ETV Bharat / bharat

Brij Bhushans Case Charge Sheet : ব্ৰীজ ভূষণৰ উপস্থিতিৰ প্ৰমাণ আছে; অভিযোগনামাত দিল্লী আৰক্ষীৰ উল্লেখ

author img

By

Published : Jul 12, 2023, 5:01 PM IST

Updated : Jul 12, 2023, 6:29 PM IST

Brij Bhushans Case Charge Sheet
Brij Bhushans Case Charge Sheet

বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত কোৱা হৈছে যে দিল্লী আৰক্ষীৰ ওচৰত ফটো আছে, য'ত তেওঁক অভিযোগকাৰীৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছিল । ইয়াৰ উপৰি কল ডিটেইল ৰেকৰ্ডেও উৎপীড়নৰ স্থানত তেওঁলোকৰ উপস্থিতি প্ৰকাশ কৰিছে ।

নিউজ ডেস্ক, ১২ জুলাই : দিল্লী আৰক্ষীয়ে ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিদায়ী সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগনাম দাখিল কৰিছে । এই অভিযোগনামাখনত কোৱা হৈছে যে দিল্লী আৰক্ষীৰ ওচৰত প্ৰমাণ হিচাপে দুখন আলোকচিত্ৰ আছে, য'ত ব্ৰীজ ভূষণ শৰণ সিঙক এজন অভিযোগকাৰী মল্লযোদ্ধাৰ ফালে আগবাঢ়ি যোৱাটো দেখুওৱা হৈছে । অভিযোগকাৰীয়ে উল্লেখ কৰা স্থান আৰু সাক্ষীৰ দ্বাৰা উল্লেখ কৰা স্থানৰ সৈতে ইয়াৰ মিল আছে ।

অভিযোগনামাত কোৱা হৈছে যে যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা অনুষ্ঠানটোত তেওঁৰ উপস্থিতি নিশ্চিত কৰা কেইবাখনে ফটোগ্ৰাফ উপলব্ধ আছে । এইটো অভিযোগনামাৰ কাৰিকৰী প্ৰমাণৰ এটা অংশ । অভিযোগনামাত কোৱা হৈছে, অভিযোগ অনুসৰি ৰাজধানীৰ অশোক ৰোডৰ ডব্লিউএফআই কাৰ্যালয়, ব্ৰীজ ভূষণ শৰণ সিঙৰ ঘৰ আৰু কমেও দুটা যৌন নিৰ্যাতনৰ ঘটনাৰ দৃশ্যত কোনো দৰ্শনাৰ্থীৰ পঞ্জীয়ন বা চিচিটিভি কেমেৰা নাছিল । অভিযোগনামাখনত এইটোও উল্লেখ কৰা হৈছে যে ডব্লিউএফআই বিষয়াসকলে আৰক্ষীৰ জাননীৰ প্ৰতি সঁহাৰি জনাই ব্ৰীজ ভূষণ আৰু অভিযোগকাৰীৰ বিদেশত (কাজাখস্তান) উপস্থিতি দেখুওৱা চাৰিখন আলোকচিত্ৰ প্ৰদান কৰিছিল ।

অভিযোগনামাত লগতে কোৱা হৈছে যে দুখন আলোকচিত্ৰত তেওঁক অভিযোগকাৰীৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছে । ডব্লিউএফআয়ে প্ৰদান কৰা কুস্তি অনুষ্ঠানৰ আলোকচিত্ৰৰ লগতে সাক্ষীসকলৰ কল ডিটেইল ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি অভিযোগনামাখনে এই সিদ্ধান্তত উপনীত হৈছে যে ব্ৰীজ ভূষণ সিং আলোচিত উৎপীড়নৰ স্থানত উপস্থিত আছিল । ছয়জন ভুক্তভোগীৰ ভিতৰত পাঁচজনৰ দ্বাৰা দাখিল কৰা অভিযোগত এইটো উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে কেইবা মাহ ধৰি চলি থকা বিতৰ্কৰ অন্তত ১৫ জুনত দিল্লী আৰক্ষীয়ে বিজেপি সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেনৰ প্ৰাক্তন মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু মল্লযোদ্ধাসকলক অনুসৰণ কৰাৰ অপৰাধত অভিযোগনামা দাখিল কৰিছিল । অভিযোগনামাখন ধাৰা ৩৫৪ (মহিলাগৰাকীক তেওঁৰ শালীনতা ভংগ কৰাৰ উদ্দেশ্যৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৩৫৪এ (যৌন নিৰ্যাতন ), ৩৫৪ডি (অনুসৰণ) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাৰ অধীনত দাখিল কৰা হৈছিল ।

লগতে পঢ়ক :Rahul Gandhi defamation case : ৰাহুল গান্ধীৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টত সতৰ্কবাণী দাখিল অভিযোগকাৰী পূৰ্ণেশ মোদীৰ

Last Updated :Jul 12, 2023, 6:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.