ETV Bharat / bharat

BSF Day 2021 : বিএছএফৰ বাবে কিয় সফল ২০২১ চন ?

author img

By

Published : Dec 1, 2021, 11:57 AM IST

BSF Day 2021
BSFৰ ৫৭ তম প্ৰতিষ্ঠা দিৱস

ভাৰতৰ বিভিন্ন স্থানত পালন কৰা হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ ৫৭ তম প্ৰতিষ্ঠা দিৱস(BSF Day 2021) । জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলত বিএছএফৰ ভূমিকা যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ । ২০২১ বৰ্ষটোত বিএছএফৰ জোৱানসকলে জম্মু সীমান্তত কেনেদৰে কৰ্তব্য পালন কৰিছে, চাওক এই প্ৰতিবেদনত...

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ ৫৭ তম প্ৰতিষ্ঠা দিৱস (57th Raising Day of BSF) । বুধবাৰে সমগ্ৰ দেশতে সীমান্ত সুৰক্ষা বাহিনীয়ে উদযাপন কৰে এই দিৱস (India celebrates rising day of BSF)। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ হৈছে ভাৰতৰ প্ৰাথমিক সুৰক্ষা বাহিনী যিয়ে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰাখে ।

এই বিশেষ দিনটোত বিএছএফে টুইট কৰি কয় যে বিএছএফৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ দিন । দীৰ্ঘসময় ধৰি তেওঁলোকে মাতৃভূমিৰ সেৱাত নিয়োজিত হৈ আছে । সেৱা আৰু সুৰক্ষা প্ৰদান কৰাটো তেওঁলোকৰ বাবে সন্মানৰ বিষয় । সেয়ে চিৰদিন তেওঁলোকে এই প্ৰতিশ্ৰুতি পালন কৰিব বুলিও বিএছএফ কৰ্তৃপক্ষই উল্লেখ কৰে ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰত বিএছএফে পাকিস্তানৰ সৈতে থকা ভাৰতৰ আন্তৰ্জাতিক সীমান্তৰ প্ৰায় ১৯২ কিল’মিটাৰ অঞ্চলত দায়িত্ব পালন কৰি থকাৰ লগতে ভাৰতীয় সেনাৰ সৈতে নিয়ন্ত্ৰণ ৰেখাতো নিয়োজিত হৈ আছে বিএছএফৰ জোৱানসকল । ২০২১ বৰ্ষতো বিএছএফৰ বাবে এটা সফল বছৰ হিচাপে পৰিগণিত হৈছে । কিয়নো এই বছৰত ড্ৰোণ কাৰ্যকলাপ, সুৰংগ আৰু চোৰাং ব্যৱসায়ৰ প্ৰচেষ্টাৰ দৰে বহু অপৰাধমূলক কাৰ্যকলাপ ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে বিএছএফ ।

কেৱল এয়াই নহয় জম্মুৰ একাংশ বিৰোধীৰ কাৰ্য-কলাপ দমন কৰাৰ ক্ষেত্ৰতো বিএছএফে যথেষ্ট ভূমিকা পালন কৰিছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ শক্তিশালী আধিপত্য আৰু নিৰীক্ষণৰ বাবেই জম্মু আন্তঃৰাষ্ট্ৰীয় সীমান্তত শান্তি অব্যাহত আছে । পাকিস্তানৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । বিএছএফৰ বাবেই সুৰংগৰ জৰিয়তে ভাৰতত প্ৰৱেশৰ চেষ্টা বিফল হৈছে বহু পাকিস্তানীৰ ।

২০২১ চনৰ জানুৱাৰী মাহতে তেনে দুটা সুৰংগ জম্মুৰ বিএছএফে চিনাক্ত কৰি পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ প্ৰচেষ্টা বিফল কৰিছিল । বিএছএফৰ জোৱানে ২০২১ চনৰ ২৩ জুনত কাঠুৱা সীমান্তত ড্ৰাগছ বিৰোধী অভিযানত সফল হৈছিল । অভিযানত এজন পাকিস্তানী চোৰাং ব্যৱসায়ীকো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছিল বিএছএফ । ইয়াৰ উপৰিও এই অভিযানত প্ৰায় ২৭ কিল’গ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীয়ে ।

জম্মু অঞ্চলত সীমান্তৰ ৰাইজক সহায় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে বিএছএফৰ । বিশেষকৈ ক'ভিড মহামাৰীৰ সময়ত সীমান্তৰ লোকসকলক মাস্ক, চেনিটাইজাৰ আদি বিতৰণৰ লগতে বিভিন্ন ধৰণৰ চিকিৎসা সহায় আগবঢ়াইছে সীমান্ত সুৰক্ষা বাহিনীয়ে । ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বহুতো ক'ভিড 19 সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰিছে বিএছএফৰ জোৱানসকলে ।

সীমান্ত অঞ্চলত বিএছএফৰ জোৱানসকলে বহু শিবিৰৰো আয়োজন কৰি আহিছে । ইয়াৰ জৰিয়তে সীমান্তৰ লোকসকলক জোৱানসকলে চিকিৎসা সঁজুলি, ক্ৰীড়া সামগ্ৰী, ৱাটাৰ কুলাৰ আদি প্ৰদান কৰিছে । পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা ড্ৰোণ সম্পৰ্কেও সীমান্তৰ জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে বিএছএফৰ জোৱানসকলে । মুঠতে সীমান্ত অঞ্চলৰ ৰাইজক নিৰাপত্তা প্ৰদানৰ লগতে নিৰন্তৰভাৱে নিৰ্দিষ্ট সংকল্পৰ মাজেৰে সীমান্ত সুৰক্ষা বাহিনীয়ে কাম কৰি গৈছে ।

লগতে পঢ়ক : সীমান্তত অবৈধ নিচাযুক্ত সামগ্ৰী বনাম BSF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.