ETV Bharat / bharat

Cyclone storm in Maharashtra and Gujrat : গুজৰাট-মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চল ঘূৰ্ণীয়ে প্ৰভাৱিত কৰাৰ সম্ভাৱনা

author img

By

Published : Dec 1, 2021, 1:58 PM IST

Cyclone storm in India's western coast
গুজৰাট আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলত ঘূৰ্ণী বতাহৰ সম্ভাৱনা

৪ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পূৱ উপকূলত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে(Cyclonic storm over India's eastern coast) । বুধবাৰৰ পৰা উত্তৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ৷ এই সকলো সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : বৰ্তমান ভাৰতৰ পূৱ-পশ্চিম উপকূলৰ বতৰ বিশেষ ফৰকাল হোৱা পৰিলক্ষিত হোৱা নাই । বুধবাৰৰ পৰা ভাৰতৰ পশ্চিম উপকূল, উত্তৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(Rainfall in India's western coast) । মহাৰাষ্ট্ৰ উপকূলৰ ওচৰত হোৱা নিম্ন চাপৰ বাবে বৰষুণে ঘূৰ্ণীবতাহৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে(Cyclone storm over north Maharashtra) ৷

আনহাতে, দক্ষিণ থাইলেণ্ডৰ উপকূলীয় অঞ্চলৰ নিম্ন চাপৰ প্ৰভাৱৰ বাবে ৪ ডিচেম্বৰত ভাৰতৰ পূব উপকূলত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । নেৰানেপেৰা বৰষুণ আৰু বানে ক্ষতিগ্ৰস্ত কৰা পূৱ উপকূলত বৃষ্টিপাত অধিক হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে জনোৱা তথ্য মতে, বৃষ্টিপাত পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে ৷ ২ ডিচেম্বৰৰ ভিতৰত দক্ষিণ-পূৱ আৰু ইয়াৰ কাষৰীয়া পূৱ-মধ্য বংগোপ সাগৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । পৰৱৰ্তী ২৪ ঘণ্টাত বংগোপ সাগৰৰ গভীৰতাত এই বৃষ্টিপাত ঘূৰ্ণী বতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা অধিক ।

পৰৱৰ্তী সময়ত এই ঘূৰ্ণীবতাহ উত্তৰ-পশ্চিম দিশে আগবাঢ়িব আৰু গতিবেগ অধিক তীব্ৰতৰ হ'ব । ৪ ডিচেম্বৰৰ পুৱা উত্তৰ অন্ধ্ৰপ্ৰদেশ-ওড়িশা উপকূলত পাবগৈ ঘূৰ্ণীবতাহ ।

অন্ধ্ৰ প্ৰদেশৰ উত্তৰ উপকূলীয় অঞ্চলত আৰু ওড়িশাৰ দক্ষিণ উপকূলীয় অঞ্চলত ৩ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ লগতে বহু ঠাইত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, ৪ ডিচেম্বৰত ওড়িশাৰ উপকূলীয় অঞ্চলত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ওড়িশাৰ কেইবাখনো জিলা, পশ্চিমবংগৰ উপকূলীয় জিলা আৰু অন্ধ্ৰ প্ৰদেশৰ উত্তৰ উপকূলীয় অঞ্চলত বৃষ্টিপাতৰ সম্ভাৱনা অধিক ৷ ৫ ডিচেম্বৰত অধিকাংশ স্থানত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পশ্চিমবংগ আৰু কাষৰীয়া উত্তৰ উপকূলীয় ওড়িশাৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা প্ৰকট কৰিছে । উত্তৰ-পূৱৰ ৰাজ্যসমূহতো ৫ আৰু ৬ ডিচেম্বৰত বৰষুণ বৃদ্ধি পাব ৷ ইফালে, ১ ডিচেম্বৰৰ পৰা ৩ ডিচেম্বৰৰ ভিতৰত গুজৰাট, উত্তৰ মহাৰাষ্ট্ৰত বজ্ৰপাত আৰু পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Omicron outbreak: প্ৰভাৱিত দেশলৈ ভাৰতৰ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.