰ্ভত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছে ৷ আনহাতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

বাছখনৰ যাত্ৰীয়ে ঘটনা সন্দৰ্ভত কয় যে, "আমি সকলোৱে চালকজনক কৈছিলো যে বাছখনৰ পৰা ধোঁৱা ওলাইছিল। কিন্তু চালকজনে এই কথাক আওকান কৰি সকলোকে একো নহয় বুলি আশ্বাস দিছিল ৷ অলপ সময়ৰ পিচতে বাছখনত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ চালকজনে বাছখন ৰখাই সকলো যাত্ৰীক বাহিৰলৈ ওলাই যাবলৈ কৈছিল। লগে লগে সকলো যাত্ৰীয়ে কোনোমতে বাহিৰলৈ ওলাই আহি নিজৰ প্ৰাণৰক্ষা কৰিছিল ৷ আমাৰ সামগ্ৰীসমূহ জ্বলি ছাই হৈ গ’ল ৷ সৌভাগ্যক্ৰমে, দুৰ্ঘটনাটোৰ প্ৰায় 10 মিনিটৰ পূৰ্বে বাছখন এখন ধাবাৰ ওচৰত ৰখাইছিল। গতিকে সকলো যাত্ৰী সাৰ পাই আছিল। অন্যথা, এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ল হয় ।"

লগতে পঢ়ক: চুৰি কৰা বাইক লৈ পলায়ন কৰোঁতে দুৰ্ঘটনাত পতিত যুৱক-যুৱতী

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ অনুসন্ধান কৰিছে। মৃত লোকজনে টোপনিৰ পৰা সাৰ নোপোৱাত বাছৰ পৰা নামিব নোৱাৰাত জীৱন্তে অগ্নিদগ্ধ হ’বলগীয়া হয় বুলি সকলোৱে আশংকা কৰিছে ৷ দুৰ্ঘটনাটো শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.