ETV Bharat / bharat

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দিল্লী কাৰ্যসূচী; সীমান্ত সমস্যাই অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:12 AM IST

সীমান্ত সমস্যাই অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা
মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দিল্লী কাৰ্যসূচী

Lalduhoma to meet HM : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া তথা মিজোৰামৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে বুধবাৰে আবেলি ৪.৪০ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছে ৷ মিজোৰামে সন্মুখীন হৈ অহা বিতৰ্কিত সীমান্ত সমস্যাসমূহে তেওঁৰ কাৰ্যসূচীত স্থান পোৱাৰ সম্ভাৱনা আছে ৷

নিউজ ডেস্ক, ৩ জানুৱাৰী : মিজোৰামৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ সৈতে এলানি আলোচনাৰ কাৰ্যসূচী লৈ বুধবাৰে আবেলি ৪.৪০ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া তথা মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ এই কাৰ্যসূচীত মিজোৰামে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিতৰ্কিত সীমান্ত সমস্যাসমূহে স্থান পোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে সংঘৰ্ষগ্ৰস্ত মণিপুৰ, ম্যানমাৰ আৰু অসমৰ সৈতে সীমান্তত আছে মিজোৰাম । আনহাতে, মিজোৰামে এই সীমান্তত এক তীব্ৰ সংকটৰ সন্মুখীন হৈ আহিছে । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই ইটিভি ভাৰতক জনোৱা অনুসৰি, গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ বৈঠক অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই ।

আনহাতে, চুবুৰীয়া মণিপুৰত সংঘটিত জাতিগত সংঘৰ্ষই ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাত বিপদ ঘণ্টা বজাইছে । ইয়াৰ লগতে পুনৰ এবাৰ জাতিগত প্ৰতিদ্বন্দ্বিতাৰ মাৰাত্মক স্মৃতি ঘূৰাই আনিছে । একেদৰে, ২০২১ চনত ম্যানমাৰত সংঘটিত অভ্যুত্থানৰ পিছৰে পৰা মিজোৰাম অবাধ গতিত শৰণাৰ্থী প্ৰৱেশৰ সন্মুখীন হৈছে । বিগত বছৰ মিজোৰামলৈ ম্যানমাৰৰ পৰা শৰণাৰ্থী হিচাপে অহা 30,000 ৰো অধিক শৰণাৰ্থীক ৰাজ্যখনৰ অনিচ্ছা সত্ত্বেও গৃহ মন্ত্ৰালয়ে আশ্ৰয় আৰু অস্থায়ী পৰিচয়-পত্ৰ প্ৰদান কৰিছিল ।

ম্যানমাৰত আৰম্ভ হোৱা নতুন সংঘৰ্ষৰ পিছৰে পৰা গণতন্ত্ৰপন্থী শক্তি, বিদ্ৰোহী (জাতিগতভাৱে বান্ধ খাই থকা) আৰু অন্যান্যসকলক লৈ একেলগে বিদ্ৰোহ আগবঢ়াই নিছে আৰু সামৰিক 'জুণ্টা'ৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাই মিজোৰামৰ বাবে পুনৰ সমস্যাৰ সৃষ্টি কৰিছে ।

ইয়াৰ উপৰি বিগত সপ্তাহত সশস্ত্ৰ গণতন্ত্ৰপন্থী জাতিগত গোটৰ দ্বাৰা তেওঁলোকৰ শিবিৰ দখল কৰাৰ পিছত ম্যানমাৰৰ পৰা মিজোৰামলৈ পলাই অহা ১৫০ জনতকৈও অধিক সেনাক ম্যানমাৰৰ সামৰিক বিমানত ঘৰলৈ উভতাই পঠোৱা হৈছে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেণৰ প্ৰেছ উপদেষ্টাৰ বাসগৃহত পুৱাই ই ডিৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.