ETV Bharat / bharat

BSF personnel killed in Congo: কংগোৰ প্ৰতিবাদত নিহত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত নিয়োজিত বিএছ এফ জোৱান

author img

By

Published : Jul 27, 2022, 11:32 AM IST

BSF personnel killed in Congo
কংগোৰ প্ৰতিবাদত দুই বিএছ এফ নিহত

কংগোত মনুস্কোৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আন্দোলনৰ আহ্বান জনোৱাৰ পিছতেই এই প্ৰতিবাদে ধাৰণ কৰিছে হিংসাত্মক ৰূপ(UN Peacekeeping Contingent)। উক্ত হিংসাত্মক প্ৰতিবাদত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত নিয়োজিত ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ দুগৰাকী জোৱান নিহত হোৱা বুলি সদৰি কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াই (Two Border Security Force personnel died in Congo)।

ইন্টাৰনেচনেল ডেস্ক ,২৬ জুলাই: কংগোত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ(Congo violent protest)। স্থানীয় লোকে কংগোত মনুস্কোৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন আৰু আন্দোলনৰ আহ্বান জনোৱাৰ পিছতেই এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে(UN Peacekeeping Contingent)। প্ৰতিবাদীক প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা বাহিনী নিয়োগ কৰা হৈছে । এই অভিযানত অংশ গ্ৰহণ কৰা সীমান্ত সুৰক্ষা বাহিনীৰ দুগৰাকী কৰ্মী মঙলবাৰে হিংসাত্মক প্ৰতিবাদৰ সময়ত নিহত হয় (Two Border Security Force personnel died in Congo)। সীমান্ত সুৰক্ষা বাহিনীৰ এজন মুখপাত্ৰই এই বিষয়ে সদৰি কৰিছে । ইপিনে, আন্তৰ্জাতিক সংবাদ মাধ্যমৰ মতে, দেশখনত ৰাষ্ট্ৰসংঘৰ মিছনৰ বিৰুদ্ধে কংগোৰ পূব চহৰ গোমাত দ্বিতীয় দিনা হোৱা প্ৰদৰ্শনত কমেও পাঁচজন লোক নিহত হয় ৷ তদুপৰি উক্ত ঘটনাত প্ৰায় ৫০গৰাকী লোক আহত হৈছে ।

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটাৰযোগে কয় যে এই আক্ৰমণৰ অপৰাধীসকলক জবাবদিহি কৰিব লাগিব আৰু ন্যায়ৰ সন্মুখীন হ'ব লাগিব(External Affairs Minister S Jaishankar tweet)। কংগোত বিএছএফৰ দুগৰাকী বীৰ, ভাৰতীয় শান্তিৰক্ষীয়ে প্ৰাণ হেৰুওৱাত শোক প্ৰকাশ কৰিছো । তেওঁলোক মনুস্কোৰ অংশ আছিল ।'

উল্লেখ্য় যে দুয়োগৰাকী জোৱানে কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত নিয়োজিত হৈ আছিল । এজন জ্যেষ্ঠ বিষয়াই কয় যে মৃত দুয়োগৰাকী জোৱানেই আছিল হেড কনিষ্টবল পদবীত । নিহত দুয়োগৰাকীৰে ঘৰ ৰাজস্থানত । সীমান্ত সুৰক্ষা বাহিনীৰ(বিএছএফ)এজন মুখপাত্ৰই কয়, '২৬ জুলাইত কংগোৰ বুটেম্বোত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ(মনুস্কো) দুজন বিএছএফ জোৱানে হিংসাত্মক সশস্ত্ৰ প্ৰতিবাদৰ সময়ত নিহত হয় ।'

সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াই সদৰি কৰা মতে, কংগোৰ উক্ত অঞ্চলটোত এই বছৰৰ মে’ মাহত প্ৰায় ৭০-৭৪ বিএছএফ জোৱান মোতায়েন কৰা হৈছে । প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰসংঘৰ সম্পত্তি লুণ্ঠন কৰাৰ লগতে অগ্নিসংযোগ কৰাত গোমাত (বেনিৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দক্ষিণে আৰু এটা ডাঙৰ মনুস্কো ঘাটি) পৰিস্থিতি হিংসাত্মক হৈ পৰে । পাছত কংগোলীয় আৰক্ষী (PNC) আৰু কংগোলীয় সেনাৰ (FARDC) দল উপস্থিত হয় যদিও জনসমাগম নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । বিএছএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সৈন্যই জনতাক ছত্ৰভঙ্গ দিবলৈ চেষ্টা কৰিছিল যদিও ব্য়ৰ্থ হৈছিল ।

লগতে পঢ়ক:5G Spectrum : দেশৰ সৰ্ববৃহৎ 5G স্পেকট্ৰামৰ নিলামৰ দৌৰত আম্বানী-আদানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.