ETV Bharat / bharat

Brother cheated sister giving bounce cheque: বাউঞ্চ চেকেৰে ভগ্নীক ৰামঠগন, শাস্তি 4 মাহৰ জেইল

author img

By

Published : Dec 2, 2022, 3:05 PM IST

Kashipur in Uttarakhand news
বাউঞ্চ চেকেৰে ভগ্নীক ৰামঠগন, শাস্তি 4 মাহৰ জেইল

নিজ ভগ্নীকেই বাউঞ্চ চেকেৰে ৰামঠগন দিলে ভাতৃয়ে (Brother cheated sister giving bounce cheque) ৷ ইয়াৰ পিছতেই প্ৰৱঞ্চক ভাতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল ভগ্নী ৷ আদালতে প্ৰৱঞ্চক ভাতৃক বিহিলে লক্ষাধিক টকাৰ জৰিমনা আৰু কাৰাদণ্ড ৷

নিউজ ডেস্ক, 2 ডিচেম্বৰ : প্ৰৱঞ্চনাৰে ধন সৰকাই অথবা ধাৰলৈ লোৱা ধন ঘূৰাই নিদিয়াৰ বাবে বহু লোক আৰক্ষীৰ ৰোষত পৰা অথবা শাস্তিৰ সন্মুখীন হোৱা আপুনি দেখিছে বা শুনিছে ৷ কিন্তু আজি আপোনাক জনাম এনে ঘটনা, য’ত নিজৰ ভগ্নীক প্ৰৱঞ্চনা কৰি ভগ্নীৰ গোচৰৰ ভিত্তিতেই কাৰাগাৰলৈ যাব লগা হ’ল এজন যুৱক (Brother chaeted his sister by giving bounce cheque sentenced 4months jail) ৷ ভগ্নীক প্ৰৱঞ্চনা কৰাৰ অপৰাধত আৰক্ষীয়ে বিহিলে 4 মাহৰ কাৰাদণ্ড আৰু 6 লাখ টকাৰ জৰিমনা ৷

উত্তৰাখণ্ডৰ কাশিপুৰত সংঘটিত হৈছে এই ঘটনা (Kashipur in Uttarakhand news) ৷ উল্লেখ্য যে কাশিপুৰৰ এজন যুৱকে নিজৰ ভগ্নীৰ পৰা ধাৰলৈ লৈছিল ধন ৷ কিন্তু নিজ ভগ্নীক সমুদায় ধন ওভতাই দিয়াৰ নাটক ৰচি প্ৰৱঞ্চনাৰে প্ৰদান কৰিলে এখন ম্যাদ ওকলা চেক ৷ এই ঘটনাৰ পিছতেই প্ৰৱঞ্চক ভাতৃৰ বিৰুদ্ধে ম্যাদ ওকলা চেক প্ৰদানৰ কৰাৰ বাবে কাশিপুৰ আদালতত ৰুজু কৰিলে গোচৰ (Man sentenced to four months for cheating sister with bounced cheque) ৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে বিহিলে 4 মাহৰ কাৰাদণ্ড ৷

ম্যাদ ওকলা চেক প্ৰদান আৰু প্ৰৱঞ্চনা কৰাৰ অপৰাধত কাশিপুৰ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়াধীশ ৰুচিকা গোৱেলে বলৱন্ত সিং নামৰ যুৱকজনক 4 মাহৰ কাৰাদণ্ডৰ ৰায় দিয়াৰ লগতে বিহিলে 6 লক্ষাধিক টকাৰ জৰিমনা (compensation of more than 6 lakhs)৷ আনহাতে, নিৰ্ধাৰিত সময়ৰ ভিতৰত সেই ধন ওভতাই দিব নোৱাৰিলে অতিৰিক্ত আৰু এমাহ বৃদ্ধি পাব কাৰাবন্দীৰ ম্যাদ ৷

তথ্য অনুসৰি, 2018 চনৰ 7 অক্টোবৰত বলৱন্ত সিঙে কাশিপুৰৰ নিবাসী ভগ্নীৰ পৰা তেওঁৰ পুত্ৰৰ বিবাহলৈ বুলি বিচাৰিছিল 6 লাখ টকা আৰু 2018চনৰ 14 অক্টোবৰত ভগ্নী নিৰ্মলাই স্বামীৰ উপস্থিতিত ভাতৃ বলৱন্ত সিঙক প্ৰদান কৰিলে 6 লাখ টকা ৷

পৰৱৰ্তী পৰ্যায়ত, যেতিয়া ভগ্নীয়ে সেই ধন ঘূৰাই বিচাৰে ৷ কিন্তু বলৱন্ত সিঙে 2019 চনৰ 27 অক্টোবৰত তেওঁৰ ভগ্নী নিৰ্মলাক প্ৰদান কৰে 6 লাখ টকাৰ এলাহাবাদ বেংকৰ এখন ম্যাদ ওকলা চেক ৷ ইয়াৰ পিছতেই প্ৰৱঞ্চক ভাতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপে ভগ্নী ৷ 2019 চনৰ সেই গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই বলৱন্ত সিঙক 6 লক্ষাধিক টকাৰ জৰিমনা বিহাৰ লগতে দিলে 4 মাহৰ কাৰাদণ্ডৰ ৰায়দান ৷

লগতে পঢ়ক : DGP on ragging: সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই; ডিজিপি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.